গুৱাহাটী
অহা ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। ২১ আগষ্টলৈকে চলিব এই অধিৱেশন। এই তথ্য বুধবাৰে প্ৰদান কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। পূৰ্বে ১২ আগষ্টত অধিৱেশন সমাপ্ত হ’বলগীয়া আছিল যদিও এতিয়া এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে। পহলগাম আক্ৰমণৰ পিছত চলি থকা এই সংসদ অধিৱেশন অতি উত্তাল হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে সামাজিক মাধ্যমত যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন আহ্বান কৰিবলৈ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু স্বাধীনতা দিৱস উদযাপনৰ কথা মনত ৰাখি ১৩ আৰু ১৪ আগষ্টত কোনো বৈঠক অনুষ্ঠিত নহয়।
তিনিমাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োটা সংসদ সদনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা । ইয়াৰ পূৰ্বে ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে এই তাৰিখৰ পৰামৰ্শ দিছিল । তেওঁ কয় যে ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শত অনুমোদন জনাইছে । এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিধেয়ক আৰু বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে।
অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হোৱাৰ সম্ভাৱনা আছে । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাভিযোগ দাখিলৰ প্ৰস্তাৱ অনাৰ প্ৰস্তুতি চলোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত বিৰোধী দলসমূহৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া হৈছে।