ডিবিটিয়ে অসমত দৰিদ্ৰতা হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  Munni Begum • 4 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমত দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰত্যক্ষ নগদ সুবিধা হস্তান্তৰ (ডি বি টি)  আঁচনিসমূহেই সৰ্বাধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যখনৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ হাৰ এক অংকলৈ নমাই অনাৰ লক্ষ্য চৰকাৰৰ বুলি তেওঁ জানিবলৈ দিয়ে।
 
বুধবাৰে অসম বিধানসভাত বাজেটৰ ওপৰত হোৱা আলোচনাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, ২০১৫ চনত অসমৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ হাৰ ৩২.৬৭ শতাংশ আছিল যদিও বৰ্তমান ই ১৪.৪৭ শতাংশলৈ হ্ৰাস পাইছে। তেওঁ কয়, "আমাৰ ৰাজ্যত দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত ডিবিটিয়ে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে। এতিয়া আমাৰ লক্ষ্য হৈছে এই হাৰ এক অংকলৈ নমাই অনা।"
 
মুখ্যমন্ত্ৰীৰ মতে, দৰিদ্ৰতাৰ ওপৰত প্ৰত্যক্ষ আঘাত হানিবলৈ ডিবিটিৰ বিকল্প নাই। উন্নয়ন, কৃষি, ক্ষুদ্ৰ, সৰু আৰু মধ্যম উদ্যোগ (MSME) আদি ক্ষেত্ৰৰ জৰিয়তে দৰিদ্ৰতা হ্ৰাস সম্ভৱ যদিও তাৰ বাবে বহু সময়ৰ প্ৰয়োজন হয়।
 
তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত ৰাজ্যত কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰাটো সম্ভৱ হৈছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু ব্ৰহ্মপুত্ৰৰ তলেদি নিৰ্মাণ হ'বলগীয়া সুৰংগৰ দৰে উচ্চাকাংক্ষী প্ৰকল্পসমূহ কেন্দ্ৰৰ সহযোগিতাৰ ফলতেই আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰে।
 
পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সেই সময়ত সাধাৰণ লোকৰ বেংক একাউণ্ট আৰু আধাৰ নথকাৰ বাবে চৰকাৰী সুবিধা প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ সঠিকভাৱে নাপাইছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েও এক সময়ত স্বীকাৰ কৰিছিল যে চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধাৰ অতি সামান্য অংশহে হিতাধিকাৰীৰ হাতলৈ গৈছিল।
 
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, অৰুণোদয়, নিজুত মইনা আৰু বিনামূলীয়া খাদ্যশস্য বিতৰণ আঁচনিৰ দৰে কল্যাণমূলক কাৰ্যসূচীয়ে অসমত দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। 
 
তেওঁ কয়, এইবাৰৰ বাজেটে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ উন্নয়নৰ অংগীকাৰ প্ৰতিফলিত কৰিছে। ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ঔদ্যোগিক বিকাশ, কৃষি আৰু অন্যান্য উৎপাদনশীল খণ্ডৰ উন্নয়ন অতি প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।
 
উন্নয়নমূলক প্ৰকল্পসমূহৰ বিৰোধিতা কৰা একাংশ লোকক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, বাওঁপন্থী চিন্তাধাৰাৰে প্ৰভাৱিত কিছু লোকে উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰি আহিছে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। 
 
একেসময়ে, বিধায়কসকলক নিজৰ নিজৰ সমষ্টিত উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তোলা, চৰকাৰী প্ৰকল্পসমূহ ৰূপায়ণত সহযোগিতা আগবঢ়োৱা আৰু যুৱ প্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়োৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী। তেওঁৰ মতে, এনে পদক্ষেপেই ৰাজ্যখনক আত্মনিৰ্ভৰশীল আৰু অধিক সমৃদ্ধিশালী দিশলৈ আগুৱাই নিব।