আৰণ্যক-এছ বি আই এফৰ মানৱ-হাতী সংঘাত প্ৰশমনৰ প্ৰচেষ্টাত সংঘাত প্ৰভাৱিত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা

Story by  atv | Posted by  [email protected] • 1 Months ago
পৰিশ্ৰমি মহিলাসকল
পৰিশ্ৰমি মহিলাসকল
 
গুৱাহাটী 
 
অসমৰ মানৱ-হাতী সংঘাত জৰ্জৰিত বিভিন্ন অঞ্চলত স্থানীয় সমুদায়ক জড়িত কৰি এই সংঘাত প্ৰশমনৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাত মহিলা সমাজে অনবদ্য সহযোগিতা আগবঢ়াই আহিছে।
 
 
এছ বি আই ফাউণ্ডেশ্যন (এছ বি আই এফ)ৰ সহযোগত আৰণ্যকে ৰাজ্যখনৰ ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ মানৱ-হাতী সংঘাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত স্থানসমূহত সংঘাত প্ৰশমনৰ ক্ষেত্ৰত স্থানীয় সমুদায়ক জড়িত কৰাৰ বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। 
 
এই প্ৰচেষ্টাৰ অংশ হিচাপে স্থানীয় মহিলা সকলক জীৱিকাৰ বিকল্প ব্যৱস্থা কৰি অৰ্থনৈতিক সৱলীকৰণ কৰা  আৰু  মানৱ-হাতী সংঘাত সৃষ্ট জৰুৰীকালীন পৰিস্থিতিত প্ৰথমিক চিকিৎসা প্ৰদান কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ উপৰিও সৌৰশক্তিচালিত বেৰাকে ধৰি মানৱ-হাতী সংঘাত প্ৰশমনৰ বিভিন্ন সঁজুলিৰ জৰিয়তে তেওঁলোকৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। 
 
আগতে বন্যহস্তীৰ ভয়ত অসংখ্য নিদ্ৰাহীন ৰাতি অতিবাহিত এই জিলা কেইখনৰ মাহৱ-হাতী সংঘাত প্ৰভাৱিত বিভিন্ন গাঁৱৰ মহিলাসকলে এতিয়া কেৱল ৰাতি শান্তিৰে শুব পৰাই নহয়,  তেওঁলোকৰ বাসস্থান আৰু শস্যৰ পথাৰ সুৰক্ষিত কৰাৰ বাবে সৌৰশক্তি চালিত বেৰা স্থাপনৰ পাছত  কোনো ভয় নোহোৱাকৈ দৈনন্দিন কাম-কাজ বোৰৰ লগতে উপাৰ্জনমুখী কাম-কাজবোৰো কৰিব পৰা হৈছে।
 
পৰিশ্ৰমি মহিলাসকল
 
সেই মহিলাসকল এতিয়া স্থানীয় পৰ্যায়ত সামূহিক অংশগ্ৰহণৰ ভিত্তিত মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ প্ৰচেষ্টাৰ এক মূল অংশ হৈ পৰিছে। 
 
ওদালগুৰি জিলাৰ ছেগুনবাৰী গাঁৱৰ তেনে এগৰাকী মহিলা ৰীতা বড়োৱে(৫৩) বিগত বৰ্ষৰ এপ্ৰিল মাহত এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত গুৱাহাটীৰ আই আই বি এমত অনুষ্ঠিত হোৱা প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ কাৰ্যসূচীত এগৰাকী সমূহীয়া স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিছিল।
 
হাতীৰ সৈতে মুখামুখি হোৱাৰ সময়ত আৰু চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে প্ৰথমিক চিকিৎসাৰ প্ৰয়োজন হোৱা যিকোনো জৰুৰীকালীন অৱস্থাত এজন লোকক সহায় কৰিবলৈ অত্যাৱশ্যকীয় দক্ষতা আৰু জ্ঞানেৰে মানুহক সমৃদ্ধ কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। তেতিয়াৰ পৰাই তেঁও প্ৰায়ে আৰণ্যকৰ সৈতে নিজৰ স্থানীয় অঞ্চলত এনে প্ৰশিক্ষণ দিয়া কাৰ্যত জড়িত হৈ আছে।
 
এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাপেও কাম কৰা ৰীতাই সমজুৱা সহায়ৰ জৰিয়তে সমাজলৈ সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ লগতে এটা আত্ম সহায়ক গোটৰ বিভিন্ন কৃষি আৰু অকৃষিভিত্তিক কামৰ সৈতেও নিজকে জড়িত কৰি ৰাখিছে। 
 
