দেশৰ ১৭ টা বেংকত ৩৪,৬১৫ কোটি টকাৰ প্ৰৱঞ্চনা

Story by  atv | Posted by  [email protected] • 1 Years ago
দেশৰ ১৭ টা বেংকত ৩৪,৬১৫ কোটি টকাৰ প্ৰৱঞ্চনা
দেশৰ ১৭ টা বেংকত ৩৪,৬১৫ কোটি টকাৰ প্ৰৱঞ্চনা
নতুন দিল্লী
 
দেশত নীৰৱ মোডীতকৈও বৃহৎ বেংকিং প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে। কপিল আৰু ধীৰাজ বাধৱন মালিকানাধীন দেৱান হাউছিং এণ্ড ফাইনেন্স লিমিটেডে বেংক প্ৰৱঞ্চনাৰে ৩৪,৬১৫ কোটি টকা আত্মসাৎ কৰা বুলি চি বি আয়ে গোচৰ ৰুজু কৰাৰ এদিন পিচত আজি মুম্বাইৰ ১২ টা স্থানত বাধৱন ভাতৃৰ সম্পত্তিত তালাচী চলায়।
 
 
চি বি আইৰ বাবে এইটো এটা বৃহৎ প্ৰৱঞ্চনাৰ গোচৰ হিচাপে পৰিগণিত হৈছে। বাধৱান ভাতৃৰ মালিকানাধীন যি ১২ টা স্থানত চি বি আয়ে আজি তালাচী চলাইছিল, সেই আটাইবোৰ দুয়োৰে কাৰ্যালয় আৰু বাসগৃহ হিচাপে ব্যৱহৃত হৈছিল।