খান ছাৰসহ তিনি কৰ্মচাৰীৰ আগতীয়া জামিন মঞ্জুৰ কৰিলে পাটনা আদালতে

Story by  atv | Posted by  Munni Begum • 1 d ago
জনপ্ৰিয় শিক্ষক ফৈচল খান (খান ছাৰ)
জনপ্ৰিয় শিক্ষক ফৈচল খান (খান ছাৰ)
 
পাটনা
 
কোচিং প্ৰতিষ্ঠানত সংঘটিত গুলীচালনাৰ গোচৰৰ সৈতে জড়িত শিক্ষাবিদ তথা জনপ্ৰিয় শিক্ষক ফৈচল খান (খান ছাৰ)ক সোমবাৰে (১৩ জুলাই) বিহাৰৰ পাটনাৰ এখন আদালতে আগতীয়া জামিন (Anticipatory Bail) মঞ্জুৰ কৰে।
 
খান ছাৰৰ লগতে তেওঁৰ কোচিং প্ৰতিষ্ঠানৰ তিনি গৰাকী কৰ্মচাৰীয়েও আগতীয়া জামিন লাভ কৰিছে বুলি তেওঁৰ অধিবক্তাই জানিবলৈ দিয়ে।
 
এই গোচৰটো জুন মাহৰ আৰম্ভণিতে সংঘটিত এক গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত। অভিযোগ অনুসৰি, একাংশ দুৰ্বৃত্তই খান ছাৰৰ কোচিং প্ৰতিষ্ঠানত ভাঙি লণ্ডভণ্ড কৰাৰ সময়ত তেওঁৰ দুজন নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিছিল। এই ঘটনাৰ বাবেই দুয়ো নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
 
খান ছাৰৰ অধিবক্তা অৰবিন্দ কুমাৰ মৌৱাৰে সংবাদ মাধ্যমক কয়, "মুঠ ছয়জনক জামিন দিয়া হৈছে। প্ৰথমে আদালতে খান ছাৰৰ আগতীয়া জামিন মঞ্জুৰ কৰে, তাৰ পিছত তেওঁৰ তিনিজন কৰ্মচাৰীৰো আগতীয়া জামিন ঘোষণা কৰে।"
 
তেওঁ লগতে জনায় যে, ঘটনাৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা দুজন নিৰাপত্তাৰক্ষীকো পাটনা চিভিল কোৰ্টে নিয়মীয়া জামিন মঞ্জুৰ কৰিছে।
 
উল্লেখ্য যে, জিলা ন্যায়াধীশৰ ছুটীৰ বাবে আদালতে ১১ জুলাই খান ছাৰৰ আগতীয়া জামিন আবেদনৰ ৰায় ১৩ জুলাইলৈ স্থগিত কৰি ৰাখিছিল। ইয়াৰ পূৰ্বে ৮ জুলাই দুয়োপক্ষৰ চূড়ান্ত যুক্তি শুনাৰ অন্তত আদালতে ৰায় সংৰক্ষিত ৰাখিছিল।