অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাত ঐতিহাসিক মাইলৰ খুঁটি: ১০০ শতাংশ বৈদ্যুতিকৃত হ’ল ৰাজ্যৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক

Story by  atv | Posted by  [email protected] • 1 h ago
১০০ শতাংশ বৈদ্যুতিকৃত হ’ল ৰাজ্যৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক
১০০ শতাংশ বৈদ্যুতিকৃত হ’ল ৰাজ্যৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক
 
গুৱাহাটী
 
অসমৰ যাতায়াত আৰু যোগাযোগ খণ্ডৰ বাবে এক গৌৰৱোজ্জ্বল তথা ঐতিহাসিক মুহূৰ্ত। ৰাজ্যখনৰ ব্ৰডগজ ৰে’ল নেটৱৰ্কে এতিয়া ১০০ শতাংশ বৈদ্যুতিকৰণৰ এক অভূতপূৰ্ব মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ অত্যন্ত দুৰ্গম আৰু প্ৰত্যাহ্বানজনক হিচাপে বিবেচিত ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশৰ বৈদ্যুতিকৰণৰ কাম সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগে লগেই অসমে এই বিৰল কৃতিত্ব অৰ্জন কৰে।
 
সোমবাৰে নিশা সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আনন্দৰ খবৰটো দেশবাসীৰ লগতে ৰাজ্যবাসীক আনুষ্ঠানিকভাৱে অৱগত কৰে।
সামাজিক মাধ্যম 'এক্স'ত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক বিশেষ পোষ্ট কৰি কয়, "অসমৰ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত। অতিশয় কঠিন বুলি বিবেচিত ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশৰ বৈদ্যুতিকৰণ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগেই ৰাজ্যখনে ৰে’ল বৈদ্যুতিকৰণৰ এই দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে।"
 
আনহাতে, কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীৰ এই ঐতিহাসিক ঘোষণাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাটত অনুষ্ঠিত হৈ থকা জিলা আয়ুক্তসকলৰ এক গুৰুত্বপূৰ্ণ সন্মিলনত ব্যস্ত আছিল। কিন্তু ৰাজ্যৰ বাবে অহা এই সু-খবৰটো লাভ কৰাৰ লগে লগে তেওঁ সন্মিলনৰ মাজতেই সামাজিক মাধ্যমত পোষ্ট কৰি জনসাধাৰণক এই বিষয়ে অৱগত কৰে। অত্যন্ত উৎফুল্লিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ পোষ্টটোৰ আৰম্ভণিতে লিখে, "যোৰহাটত জিলা আয়ুক্তৰ সন্মিলনত ব্যস্ত থকাৰ মাজতে হঠাৎ আহিল অসমৰ বাবে এটি মন জুৰোৱা বাতৰি। ভাবিলোঁ আপোনালোকৰ সৈতেও ভগাই লওঁ।"
 
এই সাফল্যৰ কথা বৰ্ণনা কৰি তেওঁ লগতে কয়, "অসমৰ ৰে’ল নেটৱৰ্ক এতিয়া সম্পূৰ্ণ ১০০% বৈদ্যুতিকৃত। উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূখণ্ড অতিক্ৰম কৰি যোৱা ১৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগেই অসমে ৰে’ল বৈদ্যুতিকৰণৰ যাত্ৰাত এই ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে।"

অসমৰ যাতায়াত ব্যৱস্থাৰ এই ৰূপান্তৰৰ আঁৰৰ প্ৰেক্ষাপট সুঁৱৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যি অসমত ২০১৪ চনৰ পূৰ্বে বহু অঞ্চল ব্ৰডগজ ৰে’ল নেটৱৰ্কৰ সৈতেও সংযুক্ত নাছিল, সেই একেখন অসমে আজি অৰ্জন কৰা এই অভূতপূৰ্ব সমৃদ্ধি নিশ্চিতকৈ এক উল্লেখনীয় বিষয়। এই ঐতিহাসিক ৰূপান্তৰ সম্ভৱ হৈছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে, যিয়ে অসমক দেশৰ অন্যান্য উন্নত ৰাজ্যসমূহৰ সৈতে সমানে আগবঢ়াই নিয়াৰ বাবে নিৰন্তৰে কাম কৰি আহিছে।"
 
মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ আৰু কঠিন অভিযান সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ লগতে ২০১৪ চনৰ পৰা বিভিন্ন সময়ত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ দায়িত্বত থাকি এই বৈদ্যুতিকৰণ অভিযানক এক সুস্থিৰ আৰু দ্ৰুত গতি প্ৰদান কৰা প্ৰাক্তন ৰে'ল মন্ত্ৰী পীযুষ গোৱেল আৰু সুৰেশ প্ৰভুলৈও তেওঁ সমগ্ৰ ৰাজ্যবাসীৰ হৈ অন্তৰৰ পৰা কৃতজ্ঞতা নিবেদন কৰে।