লোহিত সাগৰত ভাৰতীয় বাণিজ্যিক জাহাজত আক্ৰমণ; ১৩ জন নাবিকক উদ্ধাৰ

Story by  atv | Posted by  [email protected] • 12 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
য়েমেনৰ উপকূলৰ সমীপত লোহিত সাগৰত এখন ভাৰতীয় বাণিজ্যিক জাহাজৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। 'এম এছ ভি ফৈজ নুৰে আউলিয়া' নামৰ এই জাহাজখনলৈ লক্ষ্য কৰি কোনো অজ্ঞাত স্থানৰ পৰা ক্ষেপণাস্ত্র নিক্ষেপ কৰা হয়, যাৰ ফলত জাহাজখন ক্ষতিগ্ৰস্ত হৈ পানীত ডুব যায়।
 
অৱশ্যে জাহাজখনত থকা ১৩ জন ভাৰতীয় আৰু ১ জন য়েমেনীসহ মুঠ ১৪ জন নাবিককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। ভাৰত চৰকাৰে এই অহেতুক আৰু আকস্মিক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা দিছে।
 
এই ঘটনাৰ পাছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁ উল্লেখ কৰিছে যে- এখন নিৰস্ত্ৰ আৰু সাধাৰণ বাণিজ্যিক জাহাজৰ ওপৰত এনেদৰে আক্ৰমণ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
 
ইপিনে য়েমেনৰ উপকূলৰক্ষী বাহিনীয়ে খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান চলাই আটাইকেইজন লোকক সুৰক্ষিতভাৱে মোখা বন্দৰলৈ লৈ আনে। মন্ত্ৰীগৰাকীয়ে নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ নৌ প্ৰশাসনৰ সঞ্চালক প্ৰধানক  নিৰ্দেশ দিছে।
 
ইফালে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে  উল্লেখ কৰে যে ৰিয়াধত থকা ভাৰতীয় দূতাবাসে য়েমেন কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি ঘটনাৰ বুজ লৈ আছে। বৈদেশিক মন্ত্ৰালয়ে য়েমেন কৰ্তৃপক্ষক তেওঁলোকৰ ক্ষিপ্ৰ উদ্ধাৰ অভিযানৰ বাবে ধন্যবাদ জনায় আৰু আন্তৰ্জাতিক জলপথত বাণিজ্যিক জাহাজসমূহৰ ওপৰত চলোৱা এনে ধৰণৰ আক্ৰমণ বন্ধ কৰি অবাধ নৌ-পৰিবহণ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।
 
উল্লেখযোগ্য যে, শেহতীয়াভাৱে লোহিত সাগৰ আৰু ইয়াৰ আশে-পাশে থকা জলপথসমূহত বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ পাছৰে পৰা এই অঞ্চলটোত নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে। ইৰাণৰ সমৰ্থিত হৌথিসকলে এই অঞ্চলত সঘনাই জাহাজসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আহিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনে পৰিস্থিতিয়ে গোলকীয় বাণিজ্যৰ লগতে সাগৰীয় পথত যাতায়ত কৰা নাবিকসকলৰ জীৱনলৈ এক ডাঙৰ সংশয় কঢ়িয়াই আনিছে।