প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ৰীতাই এক বাস্তৱ পৰিস্থিতিত তেওঁৰ দক্ষতা প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰিছিল। এই বিষয়ে সদৰি কৰি তেওঁ কয়,  “২০২৩ চনৰ ১৭ এপ্ৰিলত বামুনজুলিত জে জে এমৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণত অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি আহি থাকোঁতে মই ৰাস্তাত বহি থকা অৱস্থাত পাংৰু বৰাইকৰ মুখামুখি হওঁ।   তামোল গছ পৰাৰ ফলত তেওঁ বাওঁ ভৰিত আঙুলিৰ পৰা আঁঠুৰ ঘিলা পৰ্যন্ত গুৰুতৰভাৱে জখম হৈছে। বিষত জৰ্জৰিত বৰাইকক দেখি মই ততালিকে স্কুটীৰ পৰা নামি গাঁওবাসীৰ পৰা সহায় বিচাৰিলোঁ। দুৰ্ভাগ্যজনকভাৱে সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। সৌভাগ্যবশত: সেই ফালেৰে পাৰ হৈ যোৱা ছেগুনবাৰীৰ এজন বৃদ্ধ লোকে তেওঁৰ কাপোৰখন আগবঢ়াই দিলে আৰু ৰক্তক্ষৰণ বন্ধ কৰিবলৈ মই সেইখনেৰে আঘাতপ্ৰাপ্ত ঠাইখিনি মেৰিয়াই দিলোঁ। আহত লোকজনক চিকিৎসালয়লৈ নিয়াৰ বাবে সহায় বিচাৰি মই আৰণ্যকৰ দলৰ এজন সহকৰ্মী দিবাকৰ নায়কক যোগাযোগ কৰিলোঁ আৰু তাৰ পিছত আমি এখন এম্বুলেন্স মাতিলোঁ। প্ৰায় ৪০ মিনিট অপেক্ষাৰ অন্তত এম্বুলেন্স আহি আহত লোকজনক চিকিৎসালয়লৈ লৈ গ’ল।” 
 
পৰিশ্ৰমি মহিলাসকল
 
তেওঁ এনে অসংখ্য ঘটনা সন্মুখীন হোৱা গাঁৱৰ বাসিন্দাসকলৰ বাবে প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এজন আহত ব্যক্তিক সহায় কৰাৰ ক্ষেত্ৰত অমূল্য হিচাপে প্ৰমাণিত হোৱা এনে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ পোৱাৰ বাবে তেওঁ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। ৰীতাই তেওঁৰ এই দক্ষতা ব্যৱহাৰ কৰি আৰ্তজনক সহায় কৰিবলৈ সদা প্ৰস্তুত। 
 
বনৰীয়া হাতীয়ে অহৰহ সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পৰা পৰিত্ৰাণ পাবলৈ ওদালগুৰি জিলাৰ বদলাপাৰা গাঁৱৰ চাৰিটা আত্মসহায়ক গোটৰ ওঠৰগৰাকী সাহসী মহিলাই হাতীয়ে খাদ্য হিচাপে পছন্দ নকৰা কচু, হালধি আৰু ক’লা মচুৰ দাইলৰ দৰে বিকল্প শস্যৰ খেতিৰে  এক পৰিৱৰ্তনশীল উদ্যোগ গ্ৰহণ কৰিছে। 
 
ভূমিহীন পৰিয়ালৰ মহিলাৰ এই গোটটোৱে বন্যপ্ৰাণী উপদ্ৰৱত গৰাকীয়ে কৃষি কাৰ্য ত্যাগ কৰা মাটিত এই খেতি কৰে। তেওঁলোকে কেতিয়াবা এনে মাটি লীজতো লয়। 
 
অদম্য দৃঢ়তাৰ পৰিচয় দাঙি ধৰি তেওঁলোকে যোৱা বছৰৰ এপ্ৰিল মাহত আৰণ্যক আৰু এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত এবিঘা মাটিত ১৫০ কিলোগ্ৰাম হালধি মুঢ়া ৰোপন কৰে। হাতীয়ে বহুবাৰ গচকাৰ পাছতো হালধিৰ গছবোৰ পুনৰ ঠন ধৰি উঠিছিল। গৰু-ম’হৰ পৰা শস্য ৰক্ষা কৰাৰ বাবে এই মহিলাসকলে নিজে ধন গোটাই ৪,৭৫০ টকা মূল্যৰ পাঁচ বাণ্ডিল তাঁৰৰ বেৰ ক্ৰয় কৰি তেওঁলোকৰ মাটিখিনি বেৰা দিযাৰ ব্যৱ্স্থা কৰে। এই সামূহিক প্ৰচেষ্টাই তেওঁলোকৰ খেতি মাটিখিনি পশুৰ পৰা ৰক্ষা কৰাৰ লগতে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সমূহীয়া সহযোগিতাৰ শক্তিৰ নিদৰ্শন দাঙি ধৰিছে। 
 
