গুৱাহাটী
মঙলবাৰে পুৱা ৰাজ্যত ৪.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি পুৱা প্ৰায় ৪:২৩ বজাত ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়৷
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাঁও জিলা৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই এক্সত শ্বেয়াৰ কৰা তথ্য অনুসৰি, ভূমিৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ গভীৰতাত এই কম্পন সংঘটিত হয়৷
এই ভূমিকম্পৰ প্ৰভাৱত নগাঁৱৰ লগতে গুৱাহাটী আৰু অসমৰ অন্যান্য প্ৰান্ততো অনুভূত হয়। ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতি বা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।