মুখ্য নিৰ্বাচন আয়ুক্তক লক্ষ্য কৰি লোৱাটো বিৰোধীৰ হতাশাৰ প্ৰতিফলনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
শেহতীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগ (ECI)ৰ আভ্যন্তৰীণ মতানৈক্যক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতেই এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীৰ অভিযোগক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচন আয়োগৰ দৰে এখন সাংবিধানিক সংস্থাত মুখ্য নিৰ্বাচন আয়ুক্তই কেতিয়াও একতৰফীয়াভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। সমগ্ৰ বিতৰ্কটোক তেওঁ বিৰোধীৰ 'ৰাজনৈতিক অপপ্ৰচাৰ' আৰু 'হতাশা' বুলি অভিহিত কৰিছে।
'বিশেষ সামগ্ৰিক সংশোধনী' (Special Intensive Revision - SIR) প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ ভিতৰচৰাত মতানৈক্যৰ সৃষ্টি হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰৰ প্ৰতিক্ৰিয়া স্বৰূপে বৃহস্পতিবাৰে গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পক্ষত থিয় দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয় যে নিৰ্বাচন আয়োগৰ যিকোনো সিদ্ধান্ত কেৱল সংখ্যাগৰিষ্ঠতা বা সৰ্বসন্মতিৰ ভিত্তিতহে লোৱা হয়। বিৰোধীয়ে কৰা সমালোচনাক তেওঁ কেৱল 'হতাশা' বুলি নাকচ কৰে।
গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যেতিয়া মুখ্য নিৰ্বাচন আয়ুক্ত বা অন্য আয়ুক্তসকল সংখ্যালঘিষ্ঠ অৱস্থাত থাকে, তেতিয়া নিৰ্বাচন আয়োগে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। যিহেতু এইটো এটা সামূহিক সংস্থা, সেয়েহে ইয়াৰ প্ৰতিটো সিদ্ধান্ত সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত লোৱাটো বাধ্যতামূলক। গতিকে, সমগ্ৰ দেশত মুখ্য নিৰ্বাচন আয়ুক্তই একতৰফীয়াভাৱে সিদ্ধান্ত লোৱা বুলি যি বাৰ্তা প্ৰেৰণ কৰা হৈছে, সেয়া সাংবিধানিক গাঁথনিৰ পৰিপন্থী।"
সংবিধানৰ ৩২৪ নং অনুচ্ছেদ আৰু 'মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন, ২০২৩'-ৰ ১৮ নং ধাৰা অনুসৰি, নিৰ্বাচন আয়োগ এটা বহুমুৰীয়া সংস্থা হিচাপে পৰিচালিত হয়। ইয়াত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন আয়ুক্তৰ সমান ভোটাধিকাৰ থাকে।
মুখ্যমন্ত্ৰী শৰ্মাই আঙুলিয়াই দিয়ে যে আইনী দৃষ্টিকোণৰ পৰা, যদি আন দুজন আয়ুক্তই একেলগে কোনো প্ৰস্তাৱৰ বিৰোধিতা কৰে, তেন্তে মুখ্য নিৰ্বাচন আয়ুক্তই তেওঁলোকৰ সিদ্ধান্তক নাকচ কৰিব নোৱাৰে। সেয়েহে, যিকোনো চূড়ান্ত নিৰ্দেশনাত একতৰফীয়া সিদ্ধান্ত গ্ৰহণ কৰাটো অসম্ভৱ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আলোচনাৰ পূৰ্বে প্ৰকাশ কৰা মতামত বা সিদ্ধান্ত বেলেগ কথা হ'ব পাৰে, কিন্তু নিৰ্বাচন আয়োগৰ যিকোনো চূড়ান্ত সিদ্ধান্ত কেৱল সৰ্বসন্মতিক্ৰমে বা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিতহে গ্ৰহণ কৰা হয়। সেয়েহে, মুখ্য নিৰ্বাচন আয়ুক্তক লক্ষ্য কৰি লোৱাটো কেৱল এক ৰাজনৈতিক অপপ্ৰচাৰহে।"
মুখ্য নিৰ্বাচন আয়ুক্তক এগৰাকী স্বেচ্ছাচাৰী শাসক হিচাপে দাঙি ধৰিব বিচৰা কাৰ্যই নিৰ্বাচন আয়োগৰ আইনী ব্যৱস্থাক বিকৃত কৰি উপস্থাপন কৰিছে বুলি তেওঁ যুক্তি দৰ্শায়। তেওঁ দৃঢ়তাৰে কয় যে আয়োগৰ কৰ্তৃত্ব থকা চূড়ান্ত নিৰ্দেশনাসমূহ সমগ্ৰ পেনেলৰ দ্বাৰা অনুমোদিত হ'ব লাগিব। অৰ্থাৎ, মুখ্য নিৰ্বাচন আয়ুক্তই সম্পূৰ্ণ অকলশৰীয়াকৈ কাম কৰা বুলি প্ৰচাৰ কৰা যিকোনো কাহিনীয়েই সাংবিধানিক নিয়মৰ বিৰুদ্ধাচৰণ কৰে।
"মই বিশ্বাস নকৰো যে আন নিৰ্বাচন আয়ুক্তসকলৰ সৈতে আলোচনা নকৰাকৈ মুখ্য নিৰ্বাচন আয়ুক্তই কোনো সিদ্ধান্ত ল'ব পাৰে। গতিকে, তেওঁক লক্ষ্য কৰি লোৱাটোৱে কেৱল বিৰোধী আৰু 'দিমাগী নক্সাল'সকলৰ হতাশাহে প্ৰতিফলিত কৰে," তেওঁ লগতে কয়।
উল্লেখ্য যে, শেহতীয়াকৈ 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ' কাকতত প্ৰকাশিত এক প্ৰতিবেদনৰ পাছতেই মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে গোৱাৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচনী তথ্যৰ প্ৰৱেশাধিকাৰ বিচাৰি দিল্লীলৈ সাত দিনৰ ভিতৰতে আঠবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেয়া ফলপ্ৰসূ হোৱা নাছিল। ইয়াৰ পূৰ্বে আন এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে যোৱা ১০ মাহত 'এছ আই আৰ' (SIR) প্ৰক্ৰিয়াৰ সৈতে জড়িত সিদ্ধান্ত আৰু নিৰ্দেশনাক লৈ কমেও ১৪ বাৰ আপত্তি দৰ্শাইছিল।
ইফালে, ৰাজ্যৰ প্ৰশাসনিক কাম-কাজৰ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইটামান গুৰুত্বপূৰ্ণ স্থানীয় নিৰ্বাচনৰ দিন ঘোষণা কৰে। তেওঁ নিশ্চিত কৰে যে এই নিৰ্বাচনসমূহ দলীয় প্ৰতীক চিহ্ন অবিহনে অনুষ্ঠিত হ'ব। "আমি অহা নৱেম্বৰ মাহত মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল স্বায়ত্শাlসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিম আৰু এই দুয়োটা নিৰ্বাচনেই দলবিহীনভাৱে অনুষ্ঠিত হ'ব," শৰ্মাই সদৰী কৰে।