দিল্লী আবকাৰী গোচৰঃ আপৰ নেতা সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  [email protected] • 3 Months ago
আপৰ নেতা সঞ্জয় সিং
আপৰ নেতা সঞ্জয় সিং
 
নতুন দিল্লী

দিল্লীৰ আবকাৰী নীতিৰ অনিয়মৰ গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগত মঙলবাৰে উচ্চতম ন্যায়ালয়ে আপ নেতা সঞ্জয় সিঙক জামিন প্ৰদান কৰে। ইডিয়ে সঞ্জয় সিঙৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে আদালতৰদ্বাৰা এই নিৰ্দেশ দিয়া হৈছে।
 
ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে আবকাৰী নীতিৰ অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ বিচাৰ চলি থকাৰ সময়ত সঞ্জয় সিঙক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
 
বলবৎকাৰী সঞ্চালকালয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে সঞ্জয় সিঙে জামিন লাভ কৰাত সংস্থাটোৰ কোনো আপত্তি নাই। আবকাৰী নীতিৰ গোচৰত আপ নেতা সঞ্জয় সিঙক অধিক সময়ৰ বাবে জিম্মাত লোৱাৰ প্ৰয়োজন আছে নেকি সেই বিষয়ে আদালতে তদন্তকাৰী সংস্থাটোৰ পৰা জানিব বিচৰাৰ পিছতে ইডিয়ে জনায় যে এই ক্ষেত্ৰত তেওঁলোকৰ কোনো আপত্তি নাই।
আদালতে পৰ্যবেক্ষণ কৰে যে সঞ্জয় সিঙে ছমাহ কাৰাগাৰত কটাবলগীয়া হৈছে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিচাৰ আদালতে নিৰ্ধাৰণ কৰিবলগীয়া চৰ্তত সঞ্জয় সিঙক মুকলি কৰি দিয়া হ’ব। ৰেহাইক নজিৰ হিচাপে উল্লেখ কৰা নহ’ব বুলিও আদালতে স্পষ্ট কৰি দিয়ে। ইফালে আদালতে কয় যে সঞ্জয় সিঙে ৰাজনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিব পাৰে।
 
ইয়াৰ মাজতে শীৰ্ষ আদালতে সঞ্জয় সিঙৰ বিৰুদ্ধে গোচৰটোৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডত প্ৰত্যাহ্বান জনোৱা আন এক আবেদন নিষ্পত্তি কৰে আৰু এই গোচৰটো অপ্ৰাসংগিক হৈ পৰিছে বুলি উল্লেখ কৰে। 
 
উল্লেখ্য যে, আবকাৰী নীতিৰ অনিয়মৰ গোচৰত জামিন দিবলৈ অস্বীকাৰ কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আপ নেতা সঞ্জয় সিঙৰ আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰিছিল শীৰ্ষ আদালতে। আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে আবকাৰী নীতিৰ অনিয়মৰ গোচৰৰ সৈতে জড়িত দিল্লী উচ্চ ন্যায়ালয়ে জামিন দিবলৈ অস্বীকাৰ কৰা নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
 
জামিন আবেদনত সঞ্জয় সিঙে ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাইছে। ২০২৩ চনৰ ২২ ডিচেম্বৰত বিচাৰ আদালতে তেওঁৰ জামিন খাৰিজ কৰাৰ সময়ত সঞ্জয় সিঙে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই গোচৰত সঞ্জয় সিঙক ২০২৩ চনৰ ৪ অক্টোবৰত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰিছিল।