নতুন দিল্লী
অহা ৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব জি-২০ শীৰ্ষ সন্মিলন। বিশ্বৰ ২০খন আগশাৰীৰ অৰ্থনীতিৰ দেশৰ নেতাসকলে এই সন্মিলনত ডিজিটেল ৰূপান্তৰ, জলবায়ু বিত্তীয় সাহায্য, বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি), আৰু খাদ্য সুৰক্ষাকে ধৰি কেইবাটাও মূল গোলকীয় বিষয়ৰ ওপৰত আলোচনা আৰু সমাধানসূত্ৰ বিচাৰিব।
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলৰ তালিকা তলত আগবঢ়োৱা হ’লঃ
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনঃ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৭ ছেপ্টেম্বৰত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। দুদিনীয়া শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি হোৱাইট হাউছে ঘোষণা কৰিছে।
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন
শনিবাৰ আৰু দেওবাৰে ৰাষ্ট্ৰপতি বাইডেনে জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ আৰু জি-২০ৰ অন্যান্য অংশীদাৰসকলে একাধিক বিষয়, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ সামৰ্থ্য বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব।
শেহতীয়া খবৰ অনুসৰি আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে যদিও ৰাষ্ট্ৰপতি বাইডেনৰ ক’ভিড-১৯ ফলাফল নিগেটিভ আহিছে। ফলত তেওঁ ভাৰতলৈ অহাটো নিশ্চিত হৈছে।
চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াংঃ জি-২০ শীৰ্ষ সন্মিলনত চীনৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব দেশখনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে। এইবাৰ দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে। ২০০৮ চনৰ প্ৰথম সংস্কৰণৰ জি-২০ সন্মিলনৰ পিছত প্ৰথমবাৰৰ চীনৰ কোনো ৰাষ্ট্ৰপতিয়ে বিশ্বৰ এই আগশাৰীৰ সন্মিলনত অংশগ্ৰহণ নকৰিব। ২০২০ আৰু ২০২১ৰ ক’ভিড-১৯ মহামাৰীৰ সময়ত ঝি জিনপিঙে ভাৰ্চুৱেলভাৱে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকঃ ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে আয়োজিত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ঋষি সুনকে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ'ব।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজঃ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ব্যক্তিগতভাৱে উপস্থিত থকাটো নিশ্চিত কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভাৰত ভ্ৰমণ তিনিখন দেশ ভ্ৰমণৰ অংশ হ’ব। এই ভ্ৰমণত তেওঁ ইণ্ডোনেছিয়া আৰু ফিলিপাইনছো ভ্ৰমণ কৰিব। জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে আলবানিজে ভাৰত প্ৰশান্ত মহাসাগৰৰ প্ৰতি অষ্ট্ৰেলিয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে "বিকাশ আৰু সমৃদ্ধি, স্থিৰতা আৰু সাৰ্বভৌমত্ব আৰু স্থায়ী শান্তিৰ প্ৰতি সন্মান" বৃদ্ধি কৰা হয়।
চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াং, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ (বাওঁফালৰ পৰা)
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোঃ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো শনিবাৰ আৰু দেওবাৰে জি-২০ সন্মিলনৰ বাবে নতুন দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে আছিয়ান সন্মিলনত অংশগ্ৰহণৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব।
জাৰ্মান চ্যান্সেলৰ অলাফ শ্ব’লজঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত উপস্থিতি নিশ্চিত কৰিছে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্ব’লজে। ভাৰত ভ্ৰমণৰ পূৰ্বে তেওঁ জাৰ্মান ৰেডিঅ’ ষ্টেচন ডয়চলেণ্ডফাংকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে ৰাছিয়া আৰু চীন ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ অনুপস্থিতিৰ পিছতো জি-২০ শীৰ্ষ সন্মিলনৰ গুৰুত্ব কেতিয়াও হ্ৰাস নাপায়।
জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাঃ নতুন দিল্লীত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা। তেওঁ ইউক্ৰেইন যুদ্ধক লৈ ৰাছিয়াৰ সমালোচনাৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে।
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, জাৰ্মান চ্যান্সেলৰ অলাফ শ্ব’লজ, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা (বাওঁফালৰ পৰা)
