দুৰ্গা পূজাৰ বাবে মহানগৰীৰ ৰাজপথত যান-বাহন চলাচলত সাল-সলনি

Story by  atv | Posted by  Munni Begum • 1 Years ago
দুৰ্গা পূজাৰ বাবে মহানগৰীৰ ৰাজপথত যান-বাহন চলাচলত সাল-সলনি
দুৰ্গা পূজাৰ বাবে মহানগৰীৰ ৰাজপথত যান-বাহন চলাচলত সাল-সলনি
গুৱাহাটী
 
শাৰদীয় দুর্গোৎসৱক লৈ ৰাজধানী মহানগৰ গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছে। বিশেষকৈ দুর্গা পূজাৰ দিনকেইটাত অৰ্থাৎ শনিবাৰৰ পৰা ৫ অক্টোবৰলৈ গুৱাহাটী মহানগৰীৰ ৰাস্তা-ঘাটত গাড়ীচালক তথা যাত্রীয়ে যানজটৰ মাজত আবদ্ধ হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন নিয়ন্ত্রণ শাখাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
শুকুৰবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন নিয়ন্ত্রণ শাখাৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মনে এখন সংবাদমেলত দুর্গা পূজাৰ সময়ত গাড়ীচালকসকলে কোনটো পথ ব্যৱহাৰ কৰিব পাৰিব, কোনটো নোৱাৰিব সেই বিষয়ে অৱগত কৰিছে। ইফালে গুৱাহাটীত অহা ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্রিকা টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল। আন্তঃৰাষ্ট্ৰীয় এই খেলৰ বাবে যাতে অহা ২ অক্টোবৰত মহানগৰৰ ৰাজপথত যানজটৰ সৃষ্টি নহয় তাৰ বাবে সেইদিনা যান-বাহন চলাচলৰ বাবে বাট-পথৰ সাল-সলনি ঘটোৱা হৈছে। 
দুর্গা পূজাৰ সময়ছোৱাত চাৰিচকীয়া অথবা তাতকৈ গধুৰ বাণিজ্যিক বাহন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ঘাইপথৰ গুৱাহাটী মহানগৰীৰ এলেকাত ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ নিশা ২ বজাপর্যন্ত নিয়ন্ত্ৰণ কৰা হ'ব। ৬ চকীয়া অথবা তাতকৈ গধুৰ বাণিজ্যিক বাহন ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ এলেকাত ১, ৩, ৪ আৰু ৫ অক্টোবৰত পুৱা ৯ বজাৰ পৰা নিশা ১১.৩০ বজালৈ নিয়ন্ত্ৰণ কৰা হ'ব। তিনি আৰু চাৰিচকীয়া লঘু মালবাহী বাহন ১-৫ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা পুৱা ৯ বজাৰ ভিতৰত মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। ২ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা ৩ অক্টোবৰৰ নিশা ১ বজাপর্যন্ত এ কে আজাদ ৰোড ৱান ৱে কৰা হ'ব। এই সময়ছোৱাত যান-বাহনসমূহ চাইকেল ফেক্টৰীৰ দিশৰ পৰা লখৰা চাৰিআলি দিশলৈ চলাচল কৰিব পাৰিব। কাৰ পাছ নথকা বাহন লখৰা চাৰিআলিৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব। ২ অক্টোবৰত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ কাৰ পাছ থকা বাহনসমূহ ৱান ৱে হৈ চলাচল কৰিব পাৰিব। স্থানীয় বাসিন্দাৰ বাহিৰে কাৰ পাছ নথকা কোনো বাহন বর্ষাপাৰা তিনিআলি হৈ প্ৰৱেশ কৰিব নোৱাৰিব। ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ পথছোৱা 'ন' এন্ট্রি' কৰা হ'ব।
