জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বিষয়ক লৈ ডিমাকুছিত সংবাদ মাধ্যমৰ সৈতে বন বিভাগ আৰু আৰণ্যকৰ মত-বিনিময়

Story by  atv | Posted by  Munni Begum • 10 Months ago
সংবাদ মাধ্যমৰ সৈতে বন বিভাগ আৰু আৰণ্যকৰ মত-বিনিময়
সংবাদ মাধ্যমৰ সৈতে বন বিভাগ আৰু আৰণ্যকৰ মত-বিনিময়
 
গুৱাহাটী
 
অসমৰ ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত সদৌ বডো ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰেক্ষাগৃহত ১৯ জুন তাৰিখে জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ নেতৃত্বত আৰণ্যকৰ এটা দলে সাংবাদিক সকলৰ সৈতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ উপায় সন্দৰ্ভত মত-বিনিময় কৰিছে।   
 
সাংবাদিক সকলে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সৈতে জড়িত স্থানীয় বিষয়সমূহৰ লগতে ওদালগুৰি জিলাৰ মানৱ-হাতী সংঘাত (এইচ ই চি)ৰ সম্পৰ্কত মূল্যৱান মতামত আগবঢ়োৱা এই মত-বিনিময় অনুষ্ঠান আৰণ্যকৰ দলটোৰ কাৰণে এক জ্ঞানদায়ক অভিজ্ঞতা আছিল। 
 
ধনশিৰি বন সংমণ্ডলৰ ডি এফ অ’ দিবাকৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানৰ আৰম্ভণিতে ড০ লহকৰে মানৱ-হাতী সংঘাতৰ বিশ্ব আৰু স্থানীয় স্থিতি, মানৱ-হাতী সংঘাতৰ প্ৰশমন আৰু সহাৱস্থানৰ সুচল পৰিৱেশ সৃষ্টিৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে ল’ব পৰা মূল ভূমিকাৰ বিষয়ে উপস্থাপন কৰিছে।  
 
ডি এফ অ’ দাসে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে লোৱা সংহত প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ বাবে সংবাদ মাধ্যমৰ লগতে বেচৰকাৰী সংস্থাসমূহৰ পৰা আশা কৰা ইতিবাচক সহযোগিতাৰ ওপৰত আলোকপাত কৰিছে। 
 
আৰণ্যকৰ এজন জ্যেষ্ঠ ব্যস্থাপক জয়ন্ত কুমাৰ পাঠকে এক গুৰুত্বপূৰ্ণ উপস্থাপনৰ জৰিয়তে সাংবাদিকসকলৰ সৈতে জৈৱ বৈচিত্ৰ্যৰ বিস্তৃত বিষয়সমূহ আৰু ইয়াৰ ব্যাপক প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছে। তেওঁ লগতে ‘এক স্বাস্থ্য’ নীতিৰ প্ৰেক্ষাপটত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে উদ্ভিদকূল আৰু প্ৰাণীকূলৰ প্ৰতিটো প্ৰজাতি কিমান গুৰুত্বপূৰ্ণ তাৰ ওপৰত আলোকপাত কৰিছে। 
 
সংবাদ মাধ্যমৰ সৈতে হোৱা মত-বিনিময়ত আৰণ্যকৰ কাৰ্যবাহী সদস্য আৰু নথিপত্ৰ পৰামৰ্শদাতা বিজয় শংকৰ বৰাই বিশ্বৰ যিকোনো স্থানত থকা সাংবাদিকে কিদৰে ডিজিটেল সুবিধা ব্যৱহাৰ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ জটিল বিষয়ক বিৱৰ্ধিত ৰূপত তুলি ধৰিব পাৰে আৰু 'এক পৃথিৱী এক স্বাস্থ্য' ভাৱনাৰ সুবিধা লৈ চৰ্চিত বিশ্ব সমস্যা কৰি তুলিব পাৰে সেই বিষয়ে আলোকপাত কৰিছে। তেওঁ কয়, "এই জটিল সন্ধিক্ষণত বিশজুৰি  সংৰক্ষণৰ প্ৰতি অনুৰাগ থকা এক যুক্তিসংগত সংবাদ মাধ্যমৰ প্ৰয়োজন হৈছে।    
 
অনুষ্ঠানৰ আৰম্ভণি কৰি দিয়া বক্তব্যত আৰণ্যকৰ জ্যেষ্ঠ বিষয়ববীয়া অঞ্জন বৰুৱাই ধনশিৰি বন সংমণ্ডল, আৰণ্যক, ডিমাকুছি ই-মিডিয়া ফ’ৰাম, টংলা প্ৰেছ ক্লাব, মিডিয়া ক্লাব টংলা আৰু ওদালগুৰি প্ৰেছ গিল্ডৰ উদ্যোগত আৰু এছ বি আই ফাউণ্ডেশ্যন আৰু ইউ এছ ফিচ এণ্ড ৱাইল্ড লাইফ চাৰ্ভিচৰ সহায়ত অনুষ্ঠিত হোৱা এই মত-বিনিময়ৰ উদ্দেশ্য ব্যাখ্যা কৰিছে। 
 
জ্যেষ্ঠ সাংবাদিক পৱন নাথে ডিমাকুছিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান বিষয়ক লৈ এনে বাৰ্তালাপ আয়োজন কৰা কাৰ্যক প্ৰশংসা কৰিছে আৰু কয় যে অঞ্চলটোৰ সংবাদিকসকলে সংৰক্ষণ আৰু মানৱ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ বিষয়সমূহ সক্ৰিয়ভাৱে দাঙি ধৰি আহিছে। 
 
অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক মুছাদিক হুছেইনে ওদালগুৰি জিলাত বন্যহস্তীৰ উপস্থিতিৰ ইতিহাস আৰু মানৱ-হাতীৰ সংঘাতৰ বৰ্ধিত ঘটনাৰ কাৰণসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে। এই সমস্যাৰ সমাধানৰ বাবে অঞ্চলটোৰ হাতীৰ পৰম্পৰাগত বাসস্থানৰ পুনৰুদ্ধাৰৰ বাবে শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। 
 
আৰণ্যকৰ ডিমাকুছিস্থিত সদস্য ৰাবিয়া দৈমাৰী, দিবাকৰ নায়ক, ৰেশমা নাৰ্জাৰী, অভিজিত শইকীয়াৰ লগতে আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ শিক্ষানৱিচ অজয় ছালভেই অতি কম সময়ৰ ভিতৰত সাংবাদিকৰ সৈতে এই বাৰ্তালাপ অনুষ্ঠানৰ সফলভাৱে আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।