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-য়েওঃ দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত নিজৰ উপস্থিতি নিশ্চিত কৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-য়েওৱে। তেওঁ উত্তৰ কোৰিয়াৰ পৰা নিতৌ লাভ কৰি থকা ক্ষেপণাস্ত্ৰ প্ৰৰোচনা আৰু পাৰমাণৱিক ভাবুকিৰ বিষয়ে বিশ্বৰ নেতাসকলৰ সন্মুখত আলোকপাত কৰাৰ সম্ভাৱনা আছে।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনঃ ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হৈ একাধিক বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।
ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত মহম্মদ বিন ছলমানে অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও আনুষ্ঠানিক বিবৃতিৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক-য়েও, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান (বাওঁফালৰ পৰা)
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাঃ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই। গতিকে, তেওঁ দিল্লী শীৰ্ষ সন্মিলনত উপস্থিত থকাটো একপ্ৰকাৰ নিশ্চিত।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অংশগ্ৰহণ কৰিব। ভাৰতে পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ হৈছে অন্যতম।
তুৰ্কীৰ ৰাষ্ট্ৰপতি টাইপ এৰদোগানঃ জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ সাজু হৈছে টাইয়িপ এৰদোগানে। এই সন্মিলনত তেওঁ জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন গোলকীয় বিষয়ৰ ওপৰত আলোচনা কৰিব।
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, তুৰ্কীৰ ৰাষ্ট্ৰপতি টাইপ এৰদোগান (বাওঁফালৰ পৰা)
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত উপস্থিত থাকিব বুলি নিশ্চয়তা দিছে আলবাৰ্টো ফাৰ্নাণ্ডেজে।
নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুঃ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৱে দেশখনত বিদেশী বিনিয়োগক প্ৰসাৰিত কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব পুঁজি সংগঠিত কৰাৰ লক্ষ্যৰে জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।
সন্মিলনৰ পৰা নাম প্ৰত্যাহাৰ কৰা বিশ্ব নেতাসমূহঃ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বছৰ জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত নাথাকিব। ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে ইউক্ৰেইনত আক্ৰমণৰ অভিযোগ উত্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে, যিটো ক্ৰেমলিনে তীব্ৰভাৱে অস্বীকাৰ কৰিছে। এই অভিযোগৰ বাবে বিদেশ ভ্ৰমণৰ সময়ত পুটিনক গ্ৰেপ্তাৰৰ আশংকা আছে। সেয়ে, নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ জি-২০ শীৰ্ষ সন্মিলনত পুটিনৰ পৰিৱৰ্তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে দেশখনক প্ৰতিনিধিত্ব কৰিব।
আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজ,নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবু, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন (বাওঁফালৰ পৰা)
ইউৰোপীয় সংঘৰ নেতাসকলঃ ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন আৰু ইউৰোপীয় সংঘৰ সভাপতি চাৰ্লছ মিচেলে এতিয়াও জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব নে নাই, সেয়া নিশ্চিত কৰা নাই।
মেক্সিক’ৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ ওব্ৰাডৰঃ মেক্সিক’ৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ ওব্ৰাডৰে এই বছৰ জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব নোৱাৰে বুলি ভাৰতক জানিবলৈ দিছে।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিঃ জি-২০ সন্মিলনত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ উপস্থিতি এতিয়াও অনিশ্চিত হৈ আছে।
ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন, মেক্সিক’ৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ ওব্ৰাডৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডো (বাওঁফালৰ পৰা)
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোঃ এই সন্মিলনত উপস্থিতি নিশ্চিত নকৰা জি-২০ৰ আন এজন নেতা হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডো।