হস্ততাঁত বস্ত্ৰ প্ৰদৰ্শনীৰে সাংস্কৃতিক ঐতিহ্য, প্ৰকৃতি-সংস্কৃতি সম্পৰ্কক উদগনি কাৰ্বি শিপিনীৰ

Story by  atv | Posted by  [email protected] • 8 Months ago
অনুষ্ঠানটোৰ দৃশ্য
অনুষ্ঠানটোৰ দৃশ্য
 
গুৱাহাটী
 
অসমৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে  সম্প্ৰদায়ভিত্তিক উদ্যোগ “পিৰবি”, চন্দ্ৰছিং ৰংপি মেম’ৰিয়েল হাইস্কুল আৰু স্থানীয় লোকৰ সহায়ত আৰু অৰিয়েণ্ট, গুৱাহাটীৰ সহযোগত বুধবাৰে কাৰ্বি আংলঙৰ কহঁৰাৰ চন্দ্ৰছিং ৰংপি গাঁৱত এখন বৰ্ণাঢ্য কাৰ্বি হস্ততাঁত প্ৰদৰ্শনী অনুষ্ঠিত কৰে।
 
 
কহঁৰা আৰু ডিৰিং অঞ্চলৰ মহিলাসকলে বোৱা পৰম্পৰাগত কাৰ্বি হস্ততাঁত সামগ্ৰীসমূহ প্ৰদৰ্শনৰ লগতে শিপিনীসকলক চিনাক্ত কৰি তেওঁলোকৰ উত্পাৰদিত সামগ্ৰীৰ গুণগত উত্তৰণ আৰু বিচিত্ৰতাৰ সমাহাৰ ঘটোৱাৰ বাবে মূল্যায়ণ কৰাৰ লগতে সামৰ্থ্য বিকাশৰ পৰবৰ্তী পৰিকল্পনা আৰু উপযুক্ত সামগ্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল।
 
এক প্ৰেছ বিবৃতি যোগে আৰণ্যকে জনায় – “কাৰ্বি আংলঙৰ কহঁৰা আৰু ডিৰিং অঞ্চলৰ দহখন গাঁৱৰ ৪৯ গৰাকী কাৰ্বি শিপিনীয়ে প্ৰায় ৩০০ কলাত্মক হস্ততাঁত সামগ্ৰী লৈ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।
 
তদুপৰি ডিফুৰ পাৰ্শ্চবৰ্তী অঞ্চলৰ তিনিগৰাকী বিশেষজ্ঞ কাৰ্বি থলুৱা শিপিনীৰ এটা দলেও এই অনুষ্ঠানত যোগদান কৰি তেওঁলোকৰ বিশেষ এৰি পাট(কাৰ্বিত হন-কি) সামগ্ৰীৰ লগতে ইয়াৰ উত্পালদন সম্পৰ্কীয় দক্ষতা প্ৰদৰ্শন কৰে। শ্ৰীমতী কাভে ইংতিপি,  শ্ৰীমতী চাং-এট কিলিংপি আৰু শ্ৰীমতী মিৰবন টেৰণপিয়ে এৰি পাট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন পৰম্পৰাগত হস্ততাঁত সামগ্ৰীৰ লগতে পৰম্পৰাগত ড্ৰপ স্পিণ্ডল (মাকো মৰা) পদ্ধতি আৰু আধুনিক টেবুলটপ স্পিনিং মেচিন দুয়োটা ব্যৱহাৰ কৰি এৰি বস্ত্ৰ বোৱাৰ দক্ষতা প্ৰদৰ্শন কৰে। স্থানীয় শিপিনীসকলে এনে দক্ষতা প্ৰত্যক্ষ কৰি আনন্দিত হোৱাৰ লগতে সেই দক্ষতাসমূহ আহৰণ কৰাৰো ইচ্ছা প্ৰকাশ কৰে”।
 
