নতুন দিল্লী
শুকুৰবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰচণ্ড ধুমুহাৰ ফলত হামিৰপুৰ জিলাৰ বেতোৱা নদীৰ ওপৰত নিৰ্মিত এখন দলঙৰ এটা অংশ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত চেপা খাই কমেও ৬ জন শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। আন বহুতেই আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। ফলত আৰু অধিক হতাহতৰ আশংকা ৰৈছে। যুদ্ধকালীনভাৱে উদ্ধাৰ কাম চলি আছে।
শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত ধাৰাসাৰ বৰষুণৰ সময়ত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দলংখনৰ প্ৰায় এক কিলোমিটাৰ অংশ হঠাতে ভাঙি পৰাত তাত কৰ্মৰত শ্ৰমিকসকল ধ্বংসাৱশেষৰ তলত পোত খাই যায়। থিতাতে কেইবাজনৰো মৃত্যু হয়, বহু শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ধুমুহাৰ তীব্ৰতা বৃদ্ধি পোৱাৰ পিছত দলংখনৰ খুঁটা আৰু ফলকবোৰ কঁপিবলৈ ধৰে। অলপ সময়ৰ ভিতৰতে নিৰ্মাণৰত অংশটো ভাঙি নদীত পৰি যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দলঙৰ ওপৰত আৰু তলত কেইবাজনো শ্ৰমিকে কাম কৰি আছিল।
এই ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ কেইবাটাও দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ধ্বংসাৱশেষ আঁতৰোৱাৰ বাবে গধুৰ ক্ৰেন আৰু কাটিং মেচিন ব্যৱহাৰ কৰা হৈছে। স্থানীয় বাসিন্দাসকলেও উদ্ধাৰ অভিযানত সহায় কৰিছে।
প্ৰশাসনে জনোৱা মতে, মৃত শ্ৰমিকক চিনাক্তকৰণৰ কাম চলি আছে। মৃতকৰ পৰিয়ালকো ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়া হৈছে। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে।
উল্লেখযোগ্য যে, প্ৰথম অৱস্থাত ধাৰাসাৰ বৰষুণ আৰু নিৰ্মাণকাৰ্যৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত অৱহেলাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো কাৰিকৰী বিসংগতি আছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।
এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি উত্তেজনা বিয়পি পৰিছে। স্থানীয় ৰাইজে নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধী দলসমূহেও এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।