জি-২০ সন্মিলনৰ সময়ত 'ৰাষ্ট্ৰপতিৰ ছুইটত' থাকিবলৈ অস্বীকাৰ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে

Story by  atv | Posted by  Munni Begum • 10 Months ago
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
 
নতুন দিল্লী
 
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিৰ ছুইটত থাকিবলৈ অস্বীকাৰ কৰিছিল আৰু একেখন হোটেলৰ নিয়মীয়া কোঠাত আছিল বুলি সূত্ৰই জনায়। 
 
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ ছুইটসমূহ নিৰাপত্তা প্ৰট’কল আৰু প্ৰতিজন বিশ্বৰ নেতা অনুসৰি ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে বিশেষভাৱে ডিজাইন কৰা থাকে। জি-২০ সন্মিলনৰ বাবে থকা সময়ছোৱাত ট্ৰুডো ৰাষ্ট্ৰীয় ৰাজধানীৰ ললিত হোটেলত আছিল।  
 
কিন্তু ৰাষ্ট্ৰপতিৰ ছুইটৰ প্ৰস্তাৱ দিয়াৰ পিছতো তেওঁৰ প্ৰতিনিধি দলটোৱে তাত থাকিবলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে একেখন হোটেলৰ নিয়মীয়া কোঠাত আকিল বুলি সূত্ৰই জনাইছে। জি-২০ৰ বাবে ভাৰতলৈ অহা প্ৰতিজন বিশ্ব নেতাক সম্পূৰ্ণ নিৰাপত্তা প্ৰট’কলৰ সৈতে ৰাষ্ট্ৰপতিৰ ছুইটৰ লগতে ভিভিআইপি হোটেলৰ ব্যৱস্থা কৰা হৈছিল।   
 
সূত্ৰই জনোৱা অনুসৰি ট্ৰুডোৰ প্ৰতিনিধি দলে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহক কয় যে খৰচৰ বিবেচনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে ট্ৰুডো সাধাৰণ কোঠাত থকাৰ আঁৰৰ সঠিক কাৰণ সন্দৰ্ভত কোনো তথ্য নাই বুলি ভাৰতীয় সংস্থাসমূহে প্ৰকাশ কৰিছে। 
 
উল্লেখযোগ্য যে ট্ৰুডোৰ ভাৰত ভ্ৰমণৰ এইটোৱেই একমাত্ৰ অনিয়মিত পৰিঘটনা নাছিল। কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১০ ছেপ্টেম্বৰত ভাৰতৰ পৰা ৰাওনা হোৱাৰ কথা আছিল যদিও এয়াৰবাছ বিমানত কাৰিকৰী অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে তেওঁ নিজৰ থকাৰ সময় বৃদ্ধি কৰিবলগীয়া হৈছিল। 
 
সূত্ৰ অনুসৰি, ভাৰতীয় পক্ষই কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডো আৰু তেওঁৰ প্ৰতিনিধি দলটোক উভতি যাবলৈ ‘এয়াৰ ইণ্ডিয়া ৱান’ বিমানৰ সেৱা আগবঢ়াইছিল, কানাডাৰ প্ৰধানমন্ত্ৰী আৰু সংগী প্ৰতিনিধি দলৰ গ্লিচ ইনৰ বাবে তেওঁলোকৰ বিশেষ বিমান যোৱাত পলম হোৱাৰ কথা জানিব পাৰিছিল। 
 
অৱশ্যে কানাডাৰ পক্ষই এই প্ৰস্তাৱ নাকচ কৰি তাৰ পৰিৱৰ্তে বেকআপ বিমানখনৰ বাবে অপেক্ষা কৰিবলৈ বাছি লৈছিল বুলি সূত্ৰই জনায়। অৱশেষত ট্ৰুডোৱে ১২ ছেপ্টেম্বৰতহে ভাৰতৰ পৰা যাত্ৰা কৰিবলৈ সক্ষম হয়। ইফালে, ভাৰতত নিৰ্দিষ্ট সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে সোমবাৰে ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা অধিক তীব্ৰতৰ হৈ পৰে। ইয়াৰ পিছতে কানাডাই দেশৰ পৰা এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছে। 
 
ভাৰতে কানাডাই উত্থাপন কৰা অভিযোগক “অৰ্থহীন” আৰু “প্ৰেৰিত” বুলি অভিহিত কৰি নাকচ কৰিছে আৰু পাৰস্পৰিক পদক্ষেপত মঙলবাৰে কানাডাৰ এজন জ্যেষ্ঠ কূটনীতিবিদকো বহিষ্কাৰ কৰিছে। ভাৰতৰ এজন নিৰ্দিষ্ট সন্ত্ৰাসবাদী খলিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰদীপ  সিং নিজ্জাৰক ১৮ জুনত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ পাৰ্কিং এলেকাত গুৰদ্বাৰাৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল।