ছোনম ৱাংচুককে ধৰি ২০ জন সংগ্ৰামীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

Story by  atv | Posted by  [email protected] • 28 m ago
ছোনম ৱাংচুক
ছোনম ৱাংচুক
 
নতুন দিল্লী
 
প্ৰকৃতি আৰু মানৱ অধিকাৰৰ হকে অহৰহ সংগ্ৰাম কৰি অহা বিশিষ্ট জলবায়ু কৰ্মী ছোনম ৱাংচুকৰ নেতৃত্বত আজি বৃহস্পতিবাৰে সমগ্ৰ লাডাখত লেহ এপেক্স বডীৰ উদ্যোগত 'শ্বহীদ দিৱস' অতি শ্ৰদ্ধাৰে পালন কৰা হৈছে। ইয়াৰ পূৰ্বদিনা, অৰ্থাৎ বুধবাৰে লেহ চহৰত প্ৰায় কুৰি কিলোমিটাৰ জোৰা এক বিশাল আৰু শান্তিপূৰ্ণ পদযাত্ৰা উলিওৱা হয়, য'ত ৱাংচুকে নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এই কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে। ইয়াৰ সমান্তৰালভাৱে কাশ্মীৰতো অনুৰূপ এক পদযাত্ৰা বাহিৰ কৰা হয় আৰু দুয়োখন ঠাইতে দিনটো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অতিবাহিত হয়। আজি লেহকে ধৰি লাডাখৰ প্ৰতিটো প্ৰান্ততে শ্বহীদ দিৱসৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
 
লাডাখবাসীৰ বাবে এক অত্যন্ত ইতিবাচক আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনি লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বিনয় কুমাৰ ছাক্সেনাই বুধবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, যোৱা বছৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দাবী কৰি লেহ চহৰ উত্তাল হৈ পৰাৰ সময়ত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল, য'ত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছিল। সেই উত্তপ্ত পৰিস্থিতিৰ মাজতে অনশনত বহা ছোনম ৱাংচুককে ধৰি মুঠ ২০ জন ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। এতিয়া লেফটেনেণ্ট গভৰ্ণৰগৰাকীয়ে সেই সকলোবোৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
 
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিশেষ পোষ্টৰ জৰিয়তে লেফটেনেণ্ট গভৰ্ণৰ ছাক্সেনাই স্পষ্ট কৰে যে লাডাখৰ স্থায়ী শান্তি, জননিৰাপত্তা আৰু সামাজিক সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থতেই এই সিদ্ধান্ত লোৱা হৈছে। যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত লেহত সংঘটিত হোৱা সেই দুৰ্ভাগ্যজনক হিংসাত্মক ঘটনাৰ সৈতে জড়িত উক্ত ২০ জন ব্যক্তিৰ ওপৰত থকা সকলো অপৰাধমূলক গোচৰ প্ৰত্যাহাৰৰ বাবে অনুমোদন জনোৱা হৈছে। তেওঁ লগতে সদৰী কৰে যে এক সুদীৰ্ঘ আৰু বিতং পৰ্যালোচনাৰ অন্তত লাডাখ আৰক্ষীয়ে 'ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা'ৰ ৩৬০ ধাৰাৰ অধীনত লেহ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১৪৪/২০০৫ নম্বৰৰ এফআইআৰৰ ভিত্তিত এই ব্যক্তিকেইজনৰ বিৰুদ্ধে এখন 'ক্লজাৰ ৰিপৰ্ট' দাখিল কৰাৰ পৰামৰ্শ দিছিল।
 
ছাক্সেনাই আশা প্ৰকাশ কৰে যে, এই সিদ্ধান্তৰ ফলত উক্ত ২০ জন ব্যক্তিয়ে নিজৰ জীৱন আৰু কৰ্মক্ষেত্ৰত কোনো বাধা নোহোৱাকৈ এক ইতিবাচক দিশত আগবাঢ়ি যাব পাৰিব। দীঘলীয়া আৰু ক্লান্তিকৰ আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তে ন্যায় প্ৰদান আৰু সামাজিক আৰোগ্যক অগ্ৰাধিকাৰ দিয়া এই পদক্ষেপৰ মূল লক্ষ্য হৈছে লাডাখত এখন শান্তিপূৰ্ণ, ঐক্যবদ্ধ আৰু সম্প্ৰীতিৰে ভৰা সমাজ গঢ়ি তোলা।
 
উল্লেখযোগ্য যে, লাডাখবাসীৰ পূৰ্ণাংগ ৰাজ্যৰ দাবী এক দীৰ্ঘদিনীয়া বিষয়। ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পাছত জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ ৰূপান্তৰ কৰাৰ লগতে লেহ আৰু লাডাখক তাৰ পৰা পৃথক কৰা হৈছিল। ইয়াৰ জৰিয়তে লাডাখবাসীৰ দাবী আংশিকভাৱে পূৰণ হৈছিল যদিও, পৰৱৰ্তী সময়ত সুকীয়া ৰাজ্যৰ মৰ্যাদা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুৰক্ষা কৱচ বিচাৰি লাডাখত পুনৰ এক শক্তিশালী আন্দোলনৰ সূত্ৰপাত ঘটে।
 
এই সংগ্ৰামৰ অন্যতম পুৰোধা ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰে ছোনম ৱাংচুকে। এই আন্দোলনৰ সময়ছোৱাতে তেওঁক গ্ৰেপ্তাৰ কৰি লাডাখৰ বাহিৰলৈ স্থানান্তৰিত কৰা হৈছিল যদিও মুক্তি লাভ কৰাৰ পাছত মুকলি আকাশৰ তললৈ আহি তেওঁ পুনৰ নিজৰ জন্মভূমিলৈ উভতি আহে আৰু সংগ্ৰামৰ গুৰি ধৰে।
 
উল্লেখযোগ্য যে, যোৱা কেইবামাহ ধৰি লাডাখৰ পৰিস্থিতি শান্তিপূৰ্ণ আৰু স্বাভাৱিক হৈ আছিল। কিন্তু, লেহ এপেক্স বডীৰ অধ্যক্ষ চেৰিং দৰ্জে লাক্ৰুকে বৃহস্পতিবাৰে 'শ্বহীদ দিৱস' পালন কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই প্ৰশাসন সষ্টম হৈ পৰিছে। কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ লাডাখত বৰ্তমান নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।