বৰ্তমান খেতিৰ এটা অংশ চপাই তেওঁলোকে ২৫০ কিলোগ্ৰাম হালধি পাইছে। বিভিন্ন প্ৰতিকূলতাই বিৰক্ত কৰা এই মহিলাসকলে হালধি খিনি কেঁচাকৈ বিক্ৰী কৰাৰ পৰিৱৰ্তে মূল্য সংযোজনৰ বাবে গুড়ি হিচাপে বিক্ৰী কৰি অধিক লাভ অৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানৱ সম্পদৰ নামত হোৱা ব্যয় কৰ্তন কৰা বাবে তেওঁলোকে হালধিখিনি উহোৱা আৰু ৰ’দত শুকুওৱাৰ বাবে নিজৰ মাজতে সমানে ভগাই লোৱাৰ কৌশলী পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পাছত শুকান হালধিখিনি গুড়ি কৰিবলৈ পুনৰ সংগ্ৰহ কৰা হ’ব। 
 
বদলাপাৰাৰ এই মহিলাসকলৰ সফলতাৰ কাহিনী  আশা আৰু প্ৰেৰণাৰ এক উজ্জ্বল নিদৰ্শন। প্ৰতিকূল পৰিস্থিতিতো বৰ্তি থকা বিকল্প শস্যৰ খেতি কৰি লাভ কৰা এনে সফলতাই হাতীৰ উপদ্ৰৱৰ পৰিপ্ৰেক্ষিতত বহনক্ষম কৃষি কাৰ্যৰ ৰুপান্তৰৰ সম্ভাৱনা দাঙি ধৰি স্থানীয় লোকসকলক আত্মবিশ্বাসী কৰি তুলিছে। 
 
মানৱ-হাতী সংঘাতৰ ফলস্বৰুপে শস্য নষ্ট হোৱাৰ পীড়া সহিব লগা হোৱা এগৰাকী মহিলা হৈছে - ওদালগুৰি জিলাৰ শালগুৰি গাঁৱৰ বাসিন্দা অনৈথি বড়ো ।  এই অকলশৰীয়া মাতৃ গৰাকীক জীৱিকাৰ পৰিপূৰক উপায় বাচনিত আৰণ্যকে সহায় আৰু সজাগ কৰাৰ লগতে হাতীৰ বাবে কম ৰুচিকৰ শস্যৰ খেতি কৰিবলৈ উৎসাহিত কৰিছে।
 
অনৈথিয়ে কয়,  “আৰণ্যক-এছ বি আই এফৰ সহায়ত মই দুবিঘা (০.৫০ হেক্টৰৰ সম পৰিমাণৰ) মাটিত ৩.৭৫ কিলোগ্ৰাম সৰিয়হৰ গুটি সিঁচিছো  আৰু ট্ৰেক্টৰেৰে পথাৰখন চহোৱাৰ বাবে ১৬০০ টকা খৰচ কৰিছো। প্ৰায় ২.৫ মাহৰ পাছত সৰিয়হ ফুলেৰে হালধীয়া হৈ পৰা মোৰ পথাৰখন দেখি মই অতি আনন্দিত হ’লোঁ। মই প্ৰায় দুই কুইণ্টল শস্য পালোঁ আৰু এইখিনি বজাৰত বিক্ৰী কৰিম। মই সুখী যে মোৰ শস্যবোৰ হাতীয়ে নষ্ট কৰা নাছিল।
 
এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে । আৰণ্যকে এছ বি আই এফৰ সহযোগত মানৱ-হাতী সংঘাত প্ৰশমন অৰ্থে অব্যাহত ৰখা প্ৰচেষ্টাই জীৱন আৰু জীৱিকা সুৰক্ষিত কৰা, বিশেষকৈ মানৱ-হাতী সংঘাতৰ ফলত অধিক বিপদসংকূল অৱস্থাত থকা গাঁৱৰ মহিলাসকলৰ জীৱন আৰু জীৱিকাক কেনেদৰে সুৰক্ষিত কৰিছে তাৰ প্ৰতিফলন ঘটা এনে অলেখ উদাহৰণ আছে।