জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণ; ৬ জনৰ মৃত্যু, ৮ জন সন্ধানহীন

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ৰাজৌৰী / শ্ৰীনগৰ 
 
শনিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণ হয়৷ ফলত জম্মু-কাশ্মীৰত হৈ থকা বৰষুণৰ মাত্ৰা বৃদ্ধি হয় ৷ ইতিমধ্যে ৰাজৌৰী জিলাৰ কেবাটাও অঞ্চল পানীৰে বুৰ যায় আৰু বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে প্ৰায় ৬জন লোকৰ মৃত্যু হয়।
 
পুঞ্চৰ সুৰনকোটে তহচিলৰ এখন দুৰ্গম গাঁৱত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনৰ হাভেলী অঞ্চলত আন এজন লোকৰ মৃত্যু হয়৷ ৰাজৌৰী জিলাতো আন এজন লোকে প্ৰাণ হেৰুৱাইছে৷ মৃত লোককেইজনৰ পৰিচয়ো উদ্ধাৰ কৰা হৈছে৷ 
 
দেওবাৰে পুৱাৰ ভাগত লাভ কৰা তথ্য মতে, এতিয়ালৈকে ৮ জন লোক সন্ধানহীন হৈ আছে৷ জিলা প্ৰশাসন, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে একত্ৰিত হৈ উদ্ধাৰ অভিযান চলাই আছে৷ নদীৰ কাষত বা আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে প্ৰশাসন ব্যস্ত হৈ আছে। বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণক নদীৰ কাষলৈ যোৱাৰ পৰা বিৰত থকাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।
 
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) কৰা পূৰ্বানুমান অনুসৰি, বতৰ বেয়াৰ হোৱাৰ লগতে বানৰো আশংকা কৰা হৈছে৷ যাৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰে সতৰ্কতা অৱলম্বন কৰিছে।
 
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, জম্মুৰ কিছু অংশ বিশেষকৈ ৰাজৌৰী চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অত্যন্ত ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছে।
 
ওমৰ আব্দুল্লাই এক্সৰ এটা পোষ্টত এই কথা সদৰী কৰে, "বৰষুণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে বহু সম্পত্তিৰ ক্ষতি সাধন হৈছে৷ ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সহায় কৰিব৷ আনকি সোমবাৰে যন্তৰ-মন্তৰৰ প্ৰতিবাদত অংশ ল’বলৈ দেওবাৰে তেওঁ দিল্লীলৈ উৰা মাৰিব৷ এই প্ৰতিবাদৰ পৰা উভতি আহি এই বান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব।"  
 
বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতে, ১৯ জুলাইৰ পৰা ২৩ জুলাইলৈকে জম্মুৰ বতৰ বেয়া হৈ থাকিব৷ বিশেষকৈ পীৰ পাঞ্জল ৰেঞ্জ আৰু অনন্তনাগ, পহলগাম, কুলগাম, শ্বোপিয়ান, গুলমাৰ্গ, সোনামাৰ্গ-জোজিলাকে ধৰি কেবাটাও দুৰ্বল স্থানত ভূমিস্খলন, খহনীয়া, বান আদিৰ সৃষ্টি হ’ব পাৰে৷
 
বেয়া বতৰৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ডাঙৰ পথৰ যাতায়তকে ধৰি পৰিবহণ সেৱাত ব্যাঘাত জন্মিব পাৰে বুলিও বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী দিয়ে৷
 
নদ-নদী আৰু উপ-অৱবাহিকাৰ পানী বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ যাৰ ফলত নিম্নভূমি অঞ্চলত পানী জমা হোৱা আৰু বানৰো আশংকা কৰা হৈছে৷ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ লগতে প্ৰশাসনে দেওবাৰৰ পৰা কাশ্মীৰত অমৰনাথ যাত্ৰা স্থগিত ৰাখি যাত্ৰীসকলক প্ৰশাসনৰ পৰৱৰ্তী ঘোষণালৈ বাট চাবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ 
 
কেৰাণ, কৰ্ণাহ, মাচিল, বুডনামাল, জুমুগুণ্ড, নৌগাম, কুমকাডিৰ পাহাৰীয়া অঞ্চলত বাস কৰা আৰু বিভিন্ন নদ-নদী আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলক বতৰ ফৰকাল নোহোৱালৈকে এই অঞ্চলসমূহত আহ-যাহ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।