যমুনা এক্সপ্ৰেছৱে’ত ভয়ংকৰ অগ্নিকাণ্ড: চলন্ত শ্লীপাৰ বাছত জীৱন্তে দগ্ধ ৯ জন যাত্ৰী
নতুন দিল্লী
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত সংঘটিত হৈছে এক অতিশয় শোকাৱহ তথা হৃদয় বিদাৰক দুৰ্ঘটনা। যমুনা এক্সপ্ৰেছৱে’ৰে গৈ থকা এখন চলন্ত শ্লীপাৰ বাছত হঠাতে জুই লগাৰ ফলত শুই থকা অৱস্থাতে ৯ জন যাত্ৰীৰ কৰুণ মৃত্যু ঘটে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। এই ভয়ংকৰ অগ্নিকাণ্ডত আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নয়দাৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ নিলগৰ জেৱাৰ কাৰ্গো বিমানবন্দৰৰ সমীপত যমুনা এক্সপ্ৰেছৱে’ত বাছখন চলি থকা অৱস্থাতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ জনতকৈও অধিক যাত্ৰী আছিল আৰু নিশা হোৱা হেতুকে প্ৰায়ভাগ যাত্ৰীয়েই গভীৰ নিদ্ৰাত মগ্ন আছিল। জুই আৰু ধোঁৱাই বাছখন আৱৰি ধৰাৰ লগে লগে যাত্ৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। প্ৰাণ বচাবলৈ হাহাকাৰ লগা যাত্ৰীসকলৰ বহুতেই উপায়ন্তৰ হৈ বাছৰ খিৰিকীৰ আইনা ভাঙি বাহিৰলৈ জপিয়াই পলায়নৰ চেষ্টা কৰে।
কিন্তু দুৰ্ভাগ্যৱশত সকলো যাত্ৰীয়ে এই জুইৰ বিভীষিকাৰ পৰা সাৰিব নোৱাৰিলে। বিষয়াসকলে জানিবলৈ দিয়া মতে, জুইৰ তীব্ৰতা ইমানেই বেছি আছিল যে এগৰাকী মহিলাকে ধৰি ৯ জন যাত্ৰী বাছখনৰ ভিতৰতে আবদ্ধ হৈ পৰে আৰু জুইৰ শিখাত জীৱন্তে দগ্ধ হৈ মৃত্যুক সাৱটি লয়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনীৰ এটা সুসজ্জিত দল আৰু জেৱাৰ থানাৰ আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰি বাছখনৰ খিৰিকী ভাঙি আৱদ্ধ হৈ থকা কেইবাজনো যাত্ৰীক সুৰক্ষিতভাৱে উলিয়াই আনি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
মুখ্য অগ্নিনিৰ্বাপক বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, বৰ্তমান জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হৈছে। অৱশ্যে, মৃতকৰ সংখ্যা এতিয়াও চূড়ান্তভাৱে নিশ্চিত হোৱা নাই আৰু প্ৰশাসনৰ তৰফৰ পৰা অধিক তথ্য সংগ্ৰহৰ কাম চলি আছে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে বৰ্তমান ঘটনাস্থলীত উপস্থিত থাকি সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।
এই মৰ্মান্তিক ঘটনাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ সমগ্ৰ ঘটনাটোৰ বুজ লোৱাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰো তেওঁ আশ্বাস প্ৰদান কৰিছে। ইয়াৰ উপৰিও, দুৰ্ঘটনাটোত আহত হোৱা যাত্ৰীসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি তেওঁলোকৰ বাবে উন্নত তথা উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক কঠোৰ নিৰ্দেশ দিছে।
এই ভয়ংকৰ নিশাৰ স্মৃতি সুঁৱৰি কথমপি প্ৰাণ ৰক্ষা পৰা এজন যাত্ৰীয়ে এক শিহৰণকাৰী বৰ্ণনা দি কয়, "মই গভীৰ টোপনিত আছিলো। হঠাৎ কোনোবাই মোক জগাই চিঞৰি ক'লে যে বাছখনত জুই লাগিছে। লগে লগে আমি সকলোৱে প্ৰাণ বচাবলৈ লৰালৰিকৈ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সেয়া একেবাৰেই সহজ নাছিল; গোটেই বাছখন ক'লা ধোঁৱাৰে ভৰি পৰিছিল। বাছখন যাত্ৰীৰে ঠাহ খাই আছিল। এক চৰম আতংকময় পৰিৱেশৰ মাজত আমি কেনেবাকৈ নামি আহি প্ৰাণ বচাবলৈ সক্ষম হ'লোঁ।"