বন্যপ্ৰাণী অপৰাধৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰতা সন্দৰ্ভত সজাগতা কৰ্মশালা

Story by  atv | Posted by  Munni Begum • 8 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বন্যপ্ৰাণী অপৰাধৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু আৰণ্যকে যৌথভাৱে এক সজাগতা কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত দেশৰ অভিজাত সীমান্তৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ৯৯ জনীয়া জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া/জোৱানৰ এটা গোটে অংশগ্ৰহণ কৰিছে।
 
তেজপুৰৰ শালনীবাৰীস্থিত এছ এছ বিৰ নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু আৰণ্যকৰ সমল ব্যক্তিসকলে পৰিচালনা কৰা  “বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়” শীৰ্ষক সজাগতা কৰ্মশালাখনত এছ এছ বিৰ নৱ-নিযুক্ত জোৱানকে ধৰি বিষয়া/জৱানসকলক বন্যপ্ৰাণী অপৰাধৰ সামগ্ৰিক পৰিস্থিতি আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত এছ এছ বিৰ দৰে সীমান্তৰক্ষী বাহিনীৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা হয় । 
 
এই প্ৰশিক্ষণ কৰ্মশালাৰ উদ্বোধন কৰি নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰৰ উপ অধিনায়ক বিষ্ণু প্ৰবীণে দেশৰ বহুমূলীয়া বন্যপ্ৰাণী সম্পদ সংৰক্ষণৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বন্যপ্ৰাণী অপৰাধ সম্পৰ্কে এছ এছ বিৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সময় দিয়া আৰু আগ্ৰহ প্ৰকাশ কৰাৰ বাবে সকলো সমল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।
 
বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সহকাৰী সঞ্চালক জৱাহৰলাল বড়োৱে ২০২২ চনত সংশোধন কৰা ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ বিভিন্ন বিধান লগতে উত্তৰ-পূব ভাৰতত সৰবৰাহ হৈ থকা বিভিন্ন বন্যপ্ৰাণী প্ৰজাতি আৰু সামগ্ৰীৰ বিষয়েও দীঘলীয়া ব্যাখ্যা কৰে।
 
বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ বিষয়াজনে অংশগ্ৰহণকাৰী এছ এছ বি বিষয়াসকলৰ সুবিধাৰ্থে অঞ্চলটোত সঘনাই জব্দ কৰা বন্যপ্ৰাণী সামগ্ৰী চিনাক্তকৰণৰ সন্দৰ্ভতো এখন ব্যৱহাৰিক অধিবেশন অনুষ্ঠিত কৰে।  
 
আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ড° জিমি বৰা  আৰু প্ৰকল্প বিষয়া তথা বন্যপ্ৰাণী অপৰাধ বিশ্লেষক আইভী ফাৰহিন হুছেইনে প্ৰশিক্ষণ কৰ্মশালাত ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা বন্যপ্ৰাণী অপৰাধৰ বিভিন্ন মাত্ৰাৰ বিষয়ে আলোচনা কৰে।
 
তেওঁলোকে ভাৰত-ভূটানৰ ভূ-প্ৰকৃতিৰ অঞ্চলটোত বিশেষ গুৰুত্ব আৰোপ কৰি বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। বিশেষজ্ঞসকলে চোৰাং ব্যৱসায়ী সকলে বন্যপ্ৰাণী আৰু সামগ্ৰী সৰবৰাহ কৰাৰ বিভিন্ন উপায় আৰু ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই ক্ৰমবৰ্ধমান অপৰাধ প্ৰশমন আৰু প্ৰতিৰোধ কৰিব পৰা পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰে। লগতে এছ এছ বিৰ বিষয়া জোৱানসকলৰ সৈতে এক প্ৰশ্নোত্তৰ অধিবেশনো অনুষ্ঠিত কৰা হয়।
 
আৰাণ্যকৰ বিষয়া ড০ জিমি বৰাই কয়, "প্ৰশিক্ষণ কাৰ্যসূচীত এছ এছ বিৰ অংশগ্ৰহণকাৰীসকলে উৎসাহেৰে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিশেষজ্ঞসকলে এইবোৰৰ সঠিকভাৱে উত্তৰ দিছিল।"
 
বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন অংশীদাৰ আৰু বলৱৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয় সৃষ্টিৰ বাবে কৰা নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে আৰণ্যকে দেশৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এছ এছ বি, বি এছ এফ, চি আই এছ এফকে ধৰি বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ সৈতে বন্যপ্ৰাণী অপৰাধৰ সম্পৰ্কীয় এনে প্ৰশিক্ষণ কৰ্মশালা আৰু মত-বিনিময় অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত আৰণ্যকে “ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ”ৰ সহযোগত অঞ্চলটোৰ এছ এছ বি কৰ্মীসকলক লৈ এতিয়ালৈকে ষষ্ঠখন এনে প্ৰশিক্ষণ/সজাগতা কৰ্মশালাৰ আয়োজন কৰিছে।