NIA, NDRF, BPRD ৰ নতুন মুৰব্বী নিযুক্তিৰ চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰো (বি পি আৰ ডি)ৰ নতুন মুৰব্বী নিযুক্তিত অনুমোদন জনায়।
 
মহাৰাষ্ট্ৰৰ কেডাৰ বিষয়া সদানন্দ বসন্ত ডেটক এন আই এৰ নতুন মুৰব্বী, পীয়ুষ আনন্দক এন ডি আৰ এফৰ ডি জি আৰু ৰাজীৱ কুমাৰ শৰ্মাক বি পি আৰ ডিৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। ডেট আৰু শৰ্মা ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ ১৯৯০ বেটচৰ হোৱাৰ বিপৰীতে আনন্দ ১৯৯১ বেটচৰ আছিল।
 
মহাৰাষ্ট্ৰ কেডাৰৰ পৰা অহা ডেটে ২৬/১১ মুম্বাই আক্ৰমণৰ সময়ত জীৱন ৰক্ষা আৰু সন্ত্ৰাসবাদীক প্ৰতিহত কৰা ভূমিকাৰ বাবে প্ৰেচিডেণ্টছ মেডেল ফৰ গেলেণ্ট্ৰিৰে সন্মানিত হয়। বৰ্তমান ডেটে মহাৰাষ্ট্ৰ এণ্টি টেৰ'ৰিজম স্কোয়াডৰ নেতৃত্বত আছে।  
 
৩১ মাৰ্চত বৰ্তমানৰ তিনিজন প্ৰধান— এন আই এৰ দীনকৰ গুপ্তা, এন ডি আৰ এফৰ অতুল কাৰৱাল আৰু বি পি আৰ ডিৰ বালাজী শ্ৰীবাস্তৱৰ চুপাৰ এনুৱেশ্যনৰ পিছতে দায়িত্ব ল’ব তিনিওজন বিষয়াই। 
 
ইয়াৰ পূৰ্বে গুপ্তা পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি), কাৰ্ৱাল এছভিপি নেশ্যনেল পুলিচ একাডেমীৰ সঞ্চালক আছিল আৰু ২০২১ চনত শ্ৰীবাস্তৱে প্ৰায় এমাহ ধৰি দিল্লী আৰক্ষী আয়ুক্তৰ অতিৰিক্ত দায়িত্বত আছিল। 
 
তিনিখন অপৰাধমূলক আইন কাৰ্যকৰী কৰাৰ পূৰ্বে বিপিআৰডিয়ে সমগ্ৰ দেশতে আৰক্ষী বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ লগতে সমগ্ৰ দেশৰ আৰক্ষী থানাসমূহক সংযোগ কৰা বেকএণ্ড চফটৱেৰ তৈয়াৰ কৰাৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে। 
 
তিনিওটা নিযুক্তিৰ উপৰিও ১৯৮৯ চনৰ বেটচৰ বিষয়া পি ভি ৰামাশাস্ত্ৰীক তেওঁৰ অভিভাৱক কেডাৰ - উত্তৰ প্ৰদেশলৈ ঘূৰাই পঠোৱাৰ বাবে গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱতো অনুমোদন জনায়। বৰ্তমান ৰামাশাস্ত্ৰী বি এছ এফৰ বিশেষ ডি জি (অপাৰেচন) হিচাপে কাম কৰি আছে।