শিক্ষকসকলৰ বাবে বহনক্ষম পৰিৱেশ পদ্ধতিৰ কৰ্মশালা আয়োজন অৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 11 Months ago
শিক্ষকসকলৰ বাবে বহনক্ষম পৰিৱেশ পদ্ধতিৰ কৰ্মশালা আয়োজন অৰণ্যকৰ
শিক্ষকসকলৰ বাবে বহনক্ষম পৰিৱেশ পদ্ধতিৰ কৰ্মশালা আয়োজন অৰণ্যকৰ
 
গুৱাহাটী
 
ভাৰতৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সমগ্ৰ শিক্ষা অসম (Samagra Shiksha Assam)ৰ  কামৰূপ (মহানগৰ)ৰ সৈতে আৰু “উইপ্ৰ’ আৰ্থিয়ান (Wipro earthian)”ৰ সহযোগত কামৰূপ (মহানগৰ)ৰ গাইড শিক্ষকসকলৰ বাবে অনুষ্ঠিত কৰা এখন দিশ-নিদৰ্শন কৰ্মশালাত বহনক্ষমতা শিক্ষা পদ্ধতিসমূহৰ ওপৰত আলোকপাত কৰা হয়।
 
 
জিলাখনৰ ১৬ খন বিভিন্ন বিদ্যালয়ৰ মুঠ ২২ গৰাকী শিক্ষকে কৰ্মশালাখনত অংশগ্ৰহণ কৰে। ব্যক্তিগত আচৰণ পৰিৱৰ্তনৰ জৰিয়তে পৰিৱেশৰ হকে সামূহিক কাৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰত চৰকাৰৰ “মিছন লাইফ” (পৰিৱেশৰ বাবে জীৱনশৈলী)ৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল। 
 
কৰ্মশালাৰ কিছু মুহূৰ্ত
 
আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে বহনক্ষমতাৰ প্ৰতি অনুৰাগী এটা ভৱিষ্যত বাহিনী গঢ়ি তুলিবলৈ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বহনক্ষমতা শিক্ষাদানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন ফটাশিল টাউন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী বনশ্ৰী ফুকনে বহনক্ষমতা শিক্ষা কাৰ্যসূচীৰ সৈতে জড়িত তথ্য লিপিবদ্ধকৰণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰে। আৰণ্যকৰ অপাৰেচনৰ মুৰব্বী দীপক ভট্টাচাৰ্যই বহনক্ষমতাৰ ক্ষেত্ৰত সংস্থাটোৰ বৰ্তমানৰ কাম-কাজ আৰু পদ্ধতিৰ বিষয়ে কয়। আৰাণ্যকৰ এগৰাকী পাৰিপাৰ্শ্বিক সমন্বয়ক ৱাচিমা বেগমে বহনক্ষমতা শিক্ষা কাৰ্যসূচীৰ বিভিন্ন উপাদান সন্দৰ্ভত বক্তব্য দিয়ে । মত বিনিময়ৰ লগতে অংশগ্ৰহণকাৰীসকলক আৰণ্যকৰ প্ৰশাসনিক কাৰ্যালয়ৰ চৌহদত জৈৱ বৈচিত্ৰ্যৰ মেপিঙৰ কামতো জড়িত কৰা হয়। 
 
জয়ন্ত কুমাৰ পাঠকে কয়, “কামৰূপ (মহানগৰ)জিলাৰ ২৭ খন বিদ্যালয়ে এই পৰ্যন্ত পঞ্জীয়ন কৰিছে আৰু ৰাজ্যৰ অন্যান্য স্থানৰ কেইবাখনো বিদ্যালয়ে বহনক্ষমতা শিক্ষা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিছে”।    
 
উল্লেখ্য যে, উইপ্ৰ’ আৰ্থিয়ানে দেশজুৰি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কাৰণে বহনক্ষমতা শিক্ষা কাৰ্যসূচী আৰম্ভ কৰিছে। বহনক্ষমতা শিক্ষাই যুৱ মনত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ লগতে চৌপাশৰ জগতখন আৰু ইয়াৰ কাম-কাজক গভীৰভাৱে বুজাত সহায় কৰে। অসমত তেওঁলোকে যোৱাবছৰ আৰণ্যকৰ সৈতে সহযোগিতা কৰি পাঁচখন জিলাৰ ৫৪ খন বিদ্যালয়ক পানী আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ শিক্ষা দানৰ ক্ষেত্ৰত সহায় কৰিছে। আৰণ্যকৰ সৈতে কাম কৰা কামৰূপ (মহানগৰ)ৰ বিদ্যালয়সমূহৰ এখনে যোৱা বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰাৰ বিপৰীতে এনেধৰণৰ আন তিনিখন বিদ্যালয়ে আঞ্চলিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।