চিটিবাছৰ ক্ষেত্ৰত নতুন নিয়ম অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা পাণ্ডুলৈ যোৱা বাছসমূহ বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, এক্সপ্ৰেছ হাইৱে, নাৰেংগী, নুনমাটি হৈ চলাচল কৰিব। বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ বশিষ্ঠ চাৰিআলি,ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, জি এছ ৰোড হৈ চলাচল কৰিব। পাণ্ডুৰ পৰা লালগণেশলৈ যোৱা বাছসমূহ মালিগাঁও, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাব, চানমাৰি উৰণীয়া সেতু, নুনমাটি, পাথৰকুৱেৰী, এক্সপ্ৰেছ হাইৱে, ছয়মাইল, জি এছ ৰোড, ছুপাৰ মার্কেট, লাষ্টগেট, গণেশ মন্দিৰ, কাহিলীপাৰা হৈ চলাচল কৰিব। নটবমাৰ পৰা আমিনগাঁৱলৈ যোৱা বাছসমূহ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ত্ৰিপুৰা গলি, এক্সপ্রেছ হাইৱে, নাৰেংগী, নুনমাটি, চানমাৰি হৈ চলাচল কৰিব। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ এক্সপ্ৰেছ হাইৱে, নুনমাটি, চানমাৰি, এম জি ৰোড হৈ চলাচল কৰিব। ধাৰাপুৰৰ পৰা  অহা বাছসমূহ মালিগাঁও, চানমাৰি, জু-ৰোড, গণেশগুৰি উৰণীয়া সেতু, ছয়মাইল উৰণীয়া সেতু হৈ চলাচল কৰিব।
 
বৰ্ষাপাৰা ষ্টেডিয়াম
 
২ অক্টোবৰত অনুষ্ঠিত হবলগীয়া ভাৰত-দক্ষিণ আফ্রিকা টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে ষ্টেডিয়ামৰ প্ৰৱেশপথ নিৰ্ধাৰণ কৰা হৈছে। উক্ত দিনা গেট নং ১ (বি)ৰে আমন্ত্ৰিত লোকসকলে এ কে আজাদ ৰোড, বর্ষাপাৰা তিনিআলি হৈ বর্ষাপাৰা ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। বৰ্ষাপাৰা পথৰ গে'ট নং ২ ৰে বৰ্ষপাৰা তিনিআলি হৈ দৰ্শক প্ৰৱেশ কৰিব পাৰিব। আৰ জি বৰুৱা পথৰ গেট নং ৩ ৰে গডৰেজ গলি, ৰলিং মিল হৈ দৰ্শক প্ৰৱেশ কৰিব পাৰিব। ৰ'লিং মিল পথৰ গেট নং ৪ ৰে ৰ'লিং মিল তিনিআলি হৈ দৰ্শক প্ৰৱেশ কৰিব পাৰিব। ড° ভূপেন হাজৰিকা পথৰ গেট নং ৫ ৰে ৰঘুনাথ ৰোড হৈ দৰ্শক প্ৰৱেশ কৰিব পাৰিব। ড° ভূপেন হাজৰিকা পথৰ গেট নং ৬ ৰে ৰঘুনাথ ৰোড হৈ দৰ্শক প্ৰৱেশ কৰিব পাৰিব আৰু বৰ্ষাপাৰা পথৰ গোট নং ৭ ৰে বৰ্ষাপাৰা তিনিআলি হৈ দর্শক প্ৰৱেশ কৰিব পাৰিব। 
