গুৱাহাটী
উত্তৰ-পূৰ্বাঞ্চলত (NER) ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত কঠোৰ ব্যৱস্থা গ্ৰহণ অভিযানৰ এক বৃহৎ সাফল্য হিচাপে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI) অসম আৰু মিজোৰামত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ২৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। উক্ত অভিযানতে এনডিপিএছ আইনৰ বিধান অনুসৰি ম্যানমাৰৰ দুই নাগৰিককে ধৰি চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
২৫ জুলাই, ২০২৫-ত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডিআৰআই-ৰ বিষয়াসকলে অসমৰ হাইলাকান্দি জিলাৰ কাটাখালত এখন মহিন্দ্ৰা টিইউভি ৩০০ বাহন জব্দ কৰিছিল। তন্ন-তন্নকৈ পৰীক্ষা কৰাত বাহনখনত কৌশলেৰে লুকুৱাই থোৱা ১৬০ টা চাবোনৰ কেচত ১,৮১৩ গ্ৰাম হেৰ’ইন আৰু ২ কিলোগ্ৰাম ওজনৰ ইটাৰ-আকাৰৰ দুই পেকেট মেথামফেটামাইন টেবলেট উদ্ধাৰ কৰা হয়। এই নিষিদ্ধ সামগ্ৰীসমূহ ইমানেই সংগোপনে ৰখা হৈছিল যে ইয়াক উলিয়াবলৈ এজন দক্ষ মেকানিকৰ সহায় লোৱা হৈছিল।
২৬ জুলাইতো হাতত লোৱা এক ফ’ল’-আপ অভিযানত মিজোৰামৰ চাম্ফাই জিলাৰ ছাকেই বাংলাত এখন মাৰুতি ইক’ ভেন জব্দ কৰা হয়। ইয়াতো গাড়ীখনৰ চিটত কৌশলেৰে লুকুৱাই অনা মুঠ ১,৯২০ গ্ৰাম হেৰ’ইন ভৰ্তি মুঠ ১৬০ টা চাবোনৰ কেচ উদ্ধাৰ কৰা হয়। উক্ত নিষিদ্ধ ড্ৰাগছসমূহ ম্যানমাৰৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তইদি মিজোৰামলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত সীমান্ত অঞ্চলৰ পৰা দেশৰ আন-আন প্ৰান্তলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।
এই জব্দ কাৰ্য্য হৈছে অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ডিআৰআই-ৰ স্থায়ী প্ৰচেষ্টাৰ এক অংশ। ২০২৫-ৰ জানুৱাৰীৰ পৰা ডিআৰআই-এ উত্তৰ-পূৰ্বাঞ্চলত হেৰ’ইন, মেথামফেটামাইন টেবলেট, আফিং আৰু গাঞ্জাকে প্ৰমুখ্য কৰি ৩৪৬ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। এই সন্দৰ্ভত মুঠ ২৭ টা গোচৰ ৰুজু কৰা হৈছে, লগতে ২৫ খন বাহন জব্দ তথা তিনি মহিলাকে ধৰি ৪৮ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।