হাতীৰ সৈতে সহাৱস্থান : বি এছ এফৰ বিষয়া জোৱানৰ মাজত সজাগতা সৃষ্টি

Story by  atv | Posted by  [email protected] • 2 Months ago
সজাগতা অনুষ্ঠানটোৰ ছবি
সজাগতা অনুষ্ঠানটোৰ ছবি
 
গুৱাহাটী
 
মেঘালয়ৰ বন বিভাগে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ বাবে এছিয়ান হাতী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰে।
 
 
ভাৰত-বাংলাদেশৰ সীমান্তৰ এই অঞ্চলত পহৰাত নিয়োজিত বি এছ এফৰ জোৱানসকলে সঘনাই এই বৃহাদাকাৰ প্ৰানীবিধৰ (এছিয়ান হাতী) সন্মুখীন হয়।  অঞ্চলটোত কেতিয়াবা হাতী আৰু মানুহৰ সংঘাতৰ ঘটনাও ঘটে।
 
সীমান্ত সুৰক্ষা বাহিনীয়ে এছিয়ান হাতীৰ আচৰণ আৰু সহাৱস্থানৰ সম্ভাৱ্য ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে মেঘালয়ৰ বন বিভাগক আমন্ত্ৰণ জনাইছিল। আৰণ্যকৰ এটা সমল গোটৰ সহায়ত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ মহাদেউস্থিত বি এছ এফৰ ১ম বেটেলিয়নত ১৬ ফেব্ৰুৱাৰীত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
 
সজাগতা অনুষ্ঠানটোৰ ছবি
 
আৰণ্যকৰ বিষয়া অভিজিৎ বৰুৱাই ‘এনকাউন্টাৰিং দ্যা জায়েণ্টছ : আন্দাৰষ্টেণ্ডিং এলিফেণ্ট বিহেভিয়াৰছ’ শীৰ্ষক আৰু আন এগৰাকী বিষয়া অনুষ্কা শইকীয়াই ‘মানৱ-হাতী সংঘাতৰ পৰা সহাৱস্থানলৈ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
 
বি এছ এফ বেটেলিয়নটোৰ উপ অধিনায়ক সঞ্জয় সিঙে ৩৫ জন জোৱানৰ সৈতে এই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বাঘমাৰাৰ ৰেঞ্জ বিষয়া চিনচিন চাংমা আৰু ছিজু বন্যপ্ৰাণী অভয়াৰণ্যৰ ভাৰপ্ৰাপ্ত বিষয়া স্কিলছন ডি মাৰাকৰ লগতে ১৭ জন ফ্ৰণ্টলাইন বান কৰ্মীয়েও অংশগ্ৰহণ কৰে।
 
আৰণ্যকৰ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, “আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱাৰ সহযোগত আৰণ্যকে বহু অংশীদাৰক জড়িত কৰি আৰু বহুমুখী দৃষ্টিভঙ্গীৰে অসম আৰু মেঘালয়ত হাতী সংৰক্ষণৰ বাবে কাম কৰি আহিছে। এনে সজাগতা কাৰ্যসূচীসমূহ  হাতী সংৰক্ষণ সামগ্ৰিক পদক্ষেপৰ অংশ বিশেষ।"
 
উল্লেখ্য যে মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলত অব্যাহত থকা সজাগতা  শৃংখলাৰ অংশ হিচাপে শুকুৰবাৰৰ (১৬ ফেব্ৰুৱাৰী) কাৰ্যসূচী অনুস্থিত কৰা হয়। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাত বি এছ এফৰ ৫০ নং বেটেলিয়নৰ বাবে অনুৰূপ এখন সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। পূব আৰু পশ্চিম গাৰো পাহাৰৰ ডালুত বি এছ এফৰ ১০০ নং বেটেলিয়নৰ বাবে ১৯ ফেব্ৰুৱাৰীত পৰৱৰ্তী সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হ’ব।