লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীক শীতকালীন সামগ্ৰী উপহাৰ

Story by  atv | Posted by  Munni Begum • 4 Months ago
বনকৰ্মীক শীতকালীন সামগ্ৰী উপহাৰ
বনকৰ্মীক শীতকালীন সামগ্ৰী উপহাৰ
 
গুৱাহাটী
 
বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু বাসস্থানৰ প্ৰতি থকা দৃঢ় দায়বদ্ধতাৰ নিদৰ্শন পুনৰ দাঙি ধৰি অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে আন্তঃৰাষ্ট্ৰীয় গঁড় ফাউণ্ডেশ্যনৰ সহযোগত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত ফ্ৰণ্টলাইন বন কৰ্মীসকলৰ বাবে ২০০ টা চুৱেটাৰ, ২০০ টা ঊণৰ টুপি আৰু চাৰিটা লাইফ জেকেট নগাঁও বন্যপ্ৰাণী সংমণ্ডলক উপহাৰ দিয়ে। 
 
বন্যপ্ৰাণী অভয়াৰণ্যখনত বুধবাৰে আয়োজিত এক অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া তথা আই আৰ এফৰ এছিয়ান গঁড় বিষয়ৰ জ্যেষ্ঠ উপদেষ্টা ড০ বিভৱ কুমাৰ তালুকদাৰে নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়া জয়ন্ত ডেকাক সামগ্ৰীবোৰ অৰ্পণ কৰে। 
 
এই অনুষ্ঠানত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বন ৰেঞ্জ বিষয়াদ্বয়, আৰণ্যকৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য তথা প্ৰখ্যাত সংৰক্ষণবিদ কৌশিক বৰুৱা, ডব্লিউ ডব্লিউ এফৰ অনুপম শৰ্মা, আই আৰ ভিৰ ২০২০ৰ সৈতে জড়িত  স্থানীয় বন্যপ্ৰাণী অনুৰাগী ড: সমৰজিৎ ওজা, লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে জড়িত বন্যপ্ৰাণী প্ৰেমী ব্যক্তি দিলৱাৰ হুছেইন উপস্থিত থাকে। 
 
জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে চলোৱা এক বৃহৎ উচ্ছেদ অভিযানৰ জৰিয়তে শেহতীয়াকৈ বেদখলমুক্ত কৰা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা ওলাই যোৱা এটা খৰ্গযুক্ত দুটা গঁড়কে ধৰি লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাত নিয়োজিত ক্ষেত্ৰ বন কৰ্মচাৰীসকলৰ বাবে শীতকালত এই সামগ্ৰীবোৰ অতি উপযোগী হ’ব। 
 
এই ক্ষেত্ৰ সামগ্ৰীবোৰ বিতৰণৰ পূৰ্বে অনুষ্ঠিত এখন ৰাজহুৱা সভাত অতিৰিক্ত উপ আয়ুক্ত, স্থানীয় বিশিষ্ট ব্যক্তি, গাঁওবাসী, সংমাণ্ডলিক বন বিষয়া জয়ন্ত ডেকা, দুই ৰেঞ্জ বিষয়াকে ধৰি বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আৰণ্যকৰ প্ৰতিনিধি ড০ বিভৱ কুমাৰ তালুকদাৰ আদি ব্যক্তিসকল উপস্থিত থাকে। লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ এটা খৰ্গযুক্ত গঁড়ৰ প্ৰস্তাৱিত স্থানান্তৰকৰণ বাবে জনসমৰ্থন আদায় কৰাৰ উদ্দেশ্যে সভাখন অনুস্থিত কৰা হৈছিল। 
 
ড০ বিভৱ কুমাৰ তালুকদাৰে কয়, “লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ এটা খৰ্গযুক্ত গঁড় ঘূৰাই অনাৰ বাবে অব্যাহত থকা প্ৰচেষ্টাৰ প্ৰতি স্থানীয় লোকসকলৰ সমৰ্থন দেখি মন পুলকিত হৈ উঠিছে।”