গুৱাহাটী
অসম লোকসেৱা আয়োগৰ বিতর্কিত ২০১৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ সমগ্র বাছনি প্রক্রিয়াটোকে বাতিলৰ পৰামৰ্শ দিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন তদন্ত আয়োগে। লগতে ২০১৪ বৰ্ষৰ পৰীক্ষাৰ বেলিকা অধিক তদন্ত হ'ব লাগে বুলি মত পোষণ কৰা হৈছে।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ অধীনত প্রার্থী বাছনিৰ নামত সংঘটিত ব্যাপক দুর্নীতি-কেলেংকাৰী তদন্তৰ বাবে গঠিত তদন্ত আয়োগৰ প্রতিবেদন প্রায় তিনি বছৰৰ মূৰত সোমবাৰে বিধানসভাত দাখিল কৰা হয়। উক্ত প্রতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে ২০১৪ বর্ষত বাছনি হৈ নিযুক্তি পোৱা ২১ গৰাকী প্রার্থীক চাকৰিৰ পৰা নিলম্বিত কৰিলেও গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াত স্থগিতাদেশ জাৰি কৰাতে ক্ষান্ত নাথাকি তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল নকৰাক লৈ চৰকাৰক জবাবদিহি কৰিছিল।
সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এই প্রতিবেদনখন বিধানসভাত দাখিল কৰিবলৈ বাধ্য হয়। মন কৰিবলগীয়া যে, ২০১৩ বর্ষত নির্বাচিত একাংশ প্রার্থীক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বিপৰীতে ২০১৪ বর্ষত বাছনিকৃত ২১ গৰাকী প্ৰাৰ্থীক নিলম্বন কৰিছিল।
তদন্ত আয়োগৰ প্রতিবেদন মতে ২০ ২০১৪ বৰ্ষৰ মূল পৰীক্ষাৰ তদন্ত কালত আৰক্ষীয়ে জব্দ কৰা ১০৮০ খন উত্তৰবহীৰ ভিতৰত ৮৮ খনেই ভুৱা আছিল আৰু সেই ভুৱা উত্তৰবহীৰ সহায়তেই ২২ গৰাকী প্রার্থী বাছনি হৈ নিযুক্তি লাভ কৰিছিল। তেওঁলোক হৈছে ভার্গৱ ফুকন, ধ্রুৱজ্যোতি চৌধুৰী, গণেশ চন্দ্র দাস, মনজুৰ ইলাহি লস্কৰ, মুন মজুমদাৰ, মোস্তাফা আহমেদ বৰভূঞা, নিপন কুমাৰ পাঠক, পল্লবী শর্মা, ঋতুৰাজ নেওগ, বিকাশ কুমাৰ সিং, বর্ণালী দাস, দীপশিখা ফুকন, গুলচন দাউলাগুপু, লীনা কৃষ্ণা কাকতি, মণিকা টেৰণপি, প্রাণজিৎ কুমাৰ ঘোষ, ছইবুৰ ৰহমান বৰভূঞা, শ্রাৱন্তী সেনগুপ্তা, সুৰঞ্জিতা হাজৰিকা, সুশোভন দাস, উৎপল ভূঞা, ৱাহিদা বেগম।
উল্লেখ্য যে, উত্তৰবহী মজুত ৰখা দুখলপীয়া ষ্ট্ৰংৰুমৰ এপাট চাবি অধ্যক্ষৰ হাতত আৰু এপাট প্রধান পৰীক্ষা নিয়ন্ত্ৰকৰ হাতত ৰখাটো বাধ্যতামূলক হোৱাৰ সময়ত আয়োগৰ অধ্যক্ষ ৰাকেশ পাল আৰু পৰীক্ষা নিয়ন্ত্রক এ এন বি সিনহাৰ সহযোগতেই ষ্ট্ৰংৰুমত ভুৱা উত্তৰবহী মজুত হৈছিল বুলি তদন্ত আয়োগে প্রকাশ কৰিছে।
