মানুহ-হাতীৰ সংঘাতৰ ঘাটিত প্ৰশমন ব্যৱস্থা বৃদ্ধিৰ উদ্যোগ আৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 11 Months ago
মানুহ-হাতীৰ সংঘাতৰ ঘাটিত প্ৰশমন ব্যৱস্থা বৃদ্ধিৰ উদ্যোগ আৰণ্যকৰ
মানুহ-হাতীৰ সংঘাতৰ ঘাটিত প্ৰশমন ব্যৱস্থা বৃদ্ধিৰ উদ্যোগ আৰণ্যকৰ
 
গুৱাহাটী
 
স্থানীয় লোকক জড়িত কৰি মানুহ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে প্ৰশমনৰ ব্যৱস্থাসমূহ বৃদ্ধি কৰাৰ উপায় অন্বেষণৰ অৰ্থে গোৱালপাৰা জিলাৰ হাটোগাওঁ গাৱঁত মানুহ আৰু হাতীৰ সংঘাত বিষয়ক এক সজগতা কাৰ্যসূচী অনুষ্ঠিত কৰে।
 
 
১৮ মে’ত ধামৰ পঞ্চায়ত সমূহীয়া সভাঘৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মানুহ-হাতীৰ সংঘাতৰ ঘাটি বুলি চিনাক্ত কৰা অসম-মেঘালয় সীমাৰ গাতে লাগি থকা চাৰিখন গাওঁ ক্ৰমে হাতোগাঁও প্ৰথম খণ্ড, হাতোগাওঁ দ্বিতীয় খণ্ড, মেধিপাৰা প্ৰথম খণ্ড আৰু মেধিপাৰা দ্বিতীয় খণ্ডৰ ৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে আৰু বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে।
 
বিভিন্ন অঞ্চলৰ গাঁওবুঢ়া, গাওঁৰক্ষী বহিনী (ভিডিপি)ৰ সম্পাদক আৰু সদস্য, গাঁৱৰ সমাজকৰ্মী আৰু অন্য গাঁওবাসীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড° বিভুতি প্ৰসাদ লহকৰে অঞ্চলটোত মানুহ-হাতীৰ সংঘাতৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত তথ্য আহৰণৰ বাবে অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু হাতীৰ বাসস্থান, গতিবিধি, আচৰণ আৰু খাদ্যৰ বিষয়ে বক্তব্য ৰাখে ।
 
আৰণ্যকৰ জ্যেষ্ঠ বিষয়া অঞ্জন বৰুৱাই অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু স্থানীয় লোকৰ অংশগ্ৰহণৰ জৰিয়তে মানুহ-হাতী সহাৱস্থানত সহায় কৰা উপায়সমূহৰ বিষয়ে উপস্থাপন কৰে ।
মেধিপাৰা প্ৰথম খণ্ড গাঁৱৰ সমাজকৰ্মী গৌৰ চন্দ্ৰ বৰ্মনে অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতি আৰু এই সমগ্ৰ অঞ্চলটোৰ মানুহ-হাতীৰ সংঘাতৰ বিষয়ে বৰ্ণনা কৰে । লগতে তেওঁ হাতীৰ বাবে বনাঞ্চলত ৰবৰ বাগিচা উচ্ছেদ কৰাৰো পৰামৰ্শ আগবঢ়ায়।
 
মেধিপাৰা প্ৰথম খণ্ডৰ হৰমোহন নাথে মানুহ-হাতীৰ সংঘাতৰ ভুক্তভোগী সকলে বন বিভাগৰ পৰা ক্ষতিপূৰণ আৰু নষ্ট হোৱা শস্য আৰু সম্পত্তিৰ বিপৰীতে সাহাৰ্য লাভ নকৰা বিষয়টো উথাপন কৰে । আৰাণ্যকৰ ৰিপুঞ্জয় নাথ আৰু সুভাষ ৰাভায়ো অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে ।
সভাৰ শেষত চাৰিখন গাঁৱৰ মুৰব্বী আৰু গাওঁৰক্ষী বহিনীৰ সদস্যসকলক ২০টা ৰিচাৰ্জ কৰিব পৰা টৰ্চ লাইট বিতৰণ কৰা হয়।
 
আৰণ্যকে গঠন কৰা হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্য সঞ্জয় বৰ্মনে সজাগতা কাৰ্যসূচীৰ আঁত ধৰে।
 
হাতী-মানুহৰ সংঘাত প্ৰশমনৰ বাবে টৰ্চলাইট বিতৰণঃ মানৱ-হাতী সংঘাতৰ অধিক ঘটনা ঘটা অসমৰ অন্যতম জিলা উদালগুৰি জিলাত সহাৱস্থানক উদগনি যোগোৱাৰ প্ৰয়াস হিচাপে আৰণ্যকে জিলাখনৰ ধনশিৰি সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া দিবাকৰ দাসক ৩০ টা ৰিচাৰ্জ কৰিব পৰা টৰ্চ লাইট প্ৰদান কৰে।
 
এই শক্তিশালী টৰ্চ লাইট হৈছে এবিধ সহজ, কম খৰচী আৰু ফলপ্ৰসূ প্ৰশমন সঁজুলি যি হাতীক মানৱ ব্যৱহৃত অঞ্চলৰ পৰা আঁতৰাই পঠোৱাত সহায় কৰে আৰু এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দায়িত্বত থকা স্থানীয় লোক আৰু বন বিষয়াসকলৰ মনত সাহস জন্মায় ।