অনুষ্ঠানটোৰ দৃশ্য
 
প্ৰদৰ্শনীখন উদ্বোধন কৰি ডিফুৰ এগৰাকী উদ্যমী তথা প্ৰখ্যাত কাৰ্বি গায়িকা শশীকলা হান্সেপীয়ে কাৰ্বি হস্ততাঁত আৰু বস্ত্ৰৰ বিভিন্ন চিত্ৰ আৰু নক্সাত প্ৰতিফলিত হোৱা কাৰ্বি আৰু প্ৰকৃতিৰ নিবিড় সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে । কাৰ্বি সম্প্ৰদায় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ অতি চহকী পৰম্পৰাৰ গৰাকী বুলি উল্লেখ কৰি তেওঁ কয়, “কাৰ্বি সমাজৰ প্ৰতিটো অনুষ্ঠানত বয়স, লিংগ আৰু সামাজিক ৰীতি-নীতি আৰু মৰ্যাদা সাপেক্ষে বেলেগ বেলেগ সাজ-পোছাকৰ প্ৰয়োজন হয় আৰু এইবোৰ বিভিন্ন চিত্ৰ আৰু বস্ত্ৰৰ নক্সাৰ জৰিয়তে চিনাক্ত কৰা হয়।
 
আৰণ্যকৰ প্ৰকল্প বিষয়া জোস্না তেৰাংপিয়ে হস্ততাঁত প্ৰদৰ্শনীখনাৰ পটভূমি আৰু উদ্দেশ্যৰ লগতে কাৰ্বি সকলৰ হস্ততাঁত ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা সম্পৰ্কে বিতং ব্যাখ্যা কৰে।
 
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ জনজাতীয় সংস্কৃতি গৱেষণা বিষয়া দিলীপ কাথাৰে কাৰ্বি হস্ততাঁতত ব্যৱহৃত বিভিন্ন চিত্ৰৰ সাংস্কৃতিক তাৎপৰ্য্যৰ লগতে ইয়াৰ সৈতে জড়িত নিষেধাজ্ঞাৰ বিষয়ে আলোকপাত কৰে। কাথাৰে কাৰ্বি সমাজত বয়ন প্ৰথাৰ উৎপত্তি প্ৰচলন সম্পৰ্কীয় কাৰ্বি লোককথাৰো উল্লেখ কৰে।
 
অনুষ্ঠানত বিশেষ আমন্ত্ৰিত হিচাপে উপস্থিত থকা উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ উন্নয়ন আয়ুক্তৰ (হস্তশিল্প) কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী সঞ্চালক (এইচ)বি মিলিয়ে হস্তনিৰ্মিত সামগ্ৰীৰ মানদণ্ড আৰু ইয়াৰ বজাৰ দখল কিব পৰা সম্ভাৱনাক লৈ সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ স্থানীয় শিপিনীসকলক আয়োগত নাম পঞ্জীয়ন কৰি ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লবলৈ আহ্বান জনায় ।
 
অনুষ্ঠানটোৰ দৃশ্য
 
প্ৰদৰ্শন কৰা সামগ্ৰীবোৰ চিত্ৰৰ জৰিয়তে সাংস্কৃতিক মূল্যবোধৰ প্ৰতিফলন, সূতাৰ গুণগত মান আৰু প্ৰকাৰ, সামগ্ৰীৰ গুণাগুণৰ লগতে বিভিন্ন চিত্ৰ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে শিপিনীসকলৰ জ্ঞানৰ ভিত্তিত কেইবাজনো মূল্যায়নকাৰীয়ে মূল্যায়ন কৰে । দুই যুৱ কাৰ্বি বস্ত্ৰ অভিযন্তা - ডিফুৰ সৰলংকিৰি টিছ’ আৰু সংগীতা টেৰাংপিয়ে শিপিনীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সামগ্ৰীসমূহৰ মূল্যায়ন কৰে।
 
