মৃত্যুৰ পিছতো ছাদ্দাম জীয়াই আছে তিনিজন হিন্দু লোকৰ দেহত

Story by  atv | Posted by  [email protected] • 1 Years ago
হস্পিতালত বালুভাই, সুনীল পাঠক আৰু মুখভাই
হস্পিতালত বালুভাই, সুনীল পাঠক আৰু মুখভাই
 
এ টি ভি / অসম
 
মুছলমান সম্প্ৰদায়ৰ মাজত সাধাৰণতে দেহ আৰু অংগদান সন্দৰ্ভত সজাগতা অতি কম। ইয়াৰ কাৰণ হয়তো মুছলমানসকলৰ ধৰ্মীয় বিশ্বাস আৰু আগ্ৰহৰ অভাৱ। কিন্তু যোৱা কিছু বছৰত পৰিৱেশ সলনি হৈছে। শেহতীয়াকৈ ইছলাম ধৰ্মাৱলম্বী লোকেও দেহ আৰু অংগদান অভিযানত সক্ৰিয়ভাৱে অংশ লোৱা দেখা গৈছে আৰু এই বিষয়ত তেওঁলোকৰ মাজত সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। 
 
 
ইয়াৰ শেহতীয়া উদাহৰণ হ'ল গুজৰাটৰ ছুৰাটৰ এটি মুছলমান পৰিয়াল। ঘটনাৰ বিৱৰণ অনুসৰি, ছুৰাটৰ ২৭ বছৰীয়া ছাদ্দাম পাঠান নামৰ এজন যুৱক পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে। তাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে মৃত পুত্ৰৰ অংগ দান কৰি চাৰিজন ব্যক্তিৰ জীৱন উদ্ধাৰ কৰাৰ মহান সিদ্ধান্ত গ্ৰহণ কৰে।
 
মনকৰিবলগীয়া যে, মুছলমান ধৰ্মাৱলম্বী ছাদ্দাম পাঠানৰ অংগ লাভ কৰা চাৰিওগৰাকী ৰোগীয়েই হৈছে হিন্দু লোক। এই লোক কেইজনে শাৰীৰিক জটিলতাৰ সন্মুখীন হৈ থকাৰ সময়তে মুছলমান পৰিয়ালটোৱে মৃত ছাদ্দামৰ যকৃত, অগ্নাশয় আৰু বৃক্ক দান কৰে। ইয়াৰ ফলত জীৱন আৰু মৃত্যুৰে যুঁজি থকা ৪ জন ব্যক্তিয়ে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হয়। 
 
অংগদানৰ সজাগতা ৰেলি
 
ছাদ্দাম পাঠানৰ অংগ লাভ কৰা চাৰিওজনৰে ছুৰাটৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা আই কে ডি আৰ চিত ট্ৰান্সপ্লেট অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ পিছৰ তেওঁলোক এতিয়া প্ৰায় সুস্থ হৈ উঠিছে।
 
উল্লেখ্য যে, ২০১৬ চনৰ পৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা ৪৯ বছৰীয়া বালুভাই ২০১৯ চনৰ পৰা অংগ দাতাৰ বাবে অপেক্ষা কৰি আছিল। আহমেদাবাদৰ বাসিন্দা বালুভাইয়ে আহমেদাবাদ পৌৰ নিগমত কাম কৰে। তেওঁৰ পত্নীয়ে বৃক্ক দান কৰিবলৈ সাজু আছিল যদিও চিকিৎসা পৰীক্ষাৰ সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰাত সেয়া সম্ভৱ নহ'ল।  
 
ইফালে, যুৱ সন্তানক হেৰুৱাই শোকত ভাগি পৰা পাঠানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ মৃত সন্তানৰ অংগ দান কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত বালুভাইয়ে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ২০১৮ চনৰ পৰা এজন দাতাৰ সন্ধানত থকা তেওঁৰ বাবে পাঠান পৰিয়ালটো দেৱদূতৰ বাবে। 
 
