শ্ৰীনগৰ
কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বুধবাৰে কৰ্তৃপক্ষই পহলগাম আৰু বাল্টাল দুয়োটা পথতে অমৰনাথ যাত্ৰা বন্ধ কৰি দিয়ে। বেয়া বতৰৰ বাবে বৃহস্পতিবাৰেও জম্মুৰ পৰা এই যাত্ৰা স্থগিত কৰি ৰখা হ’ব।
জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসংযোগ বিভাগে এক্সত এক পোষ্ট কৰি কয় যে, শ্ৰী অমৰনাথজী যাত্ৰাক পহলগাম আৰু বাল্টাল দুয়োটা বেছ কেম্পৰ পৰা ৩০.০৭.২০২৫ তাৰিখৰ বাবে নিলম্বিত কৰা হৈছে।
পোষ্টটোত লগতে উল্লেখ কৰা হৈছে যে, কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে বুধবাৰে পুৱাৰে পৰা ধাৰাসাৰ বৰষুণৰ বাবে বাল্টাল আৰু নুনৱান/চন্দনৱৰী বেছ কেম্পৰ পৰা ট্ৰেকত যাত্ৰাৰ অনুমতি দিয়া হোৱা নাই বুলি জানিবলৈ দিয়ে।
বিভাগটোৱে কয়, "যাত্ৰা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বেচ কেম্পৰ পৰা যাত্ৰা কৰিবলগীয়া তীৰ্থযাত্ৰীৰ গতিবিধিৰ ওপৰত প্ৰভাৱ পৰিছে। সেয়েহে ২০২৫ চনৰ ৩১ জুলাইত ভাগৱতী নগৰ জম্মুৰ পৰা বেছ কেম্প বাল্টল আৰু নুনৱানৰ ফালে কোনো ধৰণৰ কনভয়ৰ চলাচলৰ অনুমতি দিয়া নহ'ব বুলি সিদ্ধান্ত লোৱা হৈছে।"
জম্মুৰ সংমণ্ডল আয়ুক্ত ৰমেশ কুমাৰে কয় যে, "যাত্ৰা পথসমূহৰ বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰচুৰ সতৰ্কতা হিচাপে, চলি থকা অমৰনাথ যাত্ৰাৰ কনভয় ৩১ জুলাইত জম্মুৰ ভাগৱতী নগৰৰ পৰা স্থানান্তৰিত কৰা নহ'ব।"