নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত দীপাৱলী আৰু বিজয়া দশমীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডি এ) ৩ শতাংশলৈ বৃদ্ধিৰ অনুমোদন জনোৱা হয়। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অশ্বিনী বৈষ্ণৱে সদৰী কৰে যে, কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩% মৰগীয়া বানচ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।
মৰগীয়া বানচ ৩% বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ এই ভাট্টা ৫৫% ৰ পৰা ৫৮% লৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব। চৰকাৰে বছৰত দুবাৰকৈ মৰগীয়া বানচৰ সংশোধন কৰে।
ডি এৰ অৰ্থ হৈছে ডিয়াৰনেছ এলাৱেন্স, আনহাতে ডি আৰ হৈছে ডিয়াৰনেছ ৰিলিফ ৷ ডি এ আৰু ডি আৰ চৰকাৰী দৰমহা আৰু পেঞ্চনৰ এক গুৰুত্বপূৰ্ণ অংশ। যাৰ উদ্দেশ্য হৈছে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ হ্ৰাস কৰা আৰু ক্ৰয় ক্ষমতা বজাই ৰখা।
চৰকাৰে বছৰত দুবাৰকৈ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত সেয়া পুনৰীক্ষণ কৰে। চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে ডি এ আৰু ডি আৰ ২ শতাংশ বৃদ্ধি কৰিছিল, যিটো ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।