গুৱাহাটী
নগাঁও জিলাৰ পুৰণিগুদামত এক অতি ভয়ংকৰ আৰু মৰ্মান্তিক পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। পুৰণিগুদামৰ কেঞাপট্টিত সংঘটিত এই দুৰ্ঘটনাত এখন যাত্ৰীবাহী বাহনত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ফলত দুজন লোকে গাড়ীৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়। আনহাতে, এই ভয়াবহ ঘটনাত আন তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। যাত্ৰাপথত পুৰণিগুদামৰ কেঞাপট্টি পোৱাৰ লগে লগে দ্ৰুতবেগী বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পথৰ মাজত থকা এটা ষ্ট্ৰীট লাইটৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাৰ মাত্ৰা ইমানেই ভয়ংকৰ আছিল যে খুঁটাত খুন্দা মৰাৰ মুহূৰ্ততে বাহনখনত জুই লাগে আৰু নিমিষতে সমগ্ৰ গাড়ীখন দপদপকৈ জ্বলি উঠে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AR 01 W 5107।
জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত এটি শিশুসহ মুঠ পাঁচজন লোক আছিল। জুইৰ লেলিহান শিখাই দ্ৰুতগতিত সমগ্ৰ বাহনখন আৱৰি ধৰাৰ ফলত ভিতৰতে আৱদ্ধ হৈ দুজন যাত্ৰীৰ অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয়। স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত বাকী তিনিজন যাত্ৰীক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি লগে লগে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়খনত তেওঁলোকৰ জৰুৰীকালীন চিকিৎসা চলি আছে।
প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা আটাইকেইজন লোক মূলতঃ বিহাৰৰ বাসিন্দা। আহত লোকসকলৰ ভিতৰত দুজনৰ নাম বিকাশ কুমাৰ আৰু চনু কুমাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ গৰাকী হৈছে বিহাৰৰ বিকাশ কুমাৰ আৰু দুৰ্ঘটনাৰ সময়ত গাড়ীখন চলাই আছিল চনু কুমাৰে। এটি নিৰীহ শিশুসহ বিহাৰৰ পৰা অহা এই যাত্ৰীসকলৰ সৈতে সংঘটিত হোৱা এনে মৰ্মান্তিক দুৰ্ঘটনাই এতিয়া সকলোৰে মনত গভীৰ আঘাট হানিছে।