শুভ দীপাৱলী: পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে দেশ আৰু ৰাজ্যৰ নেতাসকলৰ শুভেচ্ছা বাৰ্তা

Story by  atv | Posted by  [email protected] • 7 h ago
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে দেশ আৰু ৰাজ্যৰ নেতাসকলৰ শুভেচ্ছা বাৰ্তা
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে দেশ আৰু ৰাজ্যৰ নেতাসকলৰ শুভেচ্ছা বাৰ্তা
 
নতুন দিল্লী
 
দেওবাৰে সমগ্ৰ দেশবাসীয়ে পোহৰৰ উৎসৱ দীপাৱলী অতি উলহ-মালহেৰে পালন কৰিছে। এই পবিত্ৰ ক্ষণত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্যৰ নেতাসকলেও ৰাইজক শুভেচ্ছা জনাইছে:
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু: দেওবাৰে পুৱা সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয়, "দীপাৱলীৰ এই শুভ ক্ষণত দেশ আৰু বিদেশত থকা সকলো ভাৰতীয়লৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী: প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনায় আৰু সকলোৰে সুখ-সমৃদ্ধি কামনা কৰে। সামাজিক মাধ্যমত তেওঁ লিখে, "সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল! সমগ্ৰ দেশত থকা মোৰ পৰিয়ালৰ সদস্যসকলক দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ।"
ইয়াৰ আগতে শনিবাৰেও তেওঁ এক্সত এটা পোষ্টযোগে দেশবাসীৰ সুখ আৰু শান্তি কামনা কৰিছিল। সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ নিজৰ পৰম্পৰা অব্যাহত ৰাখিব বুলি উল্লেখ কৰি তেওঁ লিখিছিল, "আপোনালোকৰ এই দীপাৱলী অতি সুন্দৰ হওক!"
 
এটা ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয়, "নমস্কাৰ। পবিত্ৰ দীপাৱলীৰ এই সময়ত সমগ্ৰ দেশ পোহৰৰে আলোকিত হৈ পৰিছে। পোহৰৰ এই উৎসৱে আন্ধাৰৰ বিৰুদ্ধে আমাৰ সংকল্পক বুজায়। এই উৎসৱ আৰু আপোনালোকৰ ভৱিষ্যত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।" জোৱানসকলৰ সৈতে দীপাৱলী পালন কৰা সন্দৰ্ভত তেওঁ কয় যে প্ৰতি বছৰে দেশৰ সাহসী জোৱানসকলৰ লগত অতি উৎসাহেৰে এই উৎসৱ উদযাপন কৰাটো তেওঁৰ বাবে এক নিয়ম হৈ পৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাজ্য আৰু দেশবাসীক শুভেচ্ছা জনাই সামাজিক মাধ্যমত লিখে, "পোহৰৰ উৎসৱ দীপাৱলীৰ পোহৰে প্ৰতিগৰাকী মানুহৰ জীৱনলৈ নতুন আশা, আনন্দ আৰু সম্ভাৱনাৰ বতৰা কঢ়িয়াই আনক। পোহৰেৰে উজলি উঠক প্ৰতিটো ঘৰ, মৰম আৰু সম্প্ৰীতিৰে উপচি পৰক প্ৰতিখন হৃদয়। সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক - দীপাৱলীৰ আন্তৰিক শুভকামনা জনালোঁ।"
মন্ত্ৰী বিমল বড়া: তেওঁ সামাজিক মাধ্যমত লিখে, "পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। দীপাৱলীৰ পোহৰে সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আশা কঢ়িয়াই আনক। পোহৰৰ এই উৎসৱে সমাজৰ পৰা অজ্ঞানতা আৰু নেতিবাচক চিন্তাৰ অন্ধকাৰ আঁতৰাই সকলোৰে মনত প্ৰেম, মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় কৰক। সকলোৰে জীৱন পোহৰাই তোলক।"
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ: তেওঁ নিজৰ পোষ্টত লিখে, "শুভ দীপাৱলী। পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰীশ্ৰী কালী পূজাৰ পবিত্ৰ ক্ষণত অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দীপাৱলীৰ পোহৰে সকলোৰে জীৱনৰ দুখ, নিৰাশা আৰু আন্ধাৰ আঁতৰাই সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আশা কঢ়িয়াই আনক। প্ৰতিখন ঘৰ প্ৰেম, মিলাপ্ৰীতি আৰু আনন্দৰ পোহৰেৰে জিলিকি উঠক। আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ, অসত্যৰ বিৰুদ্ধে সত্যৰ আৰু হতাশাৰ বিৰুদ্ধে আশাৰ জয় হওক। মা কালীৰ চৰণত সেৱা জনাই অসমবাসীৰ কুশল কামনা কৰিছোঁ। মা কালীৰ আশীৰ্বাদে সকলোৰে জীৱনৰ দুখ-কষ্ট, নিৰাশা আৰু অশুভ শক্তিবোৰ নাইকিয়া কৰি সকলোৰে মংগল কৰক!"