১২ বছৰত ভাৰতৰ সৌৰশক্তি ২ গিগাৱাটৰ পৰা ১৬০ গিগাৱাটলৈ বৃদ্ধি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  atv | Posted by  Munni Begum • 44 m ago
 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, যোৱা ১২ বছৰত দেশৰ সৌৰ শক্তি উৎপাদন ক্ষমতা প্ৰায় ২ গিগাৱাটৰ পৰা বৃদ্ধি পাই বৰ্তমান ১৬০ গিগাৱাটৰো অধিক হৈছে।
 
দিল্লীত অনুষ্ঠিত ‘দ্য ফিউচাৰ অৱ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট ডায়নামিক্স’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতে ছাদত সৌৰ পেনেল স্থাপন, সৌৰ পাম্প, এলইডি বাল্ব আৰু অন্যান্য শক্তি-দক্ষ প্ৰযুক্তিৰ ব্যৱহাৰো বৃদ্ধি কৰিছে।
 
প্ৰধানমন্ত্ৰীয়ে কয়, “১২ বছৰৰ পূৰ্বে ভাৰতৰ সৌৰ শক্তিৰ ক্ষমতা প্ৰায় ২ গিগাৱাট আছিল। আজি সেই ক্ষমতা ১৬০ গিগাৱাট অতিক্ৰম কৰিছে।”
 
তেওঁ কয় যে পৰিয়ালসমূহক সৌৰ শক্তি উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ: মুফ্‌ত বিজলী যোজনা’ আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত ইতিমধ্যে ৫০ লাখতকৈও অধিক ঘৰত ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে।
 
চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, ২০২৬ চনৰ আগষ্টলৈকে এই আঁচনিৰ অধীনত ৫০ লাখতকৈও অধিক পৰিয়াল ছাদৰ সৌৰ শক্তি ব্যৱস্থাৰ জৰিয়তে উপকৃত হৈছে। এই সময়ছোৱাত ১৪.৮ গিগাৱাট ছাদৰ সৌৰ শক্তি উৎপাদন ক্ষমতা কাৰ্যক্ষম কৰা হৈছে।
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক প্ৰায় ৮০,০০০ টকালৈকে আৰ্থিক সহায় আগবঢ়োৱা হৈছে।
 
তেওঁ ‘প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা এৱম উৎথান মহাভিযান’ (PM-KUSUM)ৰ কথাও উল্লেখ কৰি কয় যে, এই আঁচনিৰ অধীনত প্ৰায় ৩০ লাখ কৃষকৰ পথাৰত সৌৰ পাম্প স্থাপন কৰা হৈছে।
 
প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ‘ৱান নেচন, ৱান গ্ৰিড’ প্ৰকল্পও সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰি শক্তিৰ দক্ষ ব্যৱহাৰক উৎসাহিত কৰাৰ লক্ষ্যৰে লাখ লাখ পৰিয়ালৰ মাজত এলইডি বাল্ব বিতৰণ কৰা হৈছে।  
 
তেওঁ কয়, “কেৱল সৌৰ শক্তিৰ জৰিয়তেই ভাৰতে প্ৰায় ২০ কোটি টন কাৰ্বন নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হৈছে।”
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতৰ স্বচ্ছ শক্তিৰ সম্প্ৰসাৰণ কেৱল সৌৰ শক্তিতে সীমাবদ্ধ নহয়। আন কেইবাটাও ক্ষেত্ৰতো দেশখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। 
 
তেওঁ কয়, “সৌৰ শক্তিৰ সমান্তৰালভাৱে ভাৰতে আন স্বচ্ছ শক্তিৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে। যোৱা ১২ বছৰত দেশৰ বায়ু শক্তি উৎপাদন ক্ষমতা তিনিগুণ বৃদ্ধি পাইছে। জলবিদ্যুৎ উৎপাদন ক্ষমতাতো যথেষ্ট বৃদ্ধি হৈছে আৰু এতিয়া দেশে পাৰমাণৱিক শক্তি উৎপাদনৰ ক্ষেত্ৰতো দ্ৰুতগতিত আগবাঢ়িছে।”
 
ইয়াৰ লগতে বৰ্তমানৰ শক্তি সম্পদসমূহ অধিক পৰিষ্কাৰভাৱে ব্যৱহাৰৰ বাবে প্ৰযুক্তি বিকাশৰ কথাও তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত কয়লাৰ গেছীকৰণৰ দৰে প্ৰযুক্তিও অন্তৰ্ভুক্ত বুলি তেওঁ কয়। 
 
প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে হাইড্ৰ’জেনভিত্তিক পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো আগবাঢ়িছে। দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল মুকলি কৰাৰ কথা উল্লেখ কৰি তেওঁ ইয়াক স্বচ্ছ পৰিবহণৰ ক্ষেত্ৰত এক নতুন পৰ্যায়ৰ সূচনা বুলি অভিহিত কৰে।
 
দেশত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁৰ মতে, যোৱা ১২ বছৰত দেশত বৈদ্যুতিক বাহনৰ সংখ্যা প্ৰায় ৯৫০ গুণ বৃদ্ধি পাইছে।
 
পাৰমাণৱিক শক্তি প্ৰকল্পক লৈ চলি থকা বিতৰ্কৰ বিষয়টোও প্ৰধানমন্ত্ৰী মোদীয়ে উত্থাপন কৰে। তেওঁ কয় যে, পৰিৱেশ সুৰক্ষাৰ কথা কোৱা একাংশ লোকেই চৰকাৰে পাৰমাণৱিক শক্তি প্ৰকল্প সম্প্ৰসাৰণৰ চেষ্টা চলালে সেই প্ৰকল্পসমূহৰ বিৰুদ্ধে আদালতৰ কাষ চাপে।
 
ভাৰতত নবীকৰণযোগ্য শক্তিৰ উৎপাদন ক্ষমতা আৰু ঘৰুৱা পৰ্যায়ত স্বচ্ছ শক্তিৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
 
চৰকাৰী তথ্য অনুসৰি, ২০২৬ চনৰ ৩১ জুলাইলৈ ভাৰতৰ স্থাপিত সৌৰ শক্তি উৎপাদন ক্ষমতা ১৬৪.৫৯ গিগাৱাটত উপনীত হৈছে। ২০১৪ চনত এই ক্ষমতা প্ৰায় ২.৮ গিগাৱাট আছিল।
 
‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’ আঁচনিৰ অধীনত চৰকাৰে দেশৰ এক কোটি পৰিয়ালৰ ঘৰত ছাদৰ সৌৰ শক্তি ব্যৱস্থা স্থাপনৰ বাবে সহায় আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০২৬ চনতে এই আঁচনিৰ অধীনত ৫০ লাখ পৰিয়ালৰ ঘৰ অতিক্ৰম কৰাৰ মাইলৰ খুঁটি অৰ্জন কৰা হৈছে।