ইয়াৰ পূৰ্বে, তেওঁ ব্যক্তিগত চিকিৎসালয়ত অংগ সংৰোপনৰ বাবে ধন জমা দিছিল যদিও দীৰ্ঘদিনলৈ কোনো দাতা উপলব্ধ নোহোৱাত চিকিৎসালয়খনে তেওঁৰ ধন ঘূৰাই দিছিল। ইয়াৰ লগে লগে তেওঁৰ স্বাভাৱিক জীৱন যাপনৰ আশাও ম্লান হ’বলৈ ধৰিছিল।
 
ইফালে, ছাদ্দামৰ দ্বিতীয়টো বৃক্ক সংৰোপন কৰা হৈছে হান্স মুখ ভাই নামৰ আন এগৰাকী হিন্দু ব্যক্তিৰ শৰীৰত। তেওঁ এগৰাকী ৩৯ বছৰীয়া শাৰীৰিকভাৱে অক্ষম ব্যক্তি। বদোদৰাৰ মুখভাই ৬ বছৰ ধৰি ডায়েলাইছিছ কৰি আছিল। ২০১২ চনৰ পৰা বৃক্ক বিকল হৈ থকাৰ বাবে তেঁও ২০১৮ চনত অংগদানৰ বাবে পঞ্জীয়ন কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন জীৱন লাভ কৰা সন্দৰ্ভত হান্স মুখভাইয়ে কয় যে তেওঁ ১০ বছৰ ধৰি ডায়েলাইছিছ কৰি আছিল আৰু অৱশেষত বৃক্ক লাভ কৰিবলৈ সক্ষম হ'ল। ‘মই ভগৱান আৰু ছাদ্দাম ভাইৰ পিতৃ-মাতৃক ধন্যবাদ জনাইছো। তেওঁলোকে মোৰ সন্তান আৰু পত্নীৰ লগতে মোক নতুন জীৱন দিছে আৰু আমাৰ মাজত আশা-সপোন জগাই তুলিছে।”
 
আনহাতে, ছাদ্দামৰ অংগদানে নতুন জীৱন দিয়া আন এগৰাকী ব্যক্তি হৈছে খুছবু মিষ্ট্ৰী। ৫ বছৰ বয়সত ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ তেওঁ ইনচুলিন গ্ৰহণ কৰি আহিছিল আৰু লাহে লাহে তেওঁৰ পেনক্ৰিয়াচৰ কাম বন্ধ হৈ পৰিছিল।
 
২০২২ চনত অংগদানৰ বাবে পঞ্জীয়ন কৰা নাৰ্ছ খুছবুৱে শেহতীয়াকৈ ছাদ্দাম পাঠানৰ অগ্নাশয় লাভ কৰিছে। বৰ্তমান তেওঁ অস্ত্ৰোপচাৰৰ পিছত প্ৰায় সুস্থ হৈ উঠিছে। খুছবুৱে কয় যে সৰুৰে পৰাই তেওঁ ইনচুলিনৰ ওপৰত নিৰ্ভৰশীল আছিল। শিশু অৱস্থাতে তেওঁক দিনটোত পাঁচবাৰকৈ ইনচুলিন লোৱাৰ প্ৰয়োজন হৈছিল।
 
ইফালে, পাঠানৰ অংগৰে জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিছে ৫৬ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ সুনীল পাঠকে। তেওঁ একালৰ ৰঞ্জী খেলুৱৈ আৰু ৮০ আৰু ৯০ৰ দশকৰ আৰম্ভণিতে গুজৰাট দলৰ অধিনায়ক আছিল। পিছত তেওঁৰ লিভাৰ বিকল হৈ পৰে। পাঠকে নিজকে কেডাভাৰ ড’নাৰ প্ৰগ্ৰেমত পঞ্জীয়ন কৰিলে আৰু আঠ মাহৰ ভিতৰতে পাঠানৰ পিতৃ-মাতৃয়ে দান কৰা লিভাৰ ট্ৰান্সপ্লাণ্ট লাভ কৰিলে।
 