আয়োগৰ প্রতিবেদনমতে ষ্ট্ৰংৰুমৰ গৰাকী হিচাপে দুয়োগৰাকী বিশেষকৈ অধ্যক্ষকৰ সক্রিয় সহযোগ অবিহনে ভুৱা উত্তৰবহী জমা হোৱা সম্ভৱ নহয়। আনহাতে ২০১৩ বৰ্ষৰ বাছনি প্রক্রিয়া সন্দৰ্ভত তদন্ত আয়োগৰ প্ৰতিবেদনত এইবুলি উল্লেখ আছে যে, অধ্যক্ষ ৰাকেশ পালে নির্দিষ্ট কেতবোৰ প্ৰাৰ্থীৰ উত্তৰবহী নিজৰ জিম্মালৈ নি কেইদিনমান পিচতহে সেয়া ষ্ট্ৰংৰুমলৈ ওভতাই দিছিল। প্রার্থীসকলৰ উত্তৰবহী, মার্কশ্বিট, ফাইনেল টেবুলেচন শ্বিট সকলোতে জালিয়াতি কৰা হৈছিল।
প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে, এ পি এছ চিৰ দৰে এক সাংবিধানিক সংস্থাক অধ্যক্ষ ৰাকেশ পালে চাকৰি কিনা-বেচা ব্যক্তিগত সম্পত্তিত পৰিণত কৰিছিল। ইতিমথ্যে ২০১৩ বর্ষত বাছনিকৃত হৈ নিযুক্তি পোৱাসকলৰ মাজৰ ৩৯ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে যদিও একেটা বর্ষতে নির্বাচিত অন্যান্য প্রার্থীসকলৰ ক্ষেত্ৰতো একেই কেলেংকাৰী, একেই জালিয়াতি তথা অবৈধ লেনদেনৰ সন্দেহ প্রকাশ কৰিছে প্রতিবেদনত।
আনকি সেই বৰ্ষৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত পৰীক্ষাত একাংশ প্রার্থীয়ে ঘৰত বহি পৰীক্ষা দিছিল। কাজেই সেইবৰ্ষৰ গোটেই বাছনি প্রক্রিয়াটোকে বাতিল কৰাৰ কথা বিবেচনা কৰিবলৈ তদন্ত আয়োগে পৰামর্শ আগবঢ়াইছে। আয়োগৰ দুয়োটা বৰ্ষৰ বাছনি প্রক্রিয়াত হোৱা চূড়ান্ত জালিয়াতি আৰু অনৈতিক লেনদেন সন্দর্ভত প্রতিবেদনত এই বুলি মতামত দিয়া হৈছে যে, জালিয়াতিৰে নির্বাচিত হোৱা প্রার্থীসকলেই যদি ৰাজ্য প্রশাসনৰ লেকাম ধৰিবলগীয়া হয়, তেন্তে সেই প্রশাসন কেনে হ'ব সেয়া সহজে অনুমেয়।
এটা সাংবিধানিক সংস্থাক ধনৰ লেনদেন তথা অন্যান্য প্রভাৱযুক্ত নিযুক্তি প্রদানৰ ব্যক্তিগত এজেন্সিত পৰিণত হ'বলৈ দিয়াটো অতিকৈ গৰিহণাযোগ্য। কাজেই ২০১৪ বৰ্ষৰ বাছনি প্রক্রিয়াত হোৱা অনিয়ম আৰু অবৈধ লেনদেনৰ বেলিকাও অধিক তদন্তৰ ব্যৱস্থা কৰাৰ পোষকতা কৰা হৈছে তদন্ত আয়োগৰ প্রতিবেদনত। ২০১৫ বর্ষত কৃষি উন্নয়ন বিষয়া বাছনি প্রক্রিয়াতো লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ ছত্ৰছায়াত একেই কেলেংকাৰী সংঘটিত হোৱাৰ কথা প্রতিবেদনত উল্লেখ আছে।