নতুন দিল্লী
উত্তৰাখণ্ডৰ চামোলী জিলাত হোৱা ডাৱৰ বিস্ফোৰণে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত ১০ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে গভীৰ নিশা হঠাৎ হোৱা ধাৰাসাৰ বৰষুণে নন্দনগৰলৈ প্ৰচণ্ড ধ্বংসাৱশেষ কঢ়িয়াই অনাৰ ফলত ছটা বাসগৃহ ধ্বংসাৱশেষলৈ পৰিণত হয়৷
অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমান অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ জে চি বি মেচিন আৰু অন্যান্য সঁজুলিৰ সৈতে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু ৰাজহুৱা কাম বিভাগৰ দল নিয়োগ কৰা হৈছে ৷ ধ্বংসাৱশেষৰ পৰা দুজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷ বিষয়াসকলে নিশ্চিত কৰিছে যে তিনিখন এম্বুলেন্সৰ সৈতে এটা চিকিৎসা দল সেই স্থানত উপস্থিত হৈছে ৷
কিন্তু অবিৰত বৰষুণ আৰু কঠিন ভূখণ্ডই উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে৷ বতৰ বিজ্ঞান বিভাগেও আগন্তুক দিনত চামোলীত আৰু অধিক ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে৷ স্থানীয় লোকে জনোৱা মতে, ডাৱৰ বিস্ফোৰণৰ পিছতো বহু বাসিন্দা ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে৷ নিৰুদ্দেশ হোৱা লোকসকলৰ স্থান নিৰ্ণয় কৰিবলৈ দল নিয়োগ কৰা হৈছে যদিও আৰু অধিক ভূমিস্খলনৰ আশংকা আহি পৰিছে৷
ডেৰাডুনৰ সহস্ৰধৰাত সংঘটিত হোৱা ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ মাত্ৰ চাৰিদিন পিছত এই ঘটনা সংঘটিত হৈছে ৷ সহস্ৰধৰাত ডাৱৰ বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছিল, ৰাস্তা-ঘাট জাহ গৈছে, দোকান-পোহাৰ আৰু ঘৰ-দুৱাৰৰ ক্ষতিসাধন হৈছে আৰু দুখন ডাঙৰ দলং ধ্বংস হৈছিল ৷ দুৰ্যোগৰ ফলত ৰাজ্যৰ ৰাজধানী চহৰখনক আশে-পাশে থকা অঞ্চলৰ সৈতে সংযোগ কৰা কেইবাটাও পথ বিচ্ছিন্ন হৈ পৰে ৷
ইফালে, সহস্ৰধৰাৰ ডাৱৰ বিস্ফোৰণে আৰু প্ৰচণ্ড বৰষুণৰ ফলত তামছা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ডেৰাডুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰৰ পৰিসৰ বানত বুৰ যোৱাৰ লগতে মন্দিৰৰো ব্যাপক ক্ষতিসাধন হয় ৷
কেইবাফুট বালি আৰু ধ্বংসাৱশেষে মন্দিৰৰ পৰিসৰ ঢাকি ৰখাৰ লগতে দেৱালত গভীৰ ফাট মেলিছে ৷ পৰিস্থিতি অধিক বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২০ ছেপ্টেম্বৰলৈকে প্ৰচণ্ড বৰষুণ, ভূমিস্খলন, আন্তঃগাঁথনি ভাঙি পৰা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে সকীয়াই দি ডেৰাডুন, চম্পাৱত, উধম সিং নগৰ, তেহৰি গড়ৱাল, পৌৰী গড়ৱাল আৰু চামোলীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ৷