তেওঁ কয় যে মই কেতিয়াও ভবা নাছিলো যে এবছৰতকৈও কম সময়ৰ ভিতৰতে মোৰ ভাগ্য মুকলি হ'ব আৰু মই এটা মৃতদেহৰ যকৃত লাভ কৰিম। মোক সৰ্বোত্তম ট্ৰান্সপ্লাণ্ট দিয়াৰ বাবে মই আই কে ডি আৰ চিৰ দলটোক ধন্যবাদ জনাইছো।
 
প্ৰয়াত মুছফিকা চুলতানা আৰু আফতাবুদ্দিন আহমেদ
 
আহমেদাবাদ অসামৰিক চৌহদৰ বৃক্ক চিকিৎসালয়ৰ সঞ্চালক ডাঃ বিনীত মিশ্ৰই কয় যে অংগদানৰ বিষয়ে মানুহৰ মাজত অহৰহ সজাগতা অব্যাহত আছে, কিন্তু যদি আমি অধিক লোকক উৎসাহিত কৰো তেন্তে প্ৰয়োজন হোৱা ৰোগীৰ যথেষ্ট সুবিধা হ'ব। 
 
ইয়াৰ ফলত বহু মানুহৰ জীৱন উদ্ধাৰ হ'ব। ভাৰতত বছৰি ১,৭৫,০০০টা কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হয়, ইয়াৰে মাত্ৰ ৭% ৰোগীয়েহে ড’নাৰ লাভ কৰে। একেদৰে, ভাৰতত প্ৰতি বছৰে ৫০,০০০ লিভাৰ, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ২৫ হাজাৰ পেনক্ৰিয়াচ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হয়।
উল্লেখ্য যে, মুছলমান পৰিয়াল এটাই মানুহৰ জীৱন আলোকিত কৰাৰ উদ্দেশ্যে অংগদানৰ দৰে মহান পদক্ষেপ গ্ৰহণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 
 
ইয়াৰ পূৰ্বে, যোৱা বছৰ গুৱাহাটীৰ হাতীগাঁৱৰ দৰগাহ ৰোডৰ বাসিন্দা মুছফিকা চুলতানাৰ মৃতদেহ তেওঁৰ পৰিয়ালে মেডিকেল বিজ্ঞান অধ্যয়ন আৰু গৱেষণাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চমুকৈ জি এম চি এইচক গতাই দিছিল। ইতিমধ্যে তেওঁৰ চকু দুটা শ্ৰীশংকৰদেৱ নেত্ৰালয়ক দান কৰা হৈছিল। ২০২২ৰ ৮ ছেপ্টেম্বৰৰ নিশা তেওঁৰ মৃত্যু হৈছিল।  
 
মুছফিকা চুলতানাৰ পূৰ্বে তেওঁৰ প্ৰয়াত স্বামী আফতাবুদ্দিন আহমেদেও ২০১১ চনত একে উদ্দেশ্যে জি এম চি এইচক নিজৰ মৃতদেহ দান কৰি মহানতাৰ পৰিচয় দিছিল।  পত্নীৰ দৰে আফতাবুদ্দিনেও দেহদানৰ লগতে মৰণোত্তৰভাৱে শ্ৰীশংকৰদেৱ নেত্ৰালয়ত তেওঁৰ নেত্ৰদান কৰিছিল।  
 
অসমত অংগ আৰু শৰীৰ দান আন্দোলন আৰম্ভ কৰা ইলোৰা বিজ্ঞান মঞ্চ (ইভিএম) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে জনাইছিল যে, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যে নিজৰ শৰীৰ দান কৰা মুছফিকা চুলতানা আৰু তেওঁৰ স্বামী আফতাবুদ্দিন দেশৰ ভিতৰতে প্ৰথম মুছলমান দম্পতী হিচাপে পৰিগণিত হৈছে।