আৰণ্যকক বিজু ফুকন শ্ৰেষ্ঠ বেচৰকাৰী সংস্থাৰ বঁটা প্ৰদান

Story by  atv | Posted by  [email protected] • 4 Months ago
আৰণ্যকক বিজু ফুকন শ্ৰেষ্ঠ বেচৰকাৰী সংস্থাৰ বঁটা প্ৰদান
আৰণ্যকক বিজু ফুকন শ্ৰেষ্ঠ বেচৰকাৰী সংস্থাৰ বঁটা প্ৰদান
 
গুৱাহাটী 
 
উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ মংগলৰ কাৰণে আগবঢ়োৱা প্ৰভূত অবদানৰ স্বীকৃতি স্বৰুপে দেশৰ অন্যতম অগ্ৰণী গৱেষণা ভিত্তিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকক শ্ৰেষ্ঠ বেচৰকাৰী সংস্থা শিতানত ৰয়েল এফেয়াৰৰ ২০২৩ চনৰ বিজু ফুকন স্বীকৃতি বঁটা প্ৰদান কৰা হয়।
 
 
মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ শিল্পগ্ৰামত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত বহু প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাৰ লগতে প্ৰয়াত কিংবদন্তি চিত্ৰাভিনেতা বিজু ফুকনৰ বহু গুণমুগ্ধকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। সমাজ, সংস্কৃতি আৰু চিনেমালৈ বিপুল অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংগঠনক সন্মান জনোৱাকে ধৰি বিভিন্ন শাখাত প্ৰয়াত অভিনেতাজনৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হৈছে।
 
বঁটা প্ৰদান অনুষ্ঠানত
 
১৯৮৯ চনত এটা প্ৰকৃতি ক্লাব হিচাপে প্ৰতিষ্ঠা হোৱা, আৰু বৰ্তমান দেশৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাত পৰিণত হোৱা আৰণ্যকৰ হৈ সংস্থাটোৰ কাৰ্যবাহী সদস্য ড° আলোলিকা সিনহা আৰু জ্যেষ্ঠ প্ৰৱন্ধক (প্ৰশাসন) ববী নাথে এই বঁটা গ্ৰহণ কৰে ।
 
তাৰকা সমৃদ্ধ এই বটাঁপ্ৰদান অনুষ্ঠানটোত অসমীয়া চিনেমা জগতৰ আন আন বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰাঞ্জল শইকীয়া, যতীন বৰা, কপিল বৰা আৰু নিশিতা গোস্বামীকে ধৰি একাংশ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী উপস্থিত থাকে।
 
আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী সদস্য ড০ বিভৱ কুমাৰ তালুকদাৰে কয়, “অসমৰ এজন প্ৰথিতযশা অভিনেতা, সামাজিক ব্যক্তিত্ব প্ৰয়াত বিজু ফুকনৰ পৰিয়ালৰ প্ৰতি আমি সচাঁই কৃতজ্ঞ । আগশাৰীৰ পৰিৱেশ এন জি অ’ হিচাপে আৰণ্যকক ২০২৩ চনৰ বিজু ফুকন বঁটা প্ৰদান কৰাটো আমাৰ সকলোৰে বাবে নিতান্তই এক গৌৰৱৰ কথা। এনে স্বীকৃতিয়ে অঞ্চলটোৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰিবলৈ আমাক অধিক অনুপ্ৰাণিত কৰিব।  এই সুযোগতে মই অসমৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগৰ সৈতে জড়িত ব্যক্তিসকলক পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰাৰ আহ্বান জনাইছোঁ”।