হাতী-মানুহৰ সংঘাতত জৰ্জৰিত গাঁৱৰ মহিলাক পৰিপূৰক আয়ৰ বাবে হস্ততাঁতৰ প্ৰশিক্ষণ

Story by  atv | Posted by  Munni Begum • 9 Months ago
হাতী-মানুহৰ সংঘাতত জৰ্জৰিত গাঁৱৰ মহিলাক হস্ততাঁতৰ প্ৰশিক্ষণ আৰণ্যকৰ
হাতী-মানুহৰ সংঘাতত জৰ্জৰিত গাঁৱৰ মহিলাক হস্ততাঁতৰ প্ৰশিক্ষণ আৰণ্যকৰ
 
গুৱাহাটী
 
হাতী-মানুহৰ সংঘাতে প্ৰভাৱিত কৰা গাৱঁৰ মহিলাসকলক এই সংঘাতৰ ফলত হোৱা লোকচান জোৰা মৰাত সহায় কৰিবলৈ বিকল্প জীৱিকাৰ ব্যৱস্থা কৰিছে আৰণ্যকে। ভাৰতৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগ আৰু ডাৰউইনৰ ইনিচিয়েটিভৰ সমৰ্থনত এনে সংঘাতৰ ফলত প্ৰভাৱিত গাঁৱৰ স্থানীয় মহিলাসকলৰ বাবে দুদিনীয়া হস্ততাঁত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে।       
 
হস্ততাঁত কৌশলৰ দৰে দক্ষতাৰ প্ৰশিক্ষণে মহিলাসকলক হাতী-মানুহৰ সংঘাতত জৰ্জৰিত অঞ্চলত বহনক্ষম হৈ নথকা ধান খেতি, উদ্যান শস্য আদিৰ দৰে পৰম্পৰাগত জীৱিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব পাৰে। বহনক্ষম বিকল্প জীৱিকাৰ উপলব্ধতাই বন্য হাতীৰ সৈতে সহাৱস্থানক উদগনি যোগোৱাৰ লগতে স্থানীয় লোকৰ হিত সাধন কৰাৰ ওপৰিও জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দিশত অৰিহণা যোগায় বুলি আৰণ্যকে এক বিবৃতিত উল্লেখ কৰিছে।  
 
হস্ততাঁতৰ প্ৰশিক্ষণৰ অন্তত মহিলাসকলক কপাহী সূতা প্ৰদান কৰা এক দৃশ্য
 
হাতী-মানুহৰ সংঘাতে বিস্তৰ ক্ষতি সাধন কৰা যোৰহাট জিলাৰ শগুণপৰা গাঁৱত অলপতে আৰণ্যকৰ উদ্যোগত প্ৰশিক্ষণ কৰ্মশালাখন অনুষ্ঠিত হয়। এই কৰ্মশালাত অংশগ্ৰহণ কৰা বৃদ্ধা জ্যোস্না টায়েই কয়, "দুদিনীয়া প্ৰশিক্ষণৰ সময়ছোৱাত আমি হস্ততাঁত সম্পৰ্কীয় বহু কৌশল শিকিলোঁ। এই প্ৰশিক্ষণে মোক হস্ততাঁতক বিকল্প জীৱিকা হিচাপে লোৱাৰ বিষয়টো গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। আমাৰ অঞ্চলত বনৰীয়া হাতীয়ে আমাৰ জীৱিকাৰ মৌলিক আৰু প্ৰাথমিক উৎস শস্যৰ ব্যাপক ক্ষতি কৰিছে।"
 
যোৱা ২০ আৰু ২১ জুলাইত হাতীশাল গাঁৱত এনে আন এখন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। মানৱ-হাতী সংঘাতত ক্ষতিগ্ৰস্ত যোৰহাটৰ আন এখন গাওঁ বেজৰছিঙাৰ এগৰাকী আদবয়সীয়া মহিলা নবনীতা কলিতাই হস্ততাঁত চলোৱাৰ প্ৰশিক্ষণৰ অভিজ্ঞতা আৰু উপযোগিতাক লৈ সুখানুভূতি প্ৰকাশ কৰিছে আৰু এই প্ৰশিক্ষণে তেওঁক উপাৰ্জনত সহায় কৰিব বুলি আশা কৰিছে। 
 
আৰণ্যকে মহিলাসকলক প্ৰদান কৰা হস্ততাঁত প্ৰশিক্ষণৰ এক মূহুৰ্ত
 
আৰণ্যকৰ বিষয়ববীয়া জাকিৰ ইছলাম বৰাই কয়, "শগুনপৰা গাঁৱত অনুষ্ঠিত কৰ্মশালাত মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলৰ ত্ৰিশ গৰাকীৰো অধিক মহিলা আৰু হাতীশাল আৰু বেজৰছিঙা গাঁৱৰ মহিলাসকলৰ বাবে হাতীশাল গাঁৱৰ সমূহীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাত পঁচিশ গৰাকীৰো অধিক মহিলাই অংশগ্ৰহণ কৰিছে। অঞ্চলটোৰ এজন সুপৰিচিত হস্ততাঁত বিশেষজ্ঞ নন্দেশ্বৰ ডেকাই অংশগ্ৰহণকাৰীসকলক হস্ততাঁত ব্যৱহাৰৰ বিষয়ে বিতংভাৱে শিকায়।"
 
গাঁও চেম্পিয়ন সুনীল টায়ে, মাখন কলিতা, আৰু সবিতা মাল্লাৰ সহযোগত আৰণ্যকৰ জ্যেষ্ঠ বিষয়ববীয়া নিৰঞ্জন ভূঞাই প্ৰশিক্ষণ কৰ্মশালাসমূহ পৰিচালনা কৰে। আৰণ্যকৰ আন আন বিষয়ববীয়া বিদিশা বৰা, ৰিম্পী মৰাণ, অনন্ত দত্ত, লক্ষ্মীনাথ টাইদ, চিৰঞ্জীৱ কলিতা, আফ্ৰিদ ৰহমান আৰু জিয়াউৰ ৰহমানে প্ৰশিক্ষণ সফলকাম হোৱাত সহায় কৰে। 
 
হস্ততাঁতৰ প্ৰশিক্ষণৰ অন্তত মহিলাসকলক প্ৰদান কৰা  কপাহী সূতা
 
আৰণ্যকে মানুহ-হাতী সংঘাতত ক্ষতিগ্ৰস্ত মহিলাসকলৰ বাবে ইতিমধ্যে এলানি ধাৰাবাহিকভাৱে বয়ন প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰিছে । মাজুলীৰ হালধিবাৰী গাঁৱত ২৩ জুলাইত ১৭ গৰাকী মহিলাই আৰু গজেৰা আৰু জাৱৰচুক কাঠনীত ২৪ জুলাইত ৩২ গৰাকী মহিলাই বয়ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ কোঁৱৰবাম আৰু তাঁতী পথাৰত ক্ৰমে ২০ আৰু ১৩ গৰাকী মহিলাক বয়ন দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে ।
 
শিৱসাগৰত ৩০ আৰু ৩১ জুলাইত আয়োজন কৰা বয়ন প্ৰশিক্ষণত ক্ৰমে ২৩ আৰু ৩০ গৰাকী মহিলাক প্ৰশিক্ষণ দিয়া হৈছিল। প্ৰশিক্ষণৰ শেষত প্ৰতিগৰাকী মহিলাক ৫ কিলোগ্ৰাম কপাহী সূতা প্ৰদান কৰা হয়।