৩য় বাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব চন্দ্ৰবাবু নাইডু

Story by  atv | Posted by  [email protected] • 1 Months ago
চন্দ্ৰবাবু নাইডু
চন্দ্ৰবাবু নাইডু
 
নতুন দিল্লী
 
তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডু তৃতীয়বাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব। এই সিদ্ধান্ত লয় টিডিপি, বিজেপি, আৰু জনসেনা দলৰ নেতাই।
 
বুধবাৰে পুৱা ১১:২৭ বজাত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নাইডুৱে। বিজয়াৱদাৰ বাহিৰত গন্নাৱৰাম বিমানবন্দৰৰ সমীপৰ কেছাৰাপল্লী আই টি পাৰ্কত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
 
বিজেপি, জনসেনা, টিডিপিৰ পৰা বিধানসভাৰ সকলো সদস্যই নাইডুৱে ৰাজ্যখনৰ নেতৃত্ব দিব লাগে বুলি একমত প্ৰকাশ কৰিছে। এই দলসমূহৰ নেতাসকলে ৰাজ্যপাল এছ আব্দুল নাজিৰৰ সৈতে সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে অনুমতি বিচাৰিব।
 
মঙলবাৰে সন্ধিয়াৰ ভিতৰত ৰাজ্যপালগৰাকীয়ে তেওঁলোকক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।
 
নাইডুৰ লগতে আন দুই এজন মন্ত্ৰীয়ে বুধবাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আছে টিডিপিৰ সাধাৰণ সম্পাদক নৰা লোকেশ আৰু জনসেনাৰ নেতা মনোহৰ।