নতুন দিল্লী
মুছলমান মহিলাৰ মাজত সজাগতা, শিক্ষা, আইনী সাক্ষৰতা, আৰু নেতৃত্বৰ বিকাশৰ বাবে কাম কৰা তৃণমূল পৰ্যায়ৰ মুছলমান মহিলা নেতৃত্বাধীন সংস্থা আৱাজ-ই-খাৱাতিনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসটো জায়েদ বালিকা মহাবিদ্যালয়ত গৌৰৱেৰে উদযাপন কৰে।
পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল শ্ৰী আকিল নাফিছ (যুট সঞ্চালক, সংসদ) আৰু ডঃ পাৰবীন (আৱাজ-ই-খাৱাতিন)।
প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী, ৩০ গৰাকী শিক্ষক, আৰু জায়েদ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা আৱাজ-ই-খাৱতিনৰ আহ্বায়ক ডঃ পাৰবীন উপস্থিত থাকে। এই অনুষ্ঠানে গণতন্ত্ৰ, সমতা, আৰু ৰাষ্ট্ৰ গঠনত মহিলাৰ ভূমিকা সম্পৰ্কে আলোচনাৰ এক শক্তিশালী মঞ্চ হিচাপে কাম কৰিছিল।
আত্মবিশ্বাসী, সচেতন আৰু শক্তিশালী মহিলা গঢ়ি তোলাৰ অভিযানৰ সৈতে সংগতি ৰাখি আৱাজ-ই-খাৱাতিনে গণৰাজ্য দিৱসৰ ভাষণ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলে সাংবিধানিক অধিকাৰ, সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব পাৰে।
এই প্ৰতিযোগিতাৰ লক্ষ্য আছিল ৰাজহুৱা ভাষণ দক্ষতা, সমালোচনাত্মক চিন্তাধাৰা আৰু নাগৰিক সজাগতা শক্তিশালী কৰা, যিবোৰ মহিলা সবলীকৰণৰ মূল স্তম্ভ।
এই প্ৰতিযোগিতাত বিজয়ী অসাধাৰণ ছাত্ৰ-ছাত্ৰীসকলক নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয়। প্ৰথম পুৰস্কাৰ ₹৫,০০০, দ্বিতীয় পুৰস্কাৰ ₹৩,০০০ আৰু তৃতীয় পুৰস্কাৰ ₹২,০০০। যিয়ে যুৱতীসকলৰ প্ৰতিভা, সম্ভাৱনা আৰু নেতৃত্বৰ লালন-পালনৰ প্ৰতি আৱাজ-ই-খাৱাতিনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। জায়েদ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু কাৰ্যসূচী সমন্বয়কসকলকো অনুষ্ঠানটিয়ে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত ভাষণ দি আৱাজ-ই-খাৱতিনৰ আহ্বায়কগৰাকীয়ে কয় যে, শিক্ষিত আৰু অৱগত কন্যাসকল শক্তিশালী গণতন্ত্ৰৰ মেৰুদণ্ড আৰু মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত কৰি সবলীকৰণে পৰিয়াল আৰু সম্প্ৰদায়ক শক্তিশালী কৰে।
মহাবিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰে। তেওঁ আত্মবিশ্বাস আৰু ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ ভাৱনাক লালন-পালন কৰা এক মঞ্চ প্ৰদানৰ বাবে এন জি অ’টোৱে কৰা অবিৰত প্ৰচেষ্টাক প্ৰশংসা কৰিছে। আৱাজ-ই-খাৱাতিনৰ হৈ অনুষ্ঠানটোৰ সমন্বয়ক আৰু সহ-সমন্বয়ক আছিল মিছ ইউছৰা আৰু মিছ টুবা।
এক প্ৰেৰণাদায়ক পৰিৱেশেৰে অনুষ্ঠানটোৰ সামৰণি পৰে। য'ত ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়, দায়িত্বশীল নাগৰিক আৰু ভৱিষ্যতৰ নেতা হ’বলৈ উৎসাহিত হৈ, আৱাজ-ই-খাৱতিনৰ দৃষ্টিভংগীক প্ৰতিধ্বনিত কৰি কয় যে, মহিলাসকলেই হৈছে এখন প্ৰগতিশীল ভাৰতৰ স্থপতি।