সুদক্ষিণা শৰ্মা, ৱাছবিৰ হুছেইন, ৰমেন তালুকদাৰলৈ দি পি আৰ চি বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
ৱাছবিৰ হুছেইন, সুদক্ষিণা শৰ্মা, ৰমেন তালুকদাৰ
ৱাছবিৰ হুছেইন, সুদক্ষিণা শৰ্মা, ৰমেন তালুকদাৰ
গুৱাহাটী
 
অত্যাধুনিক আৰু উন্নত মানৰ ফিজিঅ'থেৰাপি সেৱা আগবঢ়োৱা আগশাৰীৰ প্ৰতিষ্ঠান 'দিগন্তজ ফিজিঅ’থেৰাপি এণ্ড ৰিহেবিলিটেছন চেন্টাৰ' চমুকৈ দি পি আৰ চিয়ে এই বছৰ সফলতাৰে দহ বছৰ সম্পূৰ্ণ কৰিব।
 
ইয়াৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে ৰাজ্যখনৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনদব্য অৱদানৰ বাবে তিনিগৰাকীকৈ বিশিষ্ট ব্যক্তিক সন্মানিত কৰিব।  
দি পি আৰ চিৰ এই বটাঁৰ বাবে নিৰ্বাচিত ব্যক্তি কেইগৰাকী হ'ল, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইন, বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু বিশিষ্ট চিকিৎসক তথা বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ ৰমেন তালুকদাৰ।
গুৱহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ১০জুলাই, ২০২২ত বঁটাসমূহ প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, বলীউদৰ জনপ্ৰিয় অভিনেতা আদিল হুছেইন, কণ্ঠশিল্পী জুবিন গাৰ্গ আদি উপস্থিত থকাৰ কথা আছে।