গুৱাহাটী
গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে বিশেষভাৱে তৎপৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগকেই দিছে এই নিৰ্দেশনা।
শপত গ্ৰহণৰ পিছৰে পৰাই এটাৰ পাছত আনটো বিভাগৰ সৈতে এখনৰ পাছত আনখনকৈ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্রীগৰাকী। দেওবাৰে মুখ্যমন্ত্রীয়ে দিছপুৰৰ লোকসেৱা ভৱনত কেইটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিছে। গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটী জল ব’ৰ্ড আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক গুৱাহাটীক দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কামৰ অগ্ৰগতি আৰু ভৱিষ্যৎ ৰূপৰেখা পৰ্যালোচনাৰে বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ মূল্যায়ন কৰা হয়। নাগৰিককেন্দ্ৰিক উন্নয়নত গুৰুত্ব প্ৰদান কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান নিয়ন্ত্ৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মুক্ত স্থান উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রীয়ে।
এই বৈঠকখনৰ আন এক গুৰুত্বপূর্ণ দিশ হিচাপে নগৰীয়া বান প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা, গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত 'ছেটেলাইট টাউনশ্বিপ'ৰ বিস্তাৰৰ লগতে অসমৰ আন আন চহৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা সুবিধা অধিক উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। জনসাধাৰণৰ সকলো দিশৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে বিষয়াসকলক বিভিন্ন সংস্থাৰ মাজত সুসমন্বয় বজাই ৰাখিবলৈ, ফলদায়ক উন্নত দৃষ্টিভংগীৰে কাম কৰিবলৈ মুখ্যমন্ত্রীয়ে বৈঠকত নিৰ্দেশনা প্ৰদান কৰে।