পূজাৰ সময়ছোৱাত পাণবজাৰ থানা এলেকাত শনি মন্দিৰ দিশৰ পৰা ৪ নং গেটলৈ এম এছ ৰোড ন' এন্ট্রি কৰা হ'ব। ৰে'লৱে গেট নং ৪ ৰ পৰা শনি মন্দিৰলৈ পথছোৱা মুকলি থাকিব। ড° জে চি দাস পথৰ এম জি পথৰ পৰা খুবচান্দ পইণ্টলৈ পথছোৱা ন’ এন্ট্রি কৰা হ'ব। কমিছনাৰ পইণ্টৰ পৰা জি এন বি পথৰ দিশে। চলাচল কৰা যান-বাহনসমূহ কলেজ হোষ্টেল ৰোড হৈ জি এন বি পথলৈ চলাচল কৰিব পাৰিব। চানমাৰি-গীতানগৰ নুনমাটি থানা এলেকাত অনুৰাধা পইণ্টৰ পৰা হাতীগঁড় চাৰিআলিলৈ যান-বাহন চলাচল কৰিব নোৱাৰিব। হাতীগড় চাৰিআলিৰ পৰা যান-বাহনসমূহ প্ৰৱেশ কৰিব পাৰিব। বন্দনা পইণ্টৰ পৰা এছ বি আই গলি হৈ ৰিফাইনাৰী গে 'টলৈ পথছোৱা ন’ এন্ট্রি কৰা হ'ব। দিছপুৰ থানা এলেকাত গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণীয়া সেতুলৈ ড° আৰ পি ৰোড ৱান ৱে' কৰা হ'ব। জু-ৰোড দিশৰ পৰা গণেশ মন্দিৰ দিশলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। গণেশগুৰি হলছেল মাৰ্কেটৰ পৰা ছাৰ্ভিচ ৰোড হৈ গণেশগুৰিলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। হোলছেল মার্কেটৰ পৰা আৰ পি ৰোডলৈ শংকৰদেৱ পথ ৱান ৱে' কৰা হ'ব। 
আনহাতে, বশিষ্ঠ থান এলেকাত স্থানীয় বাসিন্দাৰ বাহিৰে জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। বেলতলা তিনিআলি দিশৰ পৰা জয়ানগৰ চাৰিআলি দিশলৈ পথছোৱা ৱান ৱে' কৰা হ'ব। বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলিলৈ বিষ্ণু ৰাভা পথ ৱান' ৱে কৰা হ'ব। বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ড° বি এন শ‍ইকীয়া পথ ন' এন্ট্রি কৰা হ'ব। এ জি অফিচৰ দিশৰ পৰা সৌৰভ নগৰ আৰু ত্ৰিপুৰা গলিলৈ এ জি অফিচ বাইলেন ৱান বে' কৰা হ'ব। ত্ৰিপুৰা গলি আৰু সৌৰভ নগৰ দিশৰ পৰা কোনো যান-বাহন প্রৱেশ কৰিব নোৱাৰিব। ত্ৰিপুৰা গলিৰ এটা দিশত যান-বাহন পার্কিং কৰিব পাৰিব। স্থানীয় বাসিন্দাৰ বাহিৰে বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব। জালুকবাৰী থানা এলেকাত মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুলৈ পথছোৱা না এন্ট্রি কৰা হ'ব। আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প'ৰ্ট হৈ মালিগাঁও চাৰিআলিলৈ পথছোৱা মুকলি থাকিব। গোশালা দিশৰ পৰা পি এন জি বি ৰোড ৰে'লৱে ক্ৰছিঙলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। যান-বাহনসমূহ মালিগাঁও তিনি নম্বৰ গে'টেৰে চলাচল কৰিব পাৰিব। কামাখ্যা ষ্টেচন আৰু গোটানাৰ অঞ্চলৰ যান-বাহনসমূহ  ৰেলৱে গেট নং ৩ আৰু ৰে'লৱে মুখ্য কাৰ্যালয়লৈ চলাচল কৰিব পাৰিব। পাণ্ডু কেবিন আৰু কামাখ্যা মন্দিৰৰ পৰা নতুনকৈ নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ ঘাট ৰোড ন' এণ্টি কৰা হ'ব। 
 
দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ৰ এক দৃশ্য
 
ভৰলুমুখ থানা এলেকাত ফটাশিল চাৰিআলি, ৰে'লৱে গেট নম্বৰ ৬, ৭, ৮ আৰু সতী জয়মতী পথেৰে কুমাৰপাৰা পাঁচ আলিলৈ পথছোৱা ন’ এন্ট্রি কৰা হ'ব। চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিলৈ পথছোৱা ন’ এন্ট্রি কৰা হ'ব। আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। এ টি ৰোড (আঠগাঁও উৰণীয়া সেতুৰ পৰা ভৰলুমুখ) আৰু দীনেশ গোস্বামী পথ (ভৰলুমুখৰ পৰা শান্তিপুৰলৈ) পথছোৱা ন' পার্কিং কৰা হৈছে। ফটাশিল চাৰিআলিৰ পৰা চাবিপুললৈ পথছোৱা ৱান ৱে' কৰা হ'ব। জে পি আগৰৱালা পথৰ শ্লুইচ গেটৰ পৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়লৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব। বিষ্ণুপুৰ সেতুৰ পৰা চাইকেল ফেক্টৰীলৈ পথছোৱা না এন্ট্রি কৰা হ'ব। হাৰিয়ানা ভৱনৰ পৰা কুমাৰপাৰা পাঁচআলিলৈ পথছোৱা না এন্ট্রি কৰা হ'ব।
বাণিজ্যিক যাত্ৰীবাহী বাহনৰ চলাচলৰ বাবে নিৰ্ধাৰন কৰা নতুন নিয়ম হৈছে ক্ৰমে, অল আছাম টুৰিষ্ট পার্মিট থকা নামনি অসমৰ পৰা অহা বাহনসমূহ পূজাৰ কেইদিনত আদাবাৰী বাছ ষ্টপলৈ আহিব পাৰিব। ইপিনে, উজনি অসমৰ পৰা বাহনসমূহ বেতকুছিৰ আই এছ বি টিলৈ আহিব পাৰিব। নামনি অসমৰ পৰা মাছখোৱালৈ চলাচল কৰা এ এছ টি চিৰ চলাচলৰ পথ অধীনৰ বাছসমূহ জালুকবাৰী হৈ আই এছ বি টিলৈ যাব পাৰিব।
বিজয়া দশমীৰ দিনা মহানগৰীৰ ৰাজপথত যান-বাহনৰ চলাচল সন্দৰ্ভত ডি চি পিগৰাকীয়ে জনোৱা অনুসৰি ফাঁচী বজাৰৰ কাছমাৰী ঘাটত আয়োজন কৰা প্ৰতিমা বিসৰ্জনৰ বাবে ৫ অক্টোবৰৰ দিনৰ ১ বজাৰ পৰা বিসর্জন প্রক্রিয়া শেষ নোহোৱা পর্যন্ত যান বাহন চলাচলৰ পথৰ সাল-সলনিসমূহ অব্যাহত থাকিব। 
 
দুৰ্গা পুজাৰ এক দৃশ্য
 
মূৰ্তি কঢ়িওৱা বাহনৰ বাহিৰে আন কোনো বাহন এম চি ৰোডত প্ৰৱেশ কৰিব নোৱাৰিব। বাহনসমূহ জি এন বি ৰোড, টি চি পইণ্ট, আৰ বি আই পইণ্টৰ পৰা পাণবজাৰ উৰণীয়া সেতুৰ নৰ্থ পইণ্ট হৈ চলাচল কৰিব পাৰিব। পৰৱৰ্তী সময়ত বাহনসমূহে বাওঁ দিশে ঘূৰি এটি ৰোড হৈ যাব পাৰিব। মূৰ্তি কঢ়িওৱা বাহনৰ বাহিৰে আন কোনো বাহন জি এন বি ৰোডৰ পৰা কে এল বি ৰোডলৈ জিলা পুথিভঁৰাল পইণ্টত সোঁ দিশে ঘূৰিব নোৱাৰিব। জালুকবাৰী, ভৰলুমুখ দিশৰ পৰা চানমাৰি, দিছপুৰ অভিমুখে অহা সকলো বাহন এম জি ৰোডৰ এপ'ল' পইণ্টত নিয়ন্ত্ৰণ কৰা হ'ব। তাৰ পৰা