গুৱাহাটী
ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক। ঘটনাস্থলী এৰি ঘাতক স্বামী পলায়ন কৰে।
মূৰৰাৰ ভাড়াঘৰৰ মজিয়াত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ৰঙিয়াৰ কেন্দুকোনা ষ্টেচনত ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত ঘাতক স্বামী ৰাহুল কুমাৰ সিং। ঘাতক স্বামী ৰাহুল সিঙৰ বিহাৰত।
জানিব পৰা অনুসৰি বুধবাৰে মাজনিশা ৰাহুল কুমাৰ সিং আৰু পত্নী অঞ্জলি সিঙৰ মাজত হৈছিল কাজিয়া। আৰু এই কাজিয়াখনে চৰম পৰ্যায় অতিক্ৰম অঞ্জলিক নৃশংসভাৱে হত্যা কৰে স্বামীয়ে।
২ বছৰীয়া আৰু ৫ বছৰীয়া পুত্ৰৰ সন্মুখতে পত্নীক হানি খুচি হত্যা কৰে ৰাহুলে। ঘটনাটো দেখি দুই সন্তানে আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰে। দুই শিশুৰ চিঞৰ শুনি ঘৰৰ গৰাকী আগবাঢ়ি অহাত এটা সন্তান লৈ পলায়নৰ চেষ্টা চলাই হত্যাকাৰী স্বামীয়ে।
কিন্তু অট্টালিকাটোৰ সন্মুখৰ গেটত তলা লাগি থকাৰ বাবে প্ৰথমে পলোৱাত বাধা পায় ঘাতক ৰাহুলে। পৰৱৰ্তী সময়ত গেটত সন্তানটোক এৰি থৈ গেটৰ ওপৰেৰে পলায়ন কৰে ৰাহুলে।
এই হত্যাকাণ্ডটো কিহৰ বাবে হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। লগতে হত্যাকাৰী ৰাহুল সিঙৰ সন্ধানত নামি পৰিছে আৰক্ষী।