প্ৰখ্যাত উৰ্দু কবি-শিক্ষাবিদ বছিৰ বদ্ৰৰ বিয়োগ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰখ্যাত উৰ্দু কবি-শিক্ষাবিদ বছিৰ বদ্ৰৰ বিয়োগ
প্ৰখ্যাত উৰ্দু কবি-শিক্ষাবিদ বছিৰ বদ্ৰৰ বিয়োগ
 
নতুন দিল্লী
 
প্ৰখ্যাত উৰ্দু কবি- সাহিত্যিক বছিৰ বদ্ৰ আৰু নাই। ২৮ মে’ ২০২৬ৰ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত বিশিষ্ট উৰ্দু কবিগৰাকীৰ দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ থকা বদ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯১ বছৰ।
 
উল্লেখযোগ্য যে, ভূপালত শেষ নিশ্বাস ত্যাগ কৰা বদ্ৰই বিগত তিনি- চাৰি দিন ধৰি অতিশয় দুৰ্বল হৈ পৰিছিল। আজি সন্ধিয়াৰ ভাগত নামাজ শেষত তেওঁৰ ধৰ্মীয় নীতি- নিয়মেৰে বডা বাঘত কৱৰস্থ কৰা হ’ব।
 
ইফালে তেওঁৰ এই বিয়োগত বিভিন্ন মহলে শোক প্ৰকাশ কৰি কয় যে, বছিৰ বদ্ৰৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেওঁৰ কবিতা চিৰদিন জীয়াই থাকিব।
 
প্ৰণিধানযোগ্য যে, ১৯৩৫ চনৰ ১৫ ফেব্ৰুৱাৰীত অযোধ্যাত জন্মগ্ৰহণ কৰা বছিৰ বদ্ৰই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁ এই বিশ্ববিদ্যালয়খনতে শিক্ষকতাৰ আৰম্ভ কৰি পৰৱৰ্তী সময়ত মিৰাট কলেজত প্ৰায় ১৭ বছৰ ধৰি উৰ্দু বিভাগৰ প্ৰবক্তা তথা মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।