গুৱাহাটী
দেশৰ অর্থনৈতিক উন্নয়নত অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ জি ডি পিক লৈ ফ'র্বছ ইণ্ডিয়াই এক সমীক্ষা প্রকাশ কৰিছে। এই সমীক্ষাত ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনক লৈ এখন তালিকা প্রস্তুত কৰা হৈছে। এই তালিকাৰ ১৭ সংখ্যক স্থানত আছে অসম।
সমীক্ষাত প্রকাশ পোৱা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জি এছ ডি পি ₹৬.৪৩ লাখ কোটি হ'বগৈ বুলি ধাৰণা কৰা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ জনমূৰি ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল ₹১.৯৬ লাখ।
ফ'ৰ্বছৰ এই তালিকাৰ শীর্ষস্থানত আছে মহাৰাষ্ট্র। মহাৰাষ্ট্ৰৰ জি এছ ডি পি চলিত বিত্তীয় বর্ষত ₹৪২.৬৭ লাখ কোটিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ২০২২- ২৩ বিত্তীয় বৰ্ষত মহাৰাষ্ট্ৰৰ জনমূৰি ৰাজ্যিক ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল ₹২.৮৯ লাখ।
মহাৰাষ্ট্ৰৰ লগতে এই তালিকাৰ শীর্ষ ১০ ত থকা ৰাজ্যকেইখন হৈছে ক্রমে তামিলনাডু, কর্ণাটক, গুজৰাট, উত্তৰ প্রদেশ, পশ্চিমবংগ, ৰাজস্থান, তেলেংগানা, অন্ধ্রপ্রদেশ আৰু মধ্যপ্রদেশ।
উল্লেখ্য যে, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনব ক্ষেত্রত তালিকাৰ অন্তিম স্থানত আছে উত্তৰ-পূবৰ আন ৰাজ্যসমূহ। এই তালিকাত অৰুণাচল প্রদেশ একেবাৰে অন্তিম স্থানত থকাৰ বিপৰীতে ২৫ সংখ্যক স্থানত মেঘালয়, ২৬ সংখ্যক স্থানত মণিপুৰ, ২৭ সংখ্যক স্থানত ছিকিম, ২৯ সংখ্যক স্থানত নাগালেণ্ড, ৩০ সংখ্যক স্থানত মিজোৰাম আৰু ৩১ সংখ্যক স্থানত আছে ত্ৰিপুৰা।
উল্লেখ্য যে, ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্রীয়শাসিত অঞ্চলেৰে গঠিত বৈচিত্র্যময় ৰাষ্ট্ৰ ভাৰত হৈছে বিশ্বৰ অর্থনৈতিক প্রেক্ষাপটৰ এখন প্ৰভাৱশালী দেশ। ২০২৪ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অর্থাৎ জি ডি পিয়ে $৩.৯৪ ট্রিলিয়নৰ সীমা অতিক্ৰম কৰিছে। ভাৰতৰ ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে দেশৰ অর্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাই আহিছে।