বাহনসমূহ টি আৰ পি ৰোড, এইচ বি ৰোড আৰু এ টি ৰোড হৈ চলাচল কৰিব পাৰিব। এই বাহনসমূহ এইচ বি ৰোড, কে এল বি ৰোড হৈ চানমাৰি, নুনমাটি আৰু গীতানগৰ অভিমুখে যাব পাৰিব। একেদৰে বাহনসমূহ এ টি ৰোড হৈ দিছপুৰ, খানাপাৰা অভিমুখে যাব পাৰিব। উজানবজাৰ, খাৰঘুলি আৰু নুনমাটি দিশৰ পৰা অহা বাহনসমূহ তৈয়বুল্লা ৰোড আৰু জি এন বি ৰোড হৈ চলাচল কৰিব পাৰিব। টি আৰ পি ৰোড আৰু এইচ বি ৰোড এপ'ল' পইণ্ট দিশৰ পৰা বান ৱে' কৰা হ'ব।
আনহাতে, চানমাৰি দিশৰ পৰা যোৱা মূৰ্তি কঢ়িওৱা বাহনসমূহ টি চি পইণ্টৰ পৰা এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোড হৈ চলাচল কৰিব পাৰিব। টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ আৰু লালগণেশ দিশৰ পৰা যোৱা মূর্তি কঢ়িওৱা বাহনসমূহ বি কে কাকতি পথ, উলুবাৰী, জি এছ ৰোড, পল্টনবজাৰ, পাণবজাৰ উৰণীয়া সেতু, এম এল এন ৰোড আৰু এম জি ৰোড হৈ চলাচল কৰিব পাৰিব। অথবা এ কে আজাদ  ৰোড, নেপালী মন্দিৰ, পাণবজাৰ উৰণীয়া সেতু, এম এল নেহৰু ৰোড আৰু এম জি ৰোড হৈ চলাচল কৰিব পাৰিব । কুমাৰপাৰা, আঠগাঁও আৰু ফটাশিল দিশৰ পৰা অহা মূর্তি কঢ়িওৱা বাহনসমূহ এ টি ৰোড, টি আৰ পি ৰোড, কেদাৰ ৰোড আৰু এম জি ৰোড হৈ কাছমাৰী ঘাটলৈ যাব পাৰিব। ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি দিশৰ পৰা অহা মূর্তি কঢ়িওৱা বাহনসমূহ জি এছ ৰোড, ভঙাগড়, ৰাজগড় ৰোড, আৰ বিৰুৱা ৰোড, জি এন বি ৰোড, গুৱাহাটী ক্লাব, টি চি পইণ্ট, এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোড হৈ চলাচল কৰিব পাৰিব। 
একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলীপাৰা দিশৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহনসমূহ আৰ জি বৰুৱা ৰোড, জি এন বি ৰোড, গুৱাহাটী ক্লাব, টি চি পইণ্ট, এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোড হৈ চলাচল কৰিব পাৰিব। উলুবাৰীৰ পৰা টি চি পইণ্টলৈ কোনো মূর্তি কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব। ভৰলুমুখ আৰু ফটাশিল দিশৰ পৰা অহা মূর্তি কঢ়িওৱা বাহনসমূহ এ টি  ৰোড, ডি জি ৰোড হৈ পাণ্ডুলে যাব পাৰিব। মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুলৈ মূৰ্তি কঢ়িওৱা কোনো বাহন চলাচল কৰিব নোৱাৰিব। মূর্তি কঢ়িওৱা বাহনসমূহ আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প'ৰ্টৰ বিসৰ্জন ঘাটলৈ যাব পাৰিব। বিসৰ্জনৰ পিচত মূর্তি কঢ়িওৱা বাহনসমূহ সদিলাপুৰৰ ৬ নং কলনি হৈ জালুকবাৰী অভিমুখে যাব পাৰিব।