গুৱাহাটী আই আই টিৰ ডিজাইন বিভাগৰ অধ্যাপক ড০ এ কে দাসেও হস্ততাঁত সামগ্ৰীৰ মূল্যায়ন কৰি প্ৰতিষ্ঠানটোৱে অন্যান্য অঞ্চলৰ মহিলাসকলৰ বাবে ডিজাইন কৰা কঁকালত বান্ধি লোৱা উন্নত তাঁতশালৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে এনে শালবোৰ শিপিনীৰ বাবে সুবিধাজনক আৰু তেওঁলোকৰ বয়ন দক্ষতা বৃদ্ধি কৰে । তেওঁ এই প্ৰদৰ্শনীৰ বাবে আৰণ্যক আৰু শিপিনীসকলৰ শলাগ লয়।
 
ভাৰতৰ দুগৰাকী বিশিষ্ট ডিজাইনাৰ মৈত্ৰী দাস আৰু মৌছুমী শৰ্মায়ো প্ৰদৰ্শিত সামগ্ৰীবোৰ মূল্যায়ন কৰে। তেওঁলোকে কাৰ্বি হস্ততাঁত আৰু বস্ত্ৰশিল্প সম্পৰ্কত তেওঁলোকৰ পৰ্যবেক্ষণ আগবঢ়ায় । বিশেষজ্ঞদ্বয়ে স্থানীয় শিপিনীসকলক হস্ততাঁত খণ্ডত আৰণ্যকৰ জৰিয়তে সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
 
অৰিয়েণ্ট, গুৱাহাটীৰ মাৰ্কেটিং এক্সিকিউটিভ পংকজ শৰ্মাই কোম্পানীটোৱে উৎপাদন কৰা পাট আৰু কপাহী সূতাৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী সকলক কপাহী আৰু পাট সূতা বিতৰণ কৰে। লগতে তেওঁ শিপিনীসকলক উন্নত সূতা ব্যৱহাৰ কৰি উত্পাসদিত বস্ত্ৰৰ পিন্ধাৰ আৰাম আৰু বজাৰ মূল্য বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে।
 
প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা ডিৰিং লেকথে গাঁৱৰ ৰবীনা টেৰাংপি, চন্দ্ৰছিং ৰংপি গাঁৱৰ কাৰেং ৰংপিপি প্ৰমুখ্যে শিপিনীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণে তেওঁলোকক হস্ততাঁত আৰু চিত্ৰ আৰু নক্সাৰ বিষয়ে নতুন নতুন কথা জনাত সহায় কৰিলে বুলি সন্তুষ্টি প্ৰকাশ কৰে । তেওঁলোকে লগতে কয় যে মহিলাসকলে বিভিন্ন চিত্ৰ আৰু নক্সাৰ সৈতে জড়িত পৰম্পৰাগত বিশ্বাস আৰু বাধা নিষেধৰ বিষয়েও জানিবলৈ সক্ষম হয়, যিবোৰৰ বিষয়ে তেওঁলোকৰ বেছিভাগেই অৱগত নাছিল আৰু বৰ্তমানৰ প্ৰজন্মই নাজানে ।
 
জৈৱ-পৰ্যটন উদ্যোগী তথা সমূহীয়া উদ্যোগ “পি আই আৰ বি আই বায়’ডাইভাৰ্চিতি বিজনেছ মেনেজমেণ্ট”ৰ সদস্যা মইনা ক্ৰেমছাপিয়ে আৰণ্যকৰ সদস্যবৃন্দ আৰু স্থানীয় স্বেচ্ছাসেৱী যুৱক-যুৱতীসকলৰ সহযোগত এই অনুষ্ঠান পৰিচালনা কৰে । আৰণ্যকৰ ড০ জয়ন্ত শৰ্মা আৰু ড০ এম ফিৰোজ আহমেদে দলটোক যাৱতীয় দিহা পৰামৰ্শ দিয়ে ।
 
বিভিন্ন গাঁৱৰ মহিলাসকলৰ লগতে আমন্ত্ৰিত অতিথি, মূল্যায়নকাৰীৰ লগতে সামগ্ৰিকভাৱে সকলো উৎসাহী অংশগ্ৰহণকাৰীক আৰণ্যকে কৃতজ্ঞতা জ্ঞাপন কৰে।