নেমুৰ বেৰৰ সহায়ত শিৱসাগৰত হাতী-মানুহৰ সংঘাত উপশম কৰাত সফল

Story by  atv | Posted by  [email protected] • 1 Years ago
নেমুৰ বেৰৰ সহায়ত শিৱসাগৰত হাতী-মানুহৰ সংঘাত উপশম কৰাত সফল
নেমুৰ বেৰৰ সহায়ত শিৱসাগৰত হাতী-মানুহৰ সংঘাত উপশম কৰাত সফল
 
গুৱাহাটী
 
উজনি অসমৰ শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ সৰাগুৰি চাপৰী অঞ্চলৰ স্থানীয় লোকৰ ঘৰবোৰৰ চাৰিওফালে পৰিকল্পিত ভাৱে ৰোপণ কৰা নেমুৰ বেৰে বনৰীয়া হাতীৰ পৰা জীৱন, উদ্যান শস্য আৰু সম্পত্তি সুৰক্ষিত কৰি আহিছে । মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই গাওঁখন পূৱ অসমত হাতী-মানুহৰ সংঘৰ্ষৰ অন্যতম অঞ্চল হিচাপে পৰিচিত আছিল । বনৰীয়া হাতীবোৰে খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ পাৰ হৈ  নিশা প্ৰায়ে গাৱলৈ আহিছিল আৰু ৰাইজৰ ঘৰৰ পিছফালে ৰোপণ কৰা পাচলিবোৰ ধ্বংস কৰিছিল । বহুসময়ত মানুহ আৰু হাতীৰ মাজত সংঘাতৰ বাবে গাওঁবাসীয়ে নিজৰ ঘৰ হেৰুৱাব লগীয়াও হৈছিল।
 
 
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব ভাৰতৰ গৱেষণা আধাৰিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা, আৰণ্যকে ২০১৮-১৯ বৰ্ষত গাওঁবাসীৰ শস্য, সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰাৰ বাবে এই গাওঁখনত জৈৱ-বেৰ (Bio Fence) স্থাপনৰ এক পৰীক্ষামূলক প্ৰকল্প আৰম্ভ কৰিছিল । এই পৰীক্ষাৰ অংশ হিচাপে পিছফালে খেতি থকা ঘৰবোৰক আৱৰি তিনি শাৰীৰকৈ নেমুৰ বেৰ ৰোপণ কৰিছিল । গাওঁখনৰ কেইবাটাও ঘৰত তিনি শাৰীকৈ কৰা নেমুৰ বেৰে প্ৰায় দুবছৰ পিছত  স্থানীয় লোক সকলক ইতিমধ্যে এক ইতিবাচক ফলাফল প্ৰদান কৰা পৰিলকক্ষিত হৈছে । এতিয়া বনৰীয়া হাতীবোৰ বেৰৰ ওচৰলৈ আহে যদিও শস্য, ঘৰ আৰু জীৱনৰ ক্ষতি নকৰাকৈ উভতি যায় কিয়নো নেমুৰ বেৰে হাতীক বিচলিত কৰে  
 
নেমুৰ বেৰ
 
“মোৰ ঘৰ আৱৰি থকা এই নেমুৰ বেৰখনে কেৱল মোৰ ঘৰ আৰু সম্পত্তি সুৰক্ষিত কৰাই নহয়, নেমু বিক্ৰী কৰিও মই এক নিয়মীয়া উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ”, হিতাধিকাৰী নিতুল দাসে জনায় । শ্ৰীদাসে কয় যে তেওঁ নেমুৰ বেৰখনৰ পৰা নেমু বিক্ৰী কৰি প্ৰতি মাহে প্ৰায় ৮০০০ টকা উপাৰ্জন কৰি আহিছে । নেমুৰ বেৰ বেৰ স্থাপন কৰা দাসৰ সৈতে এই লাভ বৰ্তমান সকলো স্থানীয় লোকে পাই আহিছে ।
 
হাতী-মানুহৰ সংঘাতপূৰ্ণ অঞ্চলত বিকল্প শস্যৰ খেতি কৰিবলৈ ‘আৰণ্যকে‘ ইয়াত বাস কৰা কৃষক আৰু স্থানীয় লোকসকলক উৎসাহিত কৰি আহিছে যাতে বনৰীয়া হাতীবোৰে এইবোৰৰ বাবে আকৰ্ষিত নহয় । ই অসমত বাঢ়ি অহা সংঘৰ্ষ হ্ৰাস কৰাত সহায় কৰিব আৰু স্থানীয় লোকসকলৰ জীৱন, শস্য আৰু সম্পত্তি সুৰক্ষিত কৰিব।