গুৱাহাটী
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত সোমবাৰে অসম চৰকাৰে বিধানসভাত সংসদ আৰু ৰাজ্যৰ বিধায়িনী দলত মহিলাৰ বাবে এক তৃতীয়াংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰে। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে নতুন বিধানসভাৰ প্ৰথম অধিৱেশনৰ তৃতীয় দিনা এই প্ৰস্তাৱ উত্থাপন কৰি সংৰক্ষণৰ বাবে সদনৰ সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰিবলৈ আহ্বান জনায়।
প্ৰস্তাৱত লগতে উল্লেখ কৰা হৈছে, "নাৰীৰ শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সামগ্ৰিক উন্নয়ন আৰু সৱলীকৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাসকলৰ বাবে এক-তৃতীয়াংশ সংৰক্ষণ, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে তৎক্ষণাৎ কাৰ্যকৰী কৰা উচিত।"
মহিলাসকলে দেশত বিশেষ সন্মান লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকৰ অধিক সৱলীকৰণ সুনিশ্চিত কৰিবলৈ ৰাজনৈতিক আৰু সামাজিক সদিচ্ছাৰ প্ৰয়োজন। তেওঁ লগতে কয়, "মহিলাসকলৰ ৰাজনৈতিক ক্ষমতা পৰ্যাপ্ত নহয়। আৰু এয়া কেৱল আমাৰ দেশত নহয়, সমগ্ৰ বিশ্বতে হৈছে। ইয়াৰ বিভিন্ন কাৰণ আছে, য'ত সামাজিক আৰু শৈক্ষিক কাৰণো অন্তৰ্ভুক্ত আছে।"
তেওঁ আৰু কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক আশ্বাস দিছে যে, তেওঁ মহিলাসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰাটো নিশ্চিত কৰিব। এগৰাকী মহিলা হিচাপে মই এই প্ৰস্তাৱটোৰ বাবে সৰ্বসন্মতিক্ৰমে সমৰ্থন বিচাৰিছো। এনডিএ শাসিত কেইবাখনো ৰাজ্যৰ বিধানসভাত ইতিমধ্যে এনেধৰণৰ সংকল্প গ্ৰহণ কৰা হৈছে।"