গুৱাহাটী
অসম বিধানসভাই বুধবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ২.৮৫ লাখ কোটি টকাৰ বাজেট গৃহীত কৰে। ইয়াৰ জৰিয়তে জনকল্যাণ, আন্তঃগাঁথনি উন্নয়ন, কৰ্মসংস্থান আৰু উদ্যোগিক বিকাশক অগ্ৰাধিকাৰ দি ৰাজ্য চৰকাৰৰ বিত্তীয় ৰূপৰেখা কাৰ্যকৰী কৰাৰ পথ মুকলি হয়।
অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনত ‘দ্য অসম এপ্ৰ’প্ৰিয়েচন (নং-২) বিধেয়ক, ২০২৬’ গৃহীত হোৱা বুলি ঘোষণা কৰাৰ লগে লগে বাজেটখনে অনুমোদন লাভ কৰে।
উল্লেখযোগ্য যে, বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ১০ জুলাইত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰি ২,৮৫,০৮৪ কোটি টকাৰ মুঠ ব্যয়ৰ প্ৰস্তাৱ আগবঢ়াইছিল।
বাজেটত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কৰ ৰেহাইৰ সীমা চাৰিগুণ বৃদ্ধি কৰাৰ লগতে পাইপযোগে যোগান ধৰা প্ৰাকৃতিক গেছৰ (PNG) ওপৰত মূল্য সংযোজিত কৰ (VAT) প্ৰায় ১০ শতাংশ পইণ্ট হ্ৰাস কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। ইয়াৰ জৰিয়তে সংশ্লিষ্ট খণ্ডটোক উৎসাহিত কৰাৰ লগতে অধিক পৰিষ্কাৰ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
বিত্ত মন্ত্ৰী বৰুৱাই বিগত পাঁচ বছৰত আৰম্ভ কৰা সকলো মুখ্য জনকল্যাণমূলক আঁচনি অব্যাহত ৰখাৰ ঘোষণাও কৰে। অৱশ্যে বহুবিবাহ পালন কৰা ব্যক্তিসকলে চৰকাৰী কল্যাণমূলক সুবিধা লাভৰ অযোগ্য হ'ব বুলি তেওঁ স্পষ্ট কৰে। লগতে চৰকাৰী চাকৰিয়াল বহুবিবাহৰ দোষত দোষী সাব্যস্ত হ'লে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব বুলিও জনায়।
পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰে দূষণকাৰী খণ্ডসমূহৰ ওপৰত ‘গ্ৰীণ চেছ’ আৰোপ কৰাৰ প্ৰস্তাৱো বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে।
কৰ্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰে অহা পাঁচ বছৰত বিভিন্ন বিভাগৰ খালী পদ পূৰণ কৰাৰ লগতে নতুন পদ সৃষ্টি কৰি মুঠ দুই লাখ লোকক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।
বাজেট অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ৪১৯.২৬ কোটি টকাৰ ৰাজকোষীয় ঘাটতিৰ প্ৰক্ষেপণ কৰা হৈছে। একে সময়তে, বিত্তীয় দায়বদ্ধতাৰ নীতি অনুসৰি ৰাজ্যৰ সম্ভাব্য মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (GSDP) ৩ শতাংশৰ ভিতৰত ৰাজকোষীয় ঘাটতি সীমাবদ্ধ ৰখাৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে।