"বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ: প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা আয়োজন অৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
কৰ্মশালাৰ মুহূৰ্তত
কৰ্মশালাৰ মুহূৰ্তত
 
গুৱাহাটী
 
বন্যপ্ৰাণীৰ অংগ বহু ক্ষেত্ৰত মানুহৰ বাবে উপকাৰী বুলি প্ৰচলিত অন্ধবিশ্বাসসৃষ্ট লোকবিশ্বাস নিৰ্মূল কৰাৰ বাবে সকলো অংশীদাৰৰ জৰিয়তে সাধাৰণ ৰাইজক বিশেষকৈ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি ব্যাপক সজাগতা অভিযান সৃষ্টি কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সঞ্জয় কুমাৰ মেধিয়ে।
 
 
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ: প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক এখন  কৰ্মশালাত ভাষণ দি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় পাঠক আৰু মেধিয়ে বন বিভাগ, আৰক্ষী, শুল্ক আদিৰ দৰে তদন্তকাৰী সংস্থাসমূহ বন্যপ্ৰাণী (সুৰক্ষা) সংশোধনী আইন ২০২২ৰ ব্যৱস্থাসমূহৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকে এটা নিশ্চিদ্ৰ তদন্ত পদ্ধতি (বিশেষকৈ গ্ৰেপ্তাৰ আৰু জব্দ কৰাৰ সময়ত) অৱলম্বন কৰিব আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰাত ন্যায়পালিকা/আদালতক সহায় কৰিব পৰাকৈ উপযুক্ত অভিযোগনামা দাখিল কৰিব পাৰে।
 
অৱশ্যে দুয়োজন ন্যায়াধীশে বন্যপ্ৰাণীৰ অংগ বিষয়ক লোকবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলোৱাত বিশেষ গুৰুত্ব আৰোপ কৰে যাতে এই সামগ্ৰীসমূহৰ চাহিদা সাংঘাটিকধৰণে হ্ৰাস পায় যাৰ ফলত চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধ হ্ৰাস পাব।
 
কৰ্মশালাৰ মুহূৰ্তত
 
ন্যায়াধীশ মেধিয়ে বন্যপ্ৰাণী অপৰাধ সংক্ৰান্তীয় এটা গোচৰত এজন লোক ফৰিয়াদীয়ে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। আনহাতে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰো (এ এছ এল এছ এ) কাৰ্যবাহী অধ্যক্ষ ন্যায়াধীশ পাঠকে বিশেষভাৱে আঙুলিয়াই দিয়ে যে বন্যপ্ৰাণী সুৰক্ষা আইনমতে আদালতৰ সন্মুখত তেওঁ/তাই (অভিযুক্ত) দোষী নহয় বুলি প্ৰমাণ কৰাৰ দায়িত্ব অভিযুক্তৰ ওপৰত ন্যস্ত আৰু সেয়েহে দোষী যাতে সাৰি যাব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে তদন্তৰ পদ্ধতি আৰু অভিযোগনামা নিখুঁত হবই লাগিব ।  
 
ডেভিড শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহযোগত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰণ্যক (www.aaranyak.org)ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাখনত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ সদস্য সচিব নয়ন শংকৰ বৰুৱাই বন্যপ্ৰাণী (সুৰক্ষা) আইনখনৰ ব্যৱস্থাৱলী আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহে অৱলম্বন কৰিবলগীয়া উপযুক্ত পদ্ধতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে ।
 
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংমণ্ডল বন বিষয়া প্ৰদীপ্ত বৰুৱা প্ৰমুখ্যে বহু বিশিষ্টজনে উপস্থিত থকা কৰ্মশালাখনত প্ৰখ্যত বন্যপ্ৰাণী সংৰক্ষণ বিশেষজ্ঞ, আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বিশ্বত সৰ্বত্ৰে চনি ধৰা বন্যপ্ৰাণী অপৰাধৰ দৃশ্যপটৰ ওপৰত আলোকপাত কৰে ।
 
ড০ তালুকদাৰে ড্ৰাগছ, মানৱ সৰবৰাহ আৰু অস্ত্ৰৰ চোৰাং বেহাৰ পিছত বন্যপ্ৰাণীৰ ব্যৱসায়ে কিদৰে  বিশ্বব্যাপী চতুৰ্থ বৃহত্তম অপৰাধ হিচাপে মূৰ দাঙি উঠিছে তাৰ ব্যাখ্যা কৰে । বিশ্বৰ বন্যপ্ৰাণী অপৰাধী আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী  মাজত অসাধু সম্পৰ্কই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনিছে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে । তেওঁ লগতে কয় যে ভৌগলিক অৱস্থানগতভাবে  উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য সমৃদ্ধ অঞ্চল আৰু সেয়েহে চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধৰ দিশৰ পৰা অতি বিপদসংকুল হৈ আছে।
 
ন্যায়িক বিষয়া, বন বিভাগৰ প্ৰতিনিধি, অসম আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়া আৰু বন্যপ্ৰাণী অপৰাধ/সংৰক্ষণ খণ্ডৰ লোকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত অংশগ্ৰহণকাৰী আৰু সমল ব্যক্তিসকলৰ মাজত অতি ফলপ্ৰসু মত-বিনিময় হয়।