হিয়াৰআমঠু জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীস্থিত বিজেপিৰ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান

Story by  atv | Posted by  Munni Begum • 1 h ago
হিয়াৰআমঠু জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীস্থিত বিজেপিৰ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান
হিয়াৰআমঠু জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটীস্থিত বিজেপিৰ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান
 
গুৱাহাটী
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
 
শনিবাৰে বিয়লি বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত বিজেপি কৰ্মীসকলে ৰাজ্যজুৰি আয়োজন কৰা ৰক্তদান কাৰ্যসূচীৰ অংশ হিচাপে নিজেও ৰক্তদান কৰে।  এই কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিজেপি কৰ্মী উপস্থিত থাকে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল যে, জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ১৯ ছেপ্টেম্বৰত সমগ্ৰ অসমতে বিজেপি কৰ্মীসকলে ৰক্তদান শিবিৰৰ আয়োজন কৰিব। এই কাৰ্যসূচী ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, “ময়ো বিজেপি কাৰ্যালয়ত ৰক্তদান কৰিম।”
 
শিল্পীগৰাকীৰ স্মৃতিত সন্মান জনোৱাৰ উদ্দেশ্যে বিজেপিয়ে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত একাধিক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।