অসমত বানত শতকৰ ঘৰ অতিক্ৰম মৃতকৰ সংখ্যা; ১০ জিলাত ১.৩৭ লাখৰো অধিক আক্ৰান্ত

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
দেওবাৰে পুনৰ বানত দুজন লোকৰ মৃত্যু হোৱাৰ লগে লগে চলিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পাইছে৷
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ বানত মৃত্যু হৈছে৷ ইফালে গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, লখিমপুৰ, যোৰহাট, কাৰ্বি আংলং, চৰাইদেউ, নগাঁও, বিশ্বনাথ জিলাত ১ লাখ ৩৭ হাজাৰ ৫০০ৰো অধিক লোক বানত আক্ৰান্ত হৈছে৷
 
গোলাঘাট জিলাত প্ৰায় ৭০ হাজাৰ লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰত প্ৰায় ৪০ হাজাৰ আৰু যোৰহাটত ১৬ হাজাৰৰো অধিক লোক বানৰ কৱলত আছে৷ প্ৰশাসনে ছয়খন জিলাত ১২৫টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে আৰু এই আশ্ৰয় শিবিৰত ৪৯,০৬১জন লোকে আশ্ৰয় লৈ আছে৷
 
বানাক্ৰান্ত লোকসকলৰ মাজত বিগত ২৪ ঘণ্টাত ৭১০.৪৪ কুইণ্টল চাউল, ১২৭.৮৫ কুইণ্টল দালি, ৩৮.৩৪ কুইণ্টল নিমখ, ৩,৭৭৩.৭ লিটাৰ সৰিয়হ তেল বিতৰণ কৰা হৈছে৷
 
১০ খন জিলাৰ ২৮ টা ৰাজহ চক্ৰৰ ৪৫৬ খন গাঁও বানত ডুব যোৱাৰ বিপৰীতে ১১,৯৩৩.৪৬ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে৷ ৪৩,৩৩১টা ঘৰচীয়া জীৱ-জন্তু আৰু হাঁহ-কুকুৰাও ক্ষতিগ্ৰস্ত হৈছে৷ কেইবাখনো জিলাৰ মথাউৰি, পথ, দলং, অন্যান্য আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হৈছে৷
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি গোলাঘাট আৰু নুমলীগড়ৰ ধনশিৰি আৰু শ্ৰীভূমিৰ কুশিয়াৰা নৈৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে৷


শেহতীয়া খবৰ