ডিমা হাছাও বন বিভাগক সঁজুলিৰে সহায় আৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
ডিমা হাছাও বন বিভাগক সঁজুলিৰে সহায় আৰণ্যকৰ
ডিমা হাছাও বন বিভাগক সঁজুলিৰে সহায় আৰণ্যকৰ
 
গুৱাহাটী 
 
জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা ফ্ৰণ্টলাইন বন কৰ্মীসকলৰ কল্যাণ আৰু তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰতৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শুকুৰবাৰে অসমৰ ডিমা হাছাও জিলাৰ ফ্ৰণ্টলাইন বন কৰ্মীসকললৈ ৰেইনকোট, গাৰ্মিন জি পি এছ আৰু সৌৰশক্তি চালিত ৰেঞ্জাৰ টৰ্চ লাইট প্ৰদান কৰে।
 
 
হাফলঙত থকা ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ (চি ই এম) কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে আয়োজিত এটা অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া  ড০ বিভৱ কুমাৰ তালুকদাৰৰ উপস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গোৰ্লোছাই ডিমা হাছাওৰ মুখ্য বন সংৰক্ষক মুৱানথাং থুংগুঙক আনুষ্ঠানিকভাৱে এই সঁজুলিসমূহ প্ৰদান কৰে।
 
সংৰক্ষণ আৰু সুৰক্ষা কাৰ্য্যকলাপত সহায় কৰিবলৈ আৰণ্যকে পৰিষদৰ বন বিভাগক ২৫০টা ৰেইনকোট, ১০টা ৰেঞ্জাৰ টৰ্চ লাইট, আৰু ২টা গ্ল’বেল পজিচনিং চিষ্টেম যোগান ধৰিছে।
 
অনুষ্ঠানটোৰ কিছু মুহূৰ্ত
 
চৰকাৰী বিষয়াবৰ্গৰ লগতে বহুকেইজন কাৰ্যবাহী সদস্য আৰু পাৰিষদ উপস্থিত থকা এই অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য গাৰ্লোছাই জিলাখনৰ বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে।
 
তেওঁ জিলাখনৰ প্ৰাকৃতিক সম্পদৰ দীৰ্ঘম্যাদী সংৰক্ষণ সুনিশ্চিত কৰিবলৈ আৰণ্যকক জিলাখনত বিভিন্ন অধ্যয়ন আৰু সক্ষমতা বিকাশৰ কাম-কাজ হাতত ল’বলৈ উৎসাহিত কৰে। তেওঁ লগতে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পৰিষদে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও ব্যাখা কৰে।
 
আৰণ্যকৰ ড০ জয়ন্ত কুমাৰ শৰ্মা, ড০ ফিৰোজ আহমেদ আৰু ড০ দীপাংকৰ লহকৰে অংশগ্ৰহণ কৰা সভাখনত পূৱ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’ ইষ্ট) তুহিন লাংথাছা আৰু পশ্চিম সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’ ৱেষ্ট) টুনু লাংথাছাও  উপস্থিত থাকে।
 
এই উপলক্ষত গৱেষণা-চালিত সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত তোলা মূল বন্যপ্ৰাণীসমূহৰ কেইবাখনো ফটোও গাৰ্লোছাৰ হাতত অৰ্পণ কৰে। 
 
উল্লেখযোগ্য যে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু মূল বন্যপ্ৰাণীৰ লগতে বন সংৰক্ষণৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আৰণ্যকে আমেৰিকাৰ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছৰ সহযোগত কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰৰ লগতে ডিমা হাছাও জিলাৰ বৃহৎ বনাঞ্চল সামৰি কাম কৰি আছে।
 
এই অধ্যয়নে বন সংৰক্ষণৰ অৱস্থা আৰু স্থানীয় জনগোষ্ঠীসমূহ প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল সেই বিষয়ে বুজাত সহায় কৰিব। ই জিলাখনৰ প্ৰাকৃতিক সম্পদসমূহৰ ভৱিষ্যত সংৰক্ষণ পৰিকল্পনাৰ লগতে খিলঞ্জীয়া জনগোষ্ঠীৰ জীৱিকাৰ সুযোগসমূহ বুজি পোৱাত অধিক সহায় কৰিব।
 
বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাত সহায়ৰ সমান্তৰালকৈ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল স্থানীয় লোকসকলৰ বাবে বহনক্ষম জীৱিকা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহায়ৰ বাবে আৰণ্যকে অসমৰ তিনিখন স্বায়ত্তশাসিত পৰিষদ ক্ৰমে বডোলেণ্ড, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে।